Assam by-elections : ২ টা সমষ্টি অগপ, ইউ পি পি এললৈ…৩ টা সমষ্টিৰ প্ৰাৰ্থী প্ৰাৰ্থীৰ তালিকা দিল্লীলৈ প্ৰেৰণ কৰিব বিজেপিয়ে…

ৰাজ্যৰ তিনিটা বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীৰ তালিকা দিল্লীলৈ প্ৰেৰণ কৰা হ'ব বুলি সদৰী কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । কিয়নো উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া পাঁচটা বিধানসভা সমষ্টিৰ ২ টা সমষ্টি মিত্ৰদল অগপ আৰু ইউ পি পি এলক এৰি দিয়াৰ বাবে সিদ্ধান্ত লৈছে বিজেপিয়ে ।

Assam by-elections : ২ টা সমষ্টি অগপ, ইউ পি পি এললৈ...৩ টা সমষ্টিৰ প্ৰাৰ্থী  প্ৰাৰ্থীৰ তালিকা দিল্লীলৈ প্ৰেৰণ কৰিব বিজেপিয়ে...

ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ বৈঠক

Published: 

14 Oct 2024 08:56 AM

ৰাজ্যৰ ৫ টা বিধাসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি দেওবাৰে ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকৰ পাছতে ৰাজ্যৰ তিনিটা বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা দিল্লীলৈ প্ৰেৰণ কৰা হ’ব বুলি সদৰী কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । কিয়নো উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচটা বিধানসভা সমষ্টিৰ ২ টা সমষ্টি মিত্ৰদল অগপ আৰু ইউ পি পি এলক এৰি দিয়াৰ বাবে সিদ্ধান্ত লৈছে বিজেপিয়ে । উল্লেখ্য যে, দেওবাৰে কইনাধৰা অতিথিশালাত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হৈছিল ।

এই বৈঠকতে বঙাগাঁও বিধানসভা সমষ্টি আৰু চিডলী বিধানসভা সমষ্টি ক্ৰমে অসম গণ পৰিষদ আৰু ইউ পি পি এলক দিয়াৰ বাবে বিজেপিয়ে সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিবলৈ দিছে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে । ৰাজ্যিক পৰ্যায়ত বিজেপিয়ে অগপ আৰু ইউ পি পি এলৰ সৈতে মিত্ৰতাত থকাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলি সদৰী কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে । জানিব পৰা পৰা মতে, বিহালী, চামগুৰি আৰু ঢলাই সমষ্টিৰ বাবে বিজেপিয়ে প্ৰাৰ্থী তালিকা দিল্লীলৈ প্ৰেৰণ কৰিব ।

কইনাধৰাত বৈঠক

অসমৰ ৫ টা বিধানসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনৰ সন্দৰ্ভত দেওবাৰে ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় বন্দৰ,জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বীবেদী, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু । কইনাধৰা ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হোৱা ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ এই বৈঠকত ৰাজ্যৰ আগন্তুক উপ-নিৰ্বাচনৰ সন্দৰ্ভত আলোচনা কৰা কৰে ।

মনকৰিবলগীয়া যে, যোৱা লোকসভা নিৰ্বাচনত ঢলা সমষ্টিৰ বিধায়ক পৰিমল শুক্লবৈদ্য, বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন, কোকৰাঝাৰ সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী আৰু বঙাইগাওঁ সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী লোকসভালৈ নিৰ্বাচিত হয় । ইয়াৰ পাছতে এই ৫খন বিধানসভা আসন খালী হৈ পৰে ।

লোকসভা নিৰ্বাচনৰ পাছত অসমত খালী হৈ পৰা এই ৫ খন বিধানসভা আসন অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন । এই উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হয় ।

নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...
নৱবৰ্ষত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'বনৰজা'।
Beharbari Outpost:বেহাৰবাৰী আউটপোষ্টত পুনৰ দেখিব কে কে আৰু মোহনক