5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam by election: বিহালীৰ টিকটৰ বাবে কংগ্ৰেছৰ কোন জ্যেষ্ঠ নেতাই লৈছিল ২ কোটি?

Assam by election: অসম বিধানসভা উপ- নিৰ্বাচনক লৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এইবাৰ নিৰ্বাচনৰ সময়ত সবাতোকৈ চৰ্চাত আছে বিহালী আৰু চামগুৰি সমষ্টি। ইয়াৰ মাজতে কংগ্ৰেছ নেতাৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ।

Assam by election: বিহালীৰ টিকটৰ বাবে কংগ্ৰেছৰ কোন জ্যেষ্ঠ নেতাই লৈছিল ২ কোটি?
বিহালী
barasha-sarma
Barasha Sarma | Updated On: 05 Nov 2024 12:40 PM

ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া উপ- নিৰ্বাচনক লৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যে বিধানসভাৰ উপ- নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫ টা সমষ্টিত তুংগ উঠিছে নিৰ্বাচনী প্ৰচাৰ। শাসকীয় পক্ষৰ মন্ত্ৰী বিধায়কৰ লগতে বিৰোধী দলৰ বহু নেতা বিধায়ক নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত। এইবাৰ নিৰ্বাচনত বিশেষ চৰ্চাত আছে বিহালী আৰু চামগুৰি সমষ্টি। ইয়াৰে বিহালী সমষ্টিত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাবে অসম সন্মিলিত মৰ্চাৰ মাজত ফাঁটমেলিছিল। মিত্ৰ দলক বিশ্বাসঘাটকতা কৰি কংগ্ৰেছে নিজাববীয়াকৈ এই সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল।

ইয়াৰ মাজতে বিহালী সমষ্টি সন্দৰ্ভত এক ডাঙৰ অভিযোগ কৰিছে মন্ত্ৰী পিযুষ হাজৰিকাই। ছ’চিয়েল মিডিয়াত হাজৰিকাই লিখিছে- “চৰ্চা! কংগ্ৰেছ দলটোৰ প্ৰতি জনসমৰ্থন এতিয়া যে নাই, সেই কথা প্ৰতিক্ষণতে প্ৰমাণিত হৈ আহিছে। বৰ্তমান দলটোক সমৰ্থন কৰা লোকৰ সংখ্যা তেনেই তাকৰ। অভ্যন্তৰীণ সংঘাত, দুৰ্নীতিয়ে কোঙা কৰাৰ পাছতো যিকেইটামান মানুহে এই দলটোক বিশ্বাসত লৈ আছে, তেওঁলোকৰ জ্ঞাতাৰ্থে এটি বিশেষ খবৰ আছে। খবৰ অনুসৰি, বিহালী বিধানসভা সমষ্টিত এইবাৰ কংগ্ৰেছ দলৰ হৈ প্ৰাৰ্থিত্ব লাভ কৰা ব্যক্তিজনে সমষ্টিটোত নিৰ্বাচন খেলিবলৈ টিকটৰ বাবে প্ৰায় ২ কোটি টকা দিয়া বুলি সৰ্বত্ৰে তীব্ৰ চৰ্চা চলিছে। চৰ্চা অনুসৰি টকাৰ এটা অংশ তেওঁলোকৰ দলৰ ‘যোৰহাটৰ জ্যেষ্ঠ নেতা’লৈ গৈছিল আৰু আন এটা অংশ ৰাজস্থানৰ আলৱাৰৰ এজন ‘জ্যেষ্ঠ নেতা’লৈ পঠিওৱা হৈছিল! চৰ্চা হোৱা এই কথাটো যদিহে সঁচা হয়, তেন্তে কংগ্ৰেছ দলৰ ‘নিষ্ঠাবান’ কৰ্মীসকলৰ বাবে এইটো নিশ্চয়কৈ হ’ব অন্য এক ট্ৰেজেডী!”

পোষ্টটো

উল্লেখ্য যে, আলোচনা চলি থকাৰ মাজতেই বিহালী সমষ্টিৰ বাবে কংগ্ৰেছে জয়ন্ত বৰাৰ নাম প্ৰক্ষেপ কৰিছিল। ইয়াকে লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল অসম সন্মিলিত মৰ্চাৰ অন্য দলসমূহে। যাৰ পাছত অসম সন্মিলিত মৰ্চাইও বিহালীৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। বিহালী সমষ্টিত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতত স্পষ্ট হৈ পৰিছিল কংগ্ৰেছৰ লবীকেন্দ্ৰিক ৰাজনীতি। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই সমষ্টিটো মিত্ৰ দলক এৰি দিব বিচাৰিছিল যদিও গৌৰৱ গগৈ ইয়াৰ বিৰোধিতা কৰিছিল।

মাজতে এই সমষ্টিটো কংগ্ৰেছে এৰি দিছিল যদিও কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ আঁকোৰগোজ স্থিতিৰ বাবে পৰৱৰ্তী সময়ত এই সিদ্ধান্ত সলনি কৰিছিল। মিত্ৰ দলক বিৰোধিতা কৰি কংগ্ৰেছে বিহালী সমষ্টিত সদ্য বিজেপি ত্যাগী জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। কংগ্ৰেছ যোগদান কৰাৰ পূৰ্বেই বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ দলটোৰ ভিতৰচৰাত এক সংঘাতৰো সূচনা হৈছিল।

কিন্তু এই সকলো আওকান কৰি কংগ্ৰেছে প্ৰাৰ্থিত্ব আগবঢ়াইছিল গৌৰৱ গগৈৰ সমৰ্থিত প্ৰাৰ্থীক। এই বিষয়টোক লৈ বিগত কেইটামান দিনত যথেষ্ঠ চৰ্চা চলি আছে। তাৰ মাজতে মন্ত্ৰী পিযুষ হাজৰিকাই এই ডাঙৰ অভিযোগ উত্থাপন কৰিছে। মন্ত্ৰীগৰাকীৰ এই ডাঙৰ অভিযোগ কাৰ বাবে এয়া হয়তো বুজাত অসুবিধা হোৱা নাই ভোটাৰ ৰাইজৰ।

Latest News