চামগুৰিত বিজেপিৰ বৃহৎ জয়, ৩০ বছৰ পাছত ভাঙিল কংগ্ৰেছৰ দুৰ্গ
Assam by election: দীৰ্ঘদিনৰ অন্তত চামগুৰিৰ ৰাজনীতিত বৃহৎ পৰিবৰ্তন। ২০০১ চনৰ পৰা এই সমষ্টিটোত ৰকিবুল হুচেইন বিধায়ক হিচাপে অধিষ্ঠিত হৈ আছিল যদিও ২০২৪ চনৰ নিৰ্বাচনত ই বিজেপিৰ হাতলৈ যায়। চামগুৰিত বিজেপি প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাই বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয়।
অৱশেষত চামগুৰিত ভাঙি তচনচ হ’ল ৰকিবুল হুচেইনৰ দুৰ্গ। বছৰ বছৰ ধৰি চামগুৰি সমষ্টিত অব্যাহত থকা কংগ্ৰেছৰ জয়ৰ যাত্ৰা আগবঢ়াই নিব নোৱাৰিলে তানজিল হুচেইন। প্ৰথমে নুৰুল হুচেইন, ২০০১ চনৰ পৰা ৰকিবুল হুচেইনে চামগুৰি সমষ্টিত শাসন কৰি আহিছিল যদিও পুত্ৰ তানজিল হুচেইনে ককাক আৰু পিতৃৰ এই বিজয় ধাৰা অব্যাহত ৰাখিব নোৱাৰিলে। বহু প্ৰচেষ্টাৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চামগুৰিত বিধ্বস্ত হ’ল কংগ্ৰেছ দল। ২০২৪ চনৰ উপ- নিৰ্বাচনত প্ৰায় ২৬,০০০ ভোটত জয় লাভ কৰে বিজেপি প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাই।
১৯৫২ চনৰ পৰা চামগুৰি সমষ্টিত মুঠ ৮জন জনপ্ৰতিনিধি সমষ্টিবাসীয়ে পাইছে। ১৯৫২ চনত এই সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল কংগ্ৰেছৰ ঊষা বৰঠাকুৰ। তাৰ পাছত এবাৰ বিষ্ণু প্ৰসাদে, এবাৰ ভবেন্দ্ৰ কুমাৰ শইকীয়াই, এবাৰ অতুন শৰ্মাই এই সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। ১৯৮৩ চনৰ নিৰ্বাচনত চামগুৰি সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক হৈছিল নুৰুল হুচেইন। দ্বিতীয়বাৰৰ বাবে ১৯৯১ চনত এই সমষ্টিৰ পৰা নুৰুল হুচেইন জয়ী হৈছিল।
১৯৯১ চনৰ ৩০ জুনৰ পৰা ১৯৯৬ চনৰ ২২ এপ্ৰিললৈকে মন্ত্ৰী হৈ থকা নুৰুল হুছেইনেই আছিল ৰকিবুল হুছেইনৰ পিতৃ। তেওঁ মাজতে ৰাজ্যিক মন্ত্ৰীৰ পদো লাভ কৰিছিল। পিতৃৰ সুযোগ লৈ ৰাজনীতিত প্ৰৱেশ কৰিছিল ৰকিবুল হুচেইনে। ২০০১ চনত চামগুৰি সমষ্টিৰ পৰা নিৰ্বাচনত জয়ী হৈছিল ৰকিবুল হুচেইন। তেতিয়াৰ পৰা ২০২৪ চনলৈ এই সমষ্টিৰ বিধায়কৰ পদত আছিল ৰকিবুল। ২০০৬, ২০১১, ২০১৬ আৰু ২০২১ৰ নিৰ্বাচনত জয়লাভ কৰিছিল ৰকিবুলে। চামগুৰিত ২৩ বছৰ ৰকিবুল আৰু ৭ বছৰ পিতৃ নুৰুল হুচেইন বিধায়ক আছিল। ৩০ বছৰৰ অন্তত এই সমষ্টি এইবাৰ বিজেপিৰ হাতলৈ যায়।
উল্লেখ্য যে, পূৰ্বৰ নিৰ্বাচনত বিজেপিয়ে পৰাজয় নিশ্চিত বুলি জানিয়েই এই সমষ্টিটোৰ পৰা কিছু দূৰত্ব বজাই ৰাখিছিল। কিন্তু ৰকিবুল হুচেইন সাংসদ হোৱাৰ পাছতেই এই সমষ্টিটো নিজৰ দখললৈ উঠি পৰি লাগিছিল বিজেপি দল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা আদি বিভিন্নজনে এই সমষ্টিটোত বিজেপি প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাৰ হৈ প্ৰচাৰ চলাইছিল। ইয়াৰ বিপৰীতে কংগ্ৰেছ সৰ্বশক্তি প্ৰয়োগ কৰি এই সমষ্টিটো নিজৰ দখলত ৰখাৰ চেষ্টা কৰিছিল। দিন ৰাতি একাকাৰ কৰি ৰকিবুল হুচেইনে প্ৰচাৰ চলাই গৈছিল তানজিল হুচেইনৰ হৈ।
এইবাৰ বিধানসভা উপ- নিৰ্বাচনৰ সময়ত চামগুৰি সমষ্টিত নিৰ্বাচনকেন্দ্ৰিক সংঘাত হোৱাও পৰিলক্ষিত হৈছিল। কংগ্ৰেছ আৰু বিজেপি সমৰ্থকৰ মাজত হোৱা সংঘাত ইমানেই বৃদ্ধি পাইছিল যে এজন বিজেপি কৰ্মীৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো আহত হৈছিল। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছত প্ৰায় প্ৰতিদিনেই চামগুৰি সমষ্টিত সংঘটিত হৈছিল নিৰ্বাচনকেন্দ্ৰিক সংঘাত। অৱশেষত আজি এই সমষ্টিৰ ফলাফল ঘোষণা হয় আৰু দীৰ্ঘদিনৰ অন্তত চামগুৰি সমষ্টি যায় বিজেপিৰ হাতলৈ।
প্ৰতিটো সমষ্টিত NDA প্ৰাৰ্থী জয়ী হোৱা সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে কয় যে, “আমি অসম সন্মিলিত মৰ্চাই একেলগে নিৰ্বাচন খেলিলে ৪ টা বিধানসভা সমষ্টিত জিকিব পাৰিলোহেতেন। কিন্তু কংগ্ৰেছে ৫ টা সমষ্টিত জিকিব বুলি ঐক্য মঞ্চ ভাঙি দিছিল। কংগ্ৰেছৰ অহংকাৰ, ভিত্তিহীন স্থিতিৰ বাবে বিজেপিয়ে আজি অগ্ৰগতি লাভ কৰিছে। কংগ্ৰেছৰ ভিতৰুৱা সংঘাতৰ বাবে আজি ৫ খন আসনত বিজেপি জিকিল। গৌৰৱ গগৈৰ অহংকাৰৰ বাবে আজি বিজেপি জিকিল। গতিকে বিজেপিক হৰুৱাবলৈ কংগ্ৰেছে অহংকাৰ ত্যাগ কৰিব লাগিব আৰু বিৰোধী একলগ হ’ব লাগিব। কংগ্ৰেছে নিজকে অপ্ৰতিৰোধ্য বুলি ভাবিছিল। কিন্তু আজি সেয়া ভুল প্ৰমাণিত হ’ল বুলি কয় গগৈয়ে ।