শোচনীয় পৰাজয়! বিজেপি বিৰোধী শক্তি একত্ৰিত কৰবিলৈ ঘৰে ঘৰে যাব ভূপেন বৰা…

বিৰোধী দলৰ নিৰ্লজ্জ পৰাজয়ৰ পাছত অখিল গগৈয়ে ইয়াৰ কাৰণ গৌৰৱ গগৈ বুলি কয়। তেওঁ কয় যে, “আমি অসম সন্মিলিত মৰ্চাই একেলগে নিৰ্বাচন খেলিলে ৪ টা বিধানসভা সমষ্টিত জিকিব পাৰিলোহেতেন। কিন্তু কংগ্ৰেছে ৫ টা সমষ্টিত জিকিব বুলি ঐক্য মঞ্চ ভাঙি দিছিল।

শোচনীয় পৰাজয়! বিজেপি বিৰোধী শক্তি একত্ৰিত কৰবিলৈ ঘৰে ঘৰে যাব ভূপেন বৰা...

ভূপেন বৰা

Published: 

24 Nov 2024 09:17 AM

লিলিত আকৌ সকলো বহিলে বিজেপি হিলিব- ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ উপ- নিৰ্বাচনত বিৰোধিৰ শোচনীয় পৰাজয়ৰ পাছতেই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মুখত পুনৰ হোটেল লিলিৰ প্ৰসংগ। তেওঁৰ মতে বিৰোধী একত্ৰিত হৈ হোটেল লিলিত বহিলেই বিজেপি পৰাজিত হ’ব। অৱশ্যে হোটেল লিলিৰ ঔৰসত বিৰোধী ঠন ধৰি উঠিবনে ধ্বংস হ’ব সেয়া সময়ে ক’ব। ভূপেন বৰাই কয় যে, আপোনালোকে চাই থাকক, লিলিত বহিলে বিজেপি হিলিব। এইবাৰ মই পোষ্টমৰ্টেম আৰম্ভ কৰিম।

বৰাই কয় যে, বিজেপি বিৰোধী দল, সংগঠন, ব্যক্তি আধি একত্ৰিত কৰিবলৈ তেওঁ সকলোৰে ঘৰে ঘৰে যাব। কোনো অহংকাৰ নোহোৱাকৈ ৰাইজৰ ওচৰলৈ যাব বুলি মন্তব্য কৰি বৰাই কয় যে,বিধানসভাৰ ৫ টা সমষ্টিৰ উপ- নিৰ্বাচনত কংগ্ৰেছে যথেষ্ঠ অভিজ্ঞতা লাভ কৰিছে আৰু চামগুৰিক বাদ দি আটাইকেইটা সমষ্টিতে বিজেপি বিৰোধী ভোট কংগ্ৰেছৰ সপক্ষে গৈছে। ভোটৰ হিচাপ দি বৰাই কয় যে, ধলাই সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীজনে লোকসভা নিৰ্বাচনৰ ভোটৰ ব্যৱধান ৪০ হাজাৰৰ পৰা ১০ হাজাৰলৈ কমাই আনিছে। একেদৰে বিহালীত কংগ্ৰেছপ সপক্ষে ৫০০০ ভোট বৃদ্ধি পাইছে। চিদলীতো কংগ্ৰেছৰ ভোট বৃদ্ধি হোৱাৰ লগতে অধিক শক্তিশালী হোৱা বুলি মন্তব্য কৰে তেওঁ।

ইয়াৰোপৰি বঙাইগাঁৱতো কংগ্ৰেছৰ সপক্ষে ৰাইজৰ সঁহাৰি ভাল বুলি উল্লেখ কৰি বৰাই কয় যে, চামগুৰিৰ পৰিস্থিতিয়ে অন্তৰত কিছু দুখ দিছে আৰু এই সমষ্টিত শাসকীয় দলে ৰিগিং কৰিছে। এই কথা গম পাইয়েই কংগ্ৰেছ দলে আগতীয়াকৈ দেশৰ মুখ্য নিৰ্বাচনী অয়ুক্তৰ লগতে ৰাজ্যিক নিৰ্বাচনী বিষয়া, জিলা নিৰ্বাচনী বিষয়া সকলোকে অভিযোগ দিছিল। চামগুৰি সমষ্টিৰ বিষয়ে পৰ্যালোচনা কৰা হ’ব বুলি বৰাই কয়। ইয়াৰোপৰি সাম্প্ৰাদায়িক ৰাজনীতি কৰিবলৈ গৈ ঝাৰখণ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ থেকেচা খোৱা বুলি উল্লেখ কৰি বৰাই কয় যে, শৰ্মা য’লৈকে গৈছে তাতে বিজেপি পৰাজয় হৈছে। মুখ্যমন্ত্ৰী শৰ্মাই পদৰ মৰ্দযা হানি কৰা বুলিও তেওঁ কয়।

ইয়াৰ বিপৰীতে ৰাজ্যৰ বিধানসভাৰ উপ- নিৰ্বাচনত বিৰোধী দলৰ নিৰ্লজ্জ পৰাজয়ৰ পাছত অখিল গগৈয়ে ইয়াৰ কাৰণ গৌৰৱ গগৈ বুলি কয়। তেওঁ কয় যে, “আমি অসম সন্মিলিত মৰ্চাই একেলগে নিৰ্বাচন খেলিলে ৪ টা বিধানসভা সমষ্টিত জিকিব পাৰিলোহেতেন। কিন্তু কংগ্ৰেছে ৫ টা সমষ্টিত জিকিব বুলি ঐক্য মঞ্চ ভাঙি দিছিল। কংগ্ৰেছৰ অহংকাৰ, ভিত্তিহীন স্থিতিৰ বাবে বিজেপিয়ে আজি অগ্ৰগতি লাভ কৰিছে। কংগ্ৰেছৰ ভিতৰুৱা সংঘাতৰ বাবে আজি ৫ খন আসনত বিজেপি জিকিল। গৌৰৱ গগৈৰ অহংকাৰৰ বাবে আজি বিজেপি জিকিল। গতিকে বিজেপিক হৰুৱাবলৈ কংগ্ৰেছে অহংকাৰ ত্যাগ কৰিব লাগিব আৰু বিৰোধী একলগ হ’ব লাগিব। কংগ্ৰেছে নিজকে অপ্ৰতিৰোধ্য বুলি ভাবিছিল। কিন্তু আজি সেয়া ভুল প্ৰমাণিত হ’ল বুলি কয় গগৈয়ে ।

হোটেল লিলি প্ৰসংগত অখিল গগৈয়ে কয় যে, গৌৰৱ গগৈয়ে কৈছে লিলিত পতা মিটিং ব্যৰ্থ হৈছে। গতিকে সেই মিটিং কোনো ধাবাত পাতিব লাগে। এয়া কংগ্ৰেছৰ অফিচিয়েল মিটিং নাছিল নেকি বুলি প্ৰশ্ন কৰে অখিল গগৈয়ে। লগতে কয়, ইয়াৰ উত্তৰ ভূপেন বৰাই দিব লাগিব। সেই সন্দৰ্ভত ভূপেন বৰাই উত্তৰ দিলেহে আকৌ লিলিত বহিব বুলি কয় অখিল গগৈয়ে।

 

 

অভিশাপ নে বৰদান? জানক কল গছ জন্মৰ আঁৰৰ কাহিনী...
কমি যায় মূল্য! ভাৰতৰ ১০০ টকা ব্ৰাজিলত কিমান হয় জানেনে ?
পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ