Assam Budget : পেঞ্চন আঁচনিৰ পৰা চিকিৎসা সুবিধালৈ… চৰকাৰী কৰ্মচাৰীৰ বাবে বাজেটত আছে বহু ভাল খবৰ…
২০০৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নিয়মীয়া কৰ্মচাৰীসকলক পেঞ্চন পুঁজি নিয়ন্ত্রক আৰু উন্নয়ন কর্তৃপক্ষৰ চুক্তি অনুসৰি নতুন পেঞ্চন আঁচনিৰ (NPS) তহবিলত জমা হোৱা চৰকাৰৰ বৰঙণিৰ অংশ ওভতাই দিয়াৰ চৰ্তত পুৰণি পেঞ্চন আঁচনিৰ (OPS) সুবিধা প্ৰদানৰ কথা বিবেচনা কৰিব। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা নীতি-নিৰ্দেশনা অনুসৰণ কৰিব ৰাজ্য চৰকাৰে।

অসম বাজেট
১০ মাৰ্চত অসম বিধানসভাত ২০২৫-২৬ বৰ্ষৰ বাজেট দাখিল কৰিলে অজন্তা নেওগে। ৰাজ্যবাসীৰ বাবে বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেটত ঘোষণা কৰিলে একাধিক আঁচনি । শিক্ষাৰ্থীৰ পৰা মহিলালৈ, সকলোকে সামৰি লোৱা হৈছে এই বাজেটত। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবেও বাজেটে আনিছে ভাল খবৰ। চৰকাৰী কৰ্মচাৰীৰ বাবে বাজেটত বৃহৎ ঘোষণা কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে।
- ২০০৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নিয়মীয়া কৰ্মচাৰীসকলক পেঞ্চন পুঁজি নিয়ন্ত্রক আৰু উন্নয়ন কর্তৃপক্ষৰ চুক্তি অনুসৰি নতুন পেঞ্চন আঁচনিৰ (NPS) তহবিলত জমা হোৱা চৰকাৰৰ বৰঙণিৰ অংশ ওভতাই দিয়াৰ চৰ্তত পুৰণি পেঞ্চন আঁচনিৰ (OPS) সুবিধা প্ৰদানৰ কথা বিবেচনা কৰিব। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা নীতি-নিৰ্দেশনা অনুসৰণ কৰিব ৰাজ্য চৰকাৰে।
- নতুন পেঞ্চন আঁচনিয়ে সামৰি লোৱা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ একীকৃত পেঞ্চন আঁচনিৰ (UPS) সুবিধা আগবঢ়োৱা হ’ব। ইয়াৰ দ্বাৰা ২.৮ লাখ কৰ্মচাৰী উপকৃত হ’ব, যদিও নতুন পেঞ্চন আঁচনি অব্যাহত ৰাখিব বিচৰাসকলে ৰাখিব পাৰিব।
- আয়ুষ্মান অসম-মুখ্যমন্ত্রী লোকসেৱক আৰোগ্য যোজনাৰ (AA-MMLSAY) অধীনত কেন্দ্ৰীয় চৰকাৰ স্বাস্থ্য আঁচনিৰ (CGHS) হাৰত ৰাজ্য চৰকাৰৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল, অসম কেঞ্চাৰ, কেয়াৰ ফাউণ্ডেচন/কেন্দ্ৰ আৰু বি বৰুৱা কৰ্কট প্রতিষ্ঠানত চৰকাৰে নগদবিহীন চিকিৎসা সুবিধা প্ৰৱৰ্তন কৰিব। তদুপৰি ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী, নির্দিষ্ট বেতন লাভ কৰা মাষ্টাৰ ৰোল আৰু ৱৰ্ক-চার্জড কৰ্মচাৰীসকল আৰু ৬০ বছৰ বয়সলৈ অধিসূচিত ঠিকাভিত্তিক কৰ্মচাৰীসকলকো সংশ্লিষ্ট সমিতিয়ে নির্ধাৰণ কৰা চৰ্ত অনুসৰি সামৰি লোৱা হ’ব।
- জনস্বাস্থ্য আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত আশাকর্মী, পি এম পোষণৰ ৰান্ধনী, অঙ্গনবাড়ী কর্মী আৰু সহায়িকাসকলে আগবঢ়োৱা মূল্যৱান অৰিহণাৰ প্ৰতি স্বীকৃতি প্রদান কৰি ২০২৫ চনৰ ১ অক্টোবৰৰ পৰা তেওঁলোকৰ পাৰিতোষিক/চৰকাৰী ভাত্তা সংশোধন কৰাৰ লগতে এককালীন সাহায্য প্রদানৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হয়।
- নির্দিষ্ট বেতন লাভ কৰা মাষ্টাৰৰোল আৰু ৱৰ্ক-চার্জড কৰ্মচাৰীসকলক চৰকাৰে যোগ্য ঘৰ ভাৰা ভাত্তা (HRA)ৰ ৫০ শতাংশ প্রদান কৰিব।
- প্রধানমন্ত্রী সূৰ্য ঘৰ মুফ্ট বিজলি যোজনা’ৰ প্ৰতি উৎসাহিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক প্রতি কিলোৱাটত ২,০০০ টকাকৈ সর্বোচ্চ ৩ কিলোৱাটত ৬,০০০ টকা পর্যন্ত ৰাজ সাহায্য প্রদান কৰা হ’ব। এই সুবিধা ঘৰৰ চালত সৌৰ শক্তিচালিত বিদ্যুৎ আহৰণ ব্যৱস্থা সংস্থাপন কৰা ৫০,০০০ কৰ্মচাৰীক প্রথমে অহাসকলক প্রথম সেৱা ভিত্তিত উপকৃত কৰিব।
- ‘আপোন ঘৰ’ আঁচনিৰ অধীনত ৪০,০৫৪ জন কৰ্মচাৰী আৰু ‘আপোন বাহন’ৰ অধীনত ৩,১৯০ জন কৰ্মচাৰীয়ে সুদৰ হাৰ ৰেহাইৰ সুবিধা লাভ কৰি আছে। ২০২৫-২৬ বিত্তীয় বৰ্ষতো আঁচনিখন অব্যাহত ৰাখি এই সুবিধা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী আৰু ৬০ বছৰ বয়সলৈকে অধিসূচিত ঠিকাভিত্তিক কৰ্মচাৰী সকললৈকো সম্প্ৰসাৰণ কৰা হ’ব।
- শূন্য ব্যয় দুর্ঘটনা আৰু মৃত্যু বীমা (Zero Cost Accident & Death Insurance)ৰ সুবিধা ঠিকাভিত্তিক আৰু ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানৰ সেইসকল কৰ্মচাৰীলৈকো সম্প্ৰসাৰিত কৰা হ’ব,
যিসকলে তালিকাভুক্ত বাণিজ্যিক বেংকৰ পৰা দৰমহা লৈ আছে। - চৰকাৰী কৰ্মচাৰীসকলক গ্ৰন্থ ক্ৰয়ৰ বাবে ১০০০ চকাকৈ অতিৰিক্ত এককালীন অনুদান আগবঢ়োৱা হ’ব।