Assam by election: বঙাইগাঁৱত কি হ’ব অগপৰ? যাদু দেখুৱাব পাৰিবনে ফনীভূষণৰ পত্নীয়ে…

Assam by election: বঙাইগাঁৱত জয়ৰ ধাৰা অব্যাহত থাকিবনে অগপৰ? এইবাৰ বিধানসভাৰ উপ- নিৰ্বাচনত বঙাইগাঁৱৰ পৰা অগপ মিত্ৰজোঁটৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে দিপ্তীময়ী চৌধুৰীয়ে। আনহাতে কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে ব্ৰজেনজিৎ সিংহই।

Assam by election: বঙাইগাঁৱত কি হব অগপৰ?  যাদু দেখুৱাব পাৰিবনে ফনীভূষণৰ পত্নীয়ে...

বঙাইগাঁও

Published: 

05 Nov 2024 08:03 AM

ৰাজ্যৰ বিধানসভাৰ উপ- নিৰ্বাচনক লৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যে ইয়াক লৈ প্ৰতিটো সমষ্টিতে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। অসমত উপ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫ টা সমষ্টি হ’ল- বঙাইগাঁও,ছিদলী, চামগুৰি, বিহালী আৰু ধলাই। এই আটাইকেইটা সমষ্টি নিজৰ দখললৈ আনিবৰ বাবে শাসকীয় আৰু বিৰোধী দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতাই দেখা দিছে। ইয়াৰে বঙাইগাঁও সমষ্টিটোত প্ৰাৰ্থিত্ব আগবঢ়াইছে অসম গণ পৰিষদ দলে। বছৰ বছৰ ধৰি এই সমষ্টিত আধিপত্য বিস্তাৰ কৰি অহা দলটোৱে এইবাৰো সেই একেই ধাৰা অক্ষুন্ন ৰখাৰ চেষ্টা কৰিছে।

বঙাইগাঁও সমষ্টিটোত বছৰ বছৰ ধৰি ফনীভূষণ চৌধুৰীৰ দখলত আছিল। কিন্তু যোৱা লোকসভা নিৰ্বাচনত ফনীভূষণ চৌধুৰী সাংসদ নিৰ্বাচিত হোৱাৰ পাছত এই সমষ্টিটোত এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই তেওঁৰ পত্নী দিপ্তীময়ী চৌধুৰীয়ে। এক প্ৰকাৰ যিকোনো পধ্যেই ফনীভূষণে এৰি দিব বিচৰা নাই সমষ্টি।

ফনীভূষণ চৌধুৰীৰ পত্নীক দলীয় টিকট প্ৰদান কৰাক লৈ দলটোৰ মাজত বিবাদেও দেখা দিছিল। কিন্তু সকলো বিবাদ আঁতৰাই এই সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াই দিপ্তীময়ী চৌধুৰীয়ে।এইবাৰ বঙাইগাঁও সমষ্টিৰ বাবে ৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰে কংগ্ৰেছৰ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহৰ সৈতে দিপ্তীময়ী চৌধুৰীৰ মূল যুঁজ হোৱাৰ সম্ভাৱনা আছে। আনহাতে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাবে অগপ ত্যাগ কৰি নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা শৈলেন্দ্ৰ সৰকাৰেও এই নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

লক্ষণীয় যে, এই সমষ্টিটোত বঙাইগাঁও সমষ্টিবাসীক কংগ্ৰেছ আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিশেষ কোনো প্ৰতিশ্ৰুতি দিব পৰা নাই। ইয়াকে লৈ বিভিন্নজনে মত প্ৰকাশো কৰিছে। উল্লেথ্য যে, ২০২১ চনৰ বিধানসভা নিৰ্বাচনত এই সমষ্টিটোত ফনীভূষণ চৌধুৰীয়ে লাভ কৰা ফোটৰ সংখ্যা আছিল প্ৰায় ৮২,৮০০ টা। ইয়াৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী তথা কংগ্ৰেছ প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায়ে লাভ কৰিছিল ৪৪,৬৩৩ টা ভোট। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অগপ প্ৰাৰ্থীয়ে চৰকাৰী বি এড কলেজ নিৰ্মাণকে ধৰি বিভিন্ন প্ৰতিশ্ৰুতি দিছিল। কিন্তু এইবাৰ শাসকীয় বা বিৰোধী কোনো দলেই বিশেষ কোনো প্ৰতিশ্ৰুতি দিব পৰা নাই।

অগপ প্ৰাৰ্থীগৰাকীয়ে এইবাৰ কৈছে যে তেওঁৰ স্বামী বিধায়ক হৈ থকা কালৰ পৰা সমষ্টিটোত চলি অহা উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব। ইয়াৰোপৰি মহিলা সবলীকৰণ আৰু যুৱ কল্যানৰ দিশটোত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰিছে দিপ্তীময়ী চৌধুৰীয়ে।আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহই কৈছে যে তেওঁ সদৰ চহৰত বিকল্প পথ নিৰ্মাণ কৰিব, বিদ্যাপুৰত মহাবিদ্যালয় স্থাপনকে ধৰি বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কৰিব। কিন্তু এই নিৰ্বাচনী প্ৰচাৰে বিশেষ প্ৰভাৱ পেলাব পৰা নাই ভোটাৰক।

উপ- নিৰ্বাচনক লৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইয়াৰ মাজতে  ৬ নৱেম্বৰত বঙাইগাঁও দিপ্তীময়ী চৌধুৰীৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গতিকে মুখ্যমন্ত্ৰীৰ উপস্থিতিয়ে ভোটাৰক কিছু প্ৰভাৱিত কৰিব বুলি আশা কৰা হৈছে। অৱশ্যে ধাৰা অব্যাহত ৰাখি এই সমষ্টিটোত অগপই পুনৰ জয়লাভ কৰিব পাৰে নে নাই সেয়া সময়ে ক’ব।

১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...
কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...