5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam By Poll: অসম বিজেপিত অথন্তৰ! প্ৰাৰ্থিত্বক লৈ দল ত্যাগ প্ৰায় ৩০০ নেতা- কৰ্মীৰ

Assam: অসম বিধানসভাৰ উপ- নিৰ্বাচনৰ পূৰ্বে সমস্যাই দেখা দিছে ৰাজ্যিক বিজেপিত। ধলাই সমষ্টিত দেখা দিয়া প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতৰ বাবে ৩০০ৰো অধিক নেতা- কৰ্মীয়ে এৰিলে বিজেপি।

Assam By Poll: অসম বিজেপিত অথন্তৰ! প্ৰাৰ্থিত্বক লৈ দল ত্যাগ প্ৰায় ৩০০ নেতা- কৰ্মীৰ
বিজেপি ত্যাগ ৩০০
barasha-sarma
Barasha Sarma | Updated On: 21 Oct 2024 14:43 PM

অসম বিধানসভাৰ উপ- নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপিত অথন্তৰ। প্ৰাৰ্থিত্ব কেন্দ্ৰ কৰি সৃষ্টি হোৱা সমস্যাৰ মাজতে ধলাই বিজেপিত ফাঁট। অমিয় কান্তি দাসক প্ৰাৰ্থিত্ব প্ৰদান নকৰি বহিৰাগত নিহাৰ ৰঞ্জন দাসক বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পাছতে বিজেপিৰ প্ৰায় ৩০০ নেতা- কৰ্মীয়ে দল ত্যাগ কৰে। নিহাৰ ৰঞ্জন দাসক টিকট দিয়াৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰি দেওবাৰে এক সভা আয়োজন কৰি সামূহিকভাৱে বিজেপি ত্যাগ কৰে।

কেৱল ইমানেই নহয়,দলৰ পৰা টিকট লাভ নকৰা অমিয় কান্তি দাসক নিৰ্দলীয় হিচাপে প্ৰক্ষেপ কৰে নেতা- কৰ্মীয়ে। তেওঁলোকে কয় যে, ধলাইত নিহাৰ ৰঞ্জন দাসৰ প্ৰয়োজন নাই। বহিৰাগত হটাও, ধলাই বচাও, পৰিমল শুক্লবৈদ্যৰ সিদ্ধান্ত আমি গ্ৰহণ নকৰো আদি শ্লোগানেৰে বিজেপিৰ এই নেতা- কৰ্মীসকলে পৰিবেশ উত্তাল কৰি তোলে।

উল্লেখ্য যে, অহা ১৩ নৱেম্বৰত অসমৰ ৫ সমষ্টিৰ বাবে  বিধানসভাৰ উপ- নিৰ্বাচন অনুষ্ঠিত হ’ব। এই ৫ টা সমষ্টি- বিহালী, চামগুৰি, ছিদলী, বঙাইগাঁও আৰু ধলাই। এই ৫ সমষ্টিৰ ৩ টা সমষ্টিৰ বাবে বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে আন দুটা সমষ্টিত শাসকীয় পক্ষৰ মিত্ৰ দল ইউ পি পি এ আৰু অগপই প্ৰাৰ্থী আগবঢ়াব।

কিছুদিন পূৰ্বে বিজেপিয়ে ঘোষণা কৰা অনুসৰি অসমৰ বিধানসভা উপ- নিৰ্বাচনৰ বাবে বিহালীৰ বিজেপি হ’ব প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ,ধলাইৰ বিজেপিৰ প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাস আৰু চামগুৰি সমষ্টিৰ বাবে দিপ্লু ৰঞ্জন দাসক নিৰ্বাচন কৰা হৈছিল। আনহাতে বঙাইগাঁও সমষ্টিৰ বাবে অগপই ফনীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰীৰ নাম প্ৰক্ষেপ কৰিছে। তেনে অৱস্থাত এতিয়া ধলাই বিজেপিত দেখা দিছে সংকতে। উপ- নিৰ্বাচনৰ পূৰ্বে দলটোৰ বৃহৎ সংখ্যক নেতা- কৰ্মীৰ পদত্যাগ শুভ লক্ষণ নহয়। ই ভোট বিভাজন কৰিব বুলিও একাংশই আশংকা কৰিছে। অৱশ্যে পৰৱৰ্তী সময়ত দেখা যাব যাব যে ক’ৰ পানী ক’লৈ যায়।

ইয়াৰ বিপৰীতে অসমৰ ৪ সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে কংগ্ৰেছে। সেই অনুসৰি ধলাই সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ধ্ৰুৱজ্যোতি পুৰকায়স্থক, ছিদলীৰ পৰা সঞ্জীৱ বাৰ্লেক, বঙাইগাঁৱৰ পৰা ব্ৰজেনজিৎ সিনহা আৰু চামগুৰিৰ পৰা তানজিল হুচেইনক। কিন্তু বিহালীৰ বাবে প্ৰাৰ্থিত্ব ঘোষণা  নকৰিলে বিৰোধী দলে। এই সমষ্টিটোৰ ক্ষেত্ৰত কিছু জটিলতাৰ সৃষ্টি হৈছে অসম সন্মিলিত মঞ্চত।  বিধানসভাৰ উপ- নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। গতিকে কোনটো দলে কিমানখন আসন লাভ কৰে সেয়া সময়ত হ’ব লক্ষণীয়।

Latest News