ধৃতৰাষ্ট্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা! চামগুৰি কাণ্ডক গৰিহণা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ

উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি চামগুৰিত সংঘটিত ধাৰাবাহিক হিংসাত্মক কাৰ্যকলাপক লৈ বিজেপি-কংগ্ৰেছৰ মাজত চলিছে অভিযোগৰ বোকা ছটিওৱাৰ ৰাজনীতি। চামগুৰিৰ এই পৰিস্থিতিক লৈ শাসকীয় বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

ধৃতৰাষ্ট্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা! চামগুৰি কাণ্ডক গৰিহণা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ

আক্ৰমণাত্মক ভূপেন বৰা

Updated On: 

10 Nov 2024 19:48 PM

উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি চামগুৰিত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। চামগুৰিত এতিয়া কেৱল মৌখিক আক্ৰমণতে নহয়, এতিয়া শাৰীৰিক আক্ৰমণলৈয়ো পৰ্যবসিত হৈছে নিৰ্বাচনী প্ৰচাৰ। হিংসাত্মক ঘটনাই চামগুৰিৰ নিৰ্বাচনী ক্ষেত্ৰখনক বাৰুকৈয়ে জোকাৰি গৈছে। এফালে চামগুৰিত দলৰ হৈ প্ৰচাৰ চলোৱা বিজেপি বিধায়ক জিতু গোস্বামীৰ বাহনলৈ গুলী আৰু আনফালে আজি কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ বাহনত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। এনে ধাৰাবাহিক হিংসাত্মক কাৰ্যকলাপক লৈ বিজেপি-কংগ্ৰেছৰ মাজত চলিছে অভিযোগৰ বোকা ছটিওৱাৰ ৰাজনীতি।

চামগুৰিৰ এই পৰিস্থিতিক লৈ শাসকীয় বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে শাসকীয় বিজেপি চৰকাৰে অসমত শান্তিপূৰ্ণ গণতান্ত্ৰিক বাতাবৰণ বিনষ্ট কৰি ক্ষমতা দখলৰ অপচেষ্টা চলাইছে বুলি অভিযোগ কৰে। এক বিবৃতি যোগে ভূপেন বৰাই চামগুৰিত সংঘটিত শেহতীয়া কাৰ্যকলাপক তীব্ৰ গৰিহণা দিয়ে।

ভূপেন বৰাৰ দাবী, চামগুৰি বিধানসভা সমষ্টিত বিজেপিৰ একাংশ গুণ্ডা প্ৰকৃতিৰ লোকে কিছুদিনৰ পৰা কংগ্ৰেছৰ সমৰ্থকৰ ওপৰত আক্ৰমণ চলাই আহিছিল। আজি দিনৰ সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ ওপৰত শাৰীৰিক আক্ৰমণ চলোৱা বুলি অভিযোগ কৰি ভূপেন বৰাই লগতে এনে ঘটনাক গণতন্ত্ৰৰ ওপৰত কুঠাৰাঘাত বুলি মন্তব্য কৰে। তেওঁ লগতে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আইন-শৃংখলা নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ বুলি অভিযোগ কৰে।

কংগ্ৰেছ সভাপতিগৰাকীয়ে লগতে চামগুৰিত বৰ্তমান আৰক্ষীৰ অস্তিত্ব নোহোৱা হৈ পৰিছে বুলিও ক্ষোভ প্ৰকাশ কৰে। বিজেপি প্ৰাৰ্থীক জয়ী কৰোৱাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ আৰু প্ৰশাসনকো জড়িত কৰোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ভূপেন বৰাই আৰু দেশৰ সাংবিধানিক অধিকাৰৰ পৰা সাধাৰণ ৰাইজক বঞ্চিত কৰাৰ অধিকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাই বুলি মন্তব্য কৰে।

নিৰ্বাচনী হিংসা নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গণআন্দোলন গঢ়ি তোলা হ’ব বুলিও হুংকাৰ দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। ইফালে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই চামগুৰিৰ পৰিস্থিতিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন নকৰিবলৈ আহ্বান জনায়।

বেদব্ৰত বৰাৰ মতে, সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ ওপৰত আক্ৰমণ চলোৱা ঘটনাৰ গৰিহণা দিছে। কিন্তু একে সময়তে বিজেপিৰ সমৰ্থক তথা দুৰ্বৃত্তৰ গুলীত আহত হোৱা কংগ্ৰেছ কৰ্মীসকলৰ প্ৰতি মুখ্যমন্ত্ৰীগৰাকীয়ে সহমৰ্মিতা প্ৰকাশ কৰা নাই বুলিও বৰাই উল্লেখ কৰে।

“কংগ্ৰেছৰ বিধায়ক শিৱামণি বৰা, আফতাবুদ্দিন মোল্লা, আব্দুছ ছোৱাহনকে ধৰি কেবাজনো নেতা আৰু আজি চামগুৰি সমষ্টিৰ প্ৰাৰ্থী, মুখ্যমন্ত্ৰীৰ পুত্ৰসম তাঞ্জিল হুছেইনৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাক মুখ্যমন্ত্ৰীয়ে নেদেখাৰ ভাও ধৰিছে আৰু এয়া গণতন্ত্ৰৰ প্ৰতি এক ভেঙুচালি।”- এইদৰে কয় বেদব্ৰত বৰাই। তেওঁ লগতে মুখ্যমন্ত্ৰীয়ে সাংবিধানিক পদবীত থাকি একপক্ষীয় দৃষ্টিভংগীৰে সমঅধিকাৰৰ বিৰুদ্ধে থিয় দিয়া বুলিও অভিযোগ কৰে।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস