আজৱ ঘটনা! বিধানসভাত শাসকীয় পক্ষই কিয় আনিলে সভাস্থগিতৰ প্ৰস্তাৱ?
আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয়টো দিন। এই দিনটোতে বিজেপিয়ে আনিলে সভা স্থগিত ৰখাৰ প্ৰস্তাৱ। সমান্তৰালকৈ কংগ্ৰেছে সভা স্থগিতৰ প্ৰস্তাৱ ৰাখে।

বিধানসভা
আজি আছিল বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিন। দ্বিতীয় দিনটোত অসম বিধানসভা সংঘটিত হ’’ল আজৱ ঘটনা। শাসকীয় বিজেপিয়ে APSC কেলেংকাৰীৰ সন্দৰ্ভত বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ ওপৰত আলোচনা বিচাৰি সভাস্থগিত ৰখাৰ প্ৰস্তাৱ আগবঢ়ায়। ইয়াৰ বিপৰীতে বিৰোধী কংগ্ৰেছে ছেণ্ডিকেটৰ ওপৰত সভাস্থগিত প্ৰস্তাৱ আনি আলোচনা বিচাৰে।
বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ আসনৰ সন্মুখলৈ উঠি গৈ বিজেপিয় সভা স্থগিত কৰাৰ দাবী তোলে। ইয়াৰ পাছত বিৰোধী দল কংগ্ৰেছও অধ্যক্ষৰ আসনৰ ওচৰত গৈ নিজৰ দাবী সভা। সভাস্থগিত প্ৰস্তাৱ আনি শাসক-বিৰোধীয়ে বিধানসভাৰ মজিয়াত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে যাৰ বাবে অধ্যক্ষই সভা স্থগিত কৰিবলৈ বাধ্য হয়।
এই সময়চোৱাত বিধানসভাৰ অধ্যক্ষই কয় যে, আজি কেৱল ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদমূলক আলোচন হ’ব। এতিয়া শূণ্যকালীন ঘন্টা। গতিকে বাকী বিষয়ত আলোচনা নহয়। আজি সভা স্থগিত নহয়।
এই সন্দৰ্ভত সন্দৰ্ভত সুশান্ত বৰগোহাঁয়ে কয় যে, বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন সন্দৰ্ভত আমি আলোচনা বিাচাৰিছিলো। কংগ্ৰেছে বিৰোধিতা কৰিছে। কোন দোষী, কোন নিৰ্দোষী আলোচনা হওক৷ কংগ্ৰেছে বিচৰা নাই আলোচনা। বিধায়ক মানৱ ডেকাই কয় যে, এ পি এছ চিৰ খলনায়ক চিনাক্ত হব লাহে। সেয়ে আমি আলোচনা বিচাৰি সভা স্থগিত কৰা বিচাৰিছো।
উল্লেখ্য যে, শাসক-বিধোৰীক হাহাকাৰময় পৰিস্থিতিৰ বাবে ৩ বাৰকৈ সদন স্থগিত ৰাখিবলগীয়া হয়।প্ৰথমবাৰ ১০ মিনিট, দ্বিতীয়বাৰ ১০ মিনিট আৰু তৃতীয়বাৰ ২০ মিনিটৰ বাবে স্থগিত হয় সদন। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, আলোচনা হ’ব লাগে। দুয়োটা বিষয়ৰ ওপৰত আলোচনা হ’ব লাগে। আমি বিচাৰো এ পি এছ চি কেলেংকাৰীৰ ওপৰত আলোচনা আৰু কংগ্ৰেছে বিচাৰে ছিণ্ডিকেটৰ ওপৰত আলোচনা। গতিকে এই বিষয়সমূহৰ ওপৰত আলোচনা হ’ব লাগে। বাকী সিদ্ধান্ত অধ্যক্ষৰ।
উল্লেখ্য যে, সোমবাৰে APSCৰ ২০১৩ আৰু ২০১৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা (CCE) পৰিচালনাত সংঘটিত অনিয়ম তদন্ত কৰা ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বি কে শৰ্মা আয়োগৰ প্ৰতিবেদন বিধানসভাত দাখিল কৰা হয় । প্ৰতিবেদনত ৰাকেশ পালক মাষ্টাৰ মাইণ্ড হিচাপে গণ্য কৰাৰ লগতে তৰুণ গগৈৰ কার্যকালত দুৰ্নীতিগ্ৰস্ত বিষয়াজনক নিযুক্তি প্রক্রিয়াক লৈয়ো প্রশ্ন উত্থাপন হৈছে । এই কেলেংকাৰীৰ লগত জড়িত থকাৰ অভিযোগত বৰ্তমানলৈ ৭০ জনৰো অধিকক গ্ৰেপ্তাৰ কৰা গৈছে।
বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল যে ২০১৩ চনত তৰুণ গগৈক সাক্ষাৎ কৰিছিল ৰাকেশ পালে। তাৰ পাছত প্ৰায়ে দামী দামী বস্তু পালে উপহাৰ দিছিল গগৈক। পৰৱৰ্তী সময়ত তদানীন্তন মুখ্যমন্ত্ৰীগৰাকীয়ে APSCৰ স্থায়ী অধ্যক্ষ হিচাপে নিয়োগ কৰিছিল ৰাকেশ পালক। প্ৰতিবেদনত উল্লেখ আছে যে, ৰাকেশ পালে গৌৰৱ গগৈৰ পুত্ৰক বিয়াত সোণৰ অলংকাৰ উপহাৰ দিছিল। ইয়াৰোপৰি আৰু বিভিন্নগৰাকী নেতাৰ নাম উল্লেখ আছে এই প্ৰতিবেদনত।