5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam by election: কংগ্ৰেছত বিভাজন! লবীকেন্দ্ৰিক ৰাজনীতিত বিধ্বস্ত দল…

Assam by election: অসমত অনুষ্ঠিত হবলগীয়া উপ- নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত বিৰোধী ভাঙি তচনচ। কেৱল অসম সন্মিলিত মৰ্চাই নহয়, প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতৰ বাবে এতিয়া কংগ্ৰেছৰ ভিতৰচ'ৰাতো জোকাৰণিৰ সৃষ্টি হৈছে।

Assam by election: কংগ্ৰেছত বিভাজন! লবীকেন্দ্ৰিক ৰাজনীতিত বিধ্বস্ত দল…
জয়ন্ত বৰা
barasha-sarma
Barasha Sarma | Published: 24 Oct 2024 10:52 AM

তুংগত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংঘাত।  বিহালী সমষ্টিৰ বাবে জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পাছতেই দলৰ মাজত দেখা দিছে অন্তঃকন্দলে। বিহালী সমষ্টিৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰি বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰাই দলৰ কৰ্মীৰ সৈতে মুণ্ডন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কংগ্ৰেছৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি বৰাই কয় যে, দলৰ সদস্য নোহোৱাকৈ কেনেকৈ টিকট লাভ কৰিলে জয়ন্ত বৰাই। ব্যক্তিগত হিচাপে জয়ন্ত বৰাৰ লগত কোনো কাজিয়া নাই। কিন্তু কংগ্ৰেছৰ নীতি আদৰ্শৰ লগত কেতিয়াও আপোচ নকৰো বুলি কয় জিলা সভাপতিগৰাকীয়ে।

দিলীপ বৰাই কয় যে, ১৯৮৫ চনৰ পৰাই মই দলৰ পৰা টিকট বিচাৰি আহিছো। কিন্তু আজিলৈ টিকট নাপালো। দলৰ হৈ সদায় নিষ্ঠাৰে কাম কৰি গৈছো। কিন্তু তাৰ পাছতো দলীয় সদস্য নোহোৱা এজনক কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। তেওঁ কয় যে, দলৰ আন নেতা- কৰ্মীসকলৰ লগত আলোচনা কৰি তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিব। ইয়াৰোপৰি সদ্য় পদত্যাগী জয়ন্ত বৰাই পুনৰ বিজেপিত যোগদান কৰিব পাৰে বুলিও তেওঁ কয়।

বিহালী সমষ্টিক লৈ চলি থকা বিবাদ সন্দৰ্ভত ভূপেন বৰাই কয় যে, জয়ন্ত বৰা শক্তিশালী প্ৰাৰ্থী  আৰু সেই হিচাপে তেওঁক প্ৰাৰ্থিত্ব দিয়া হৈছে। বিৰোধিৰ মিত্ৰতা সন্দৰ্ভত বৰাই কয় যে, উপ- নিৰ্বাচনৰ বাবে মিত্ৰতাৰ পৰা পিছুৱাই যাব নালাগে। ২০২৬ চনত সকলো দিশ পৰ্যবেক্ষণ কৰি সিদ্ধান্ত লোৱা হ’ব। আমাৰ মূল লক্ষ্য বিজেপিক পৰাভূত কৰা। বিজেপিক পৰাভূত কৰিবলৈ শক্তিশালী প্ৰাৰ্থী নিৰ্বাচন কৰা হৈছে। গতিকে ২৩ অক্টোবৰৰ পাছতহে আচল যুঁজ হ’ব।

বৰাই কয় যে, অসম সন্মিলিত মৰ্চাৰ সভাপতি পদ ত্যাগ কৰিলেও মনটো তাতেই আছে, কেৱল পৰিস্থিতিয়ে আঁতৰিবলৈ বাধ্য কৰাইছে। বিবেক দাসে মোৰ আগত নিৰ্বাচন খেলিব বুলি ইচ্ছা প্ৰকাশ কৰিছিল আৰু মইয়ো তেওঁক প্ৰাৰ্থিত্ব দিয়াৰ বাবে চেষ্টা কৰিছিলো। কিন্তু সভাপতিয়েই সকলো নহয়, দলৰ আন নেতা- কৰ্মীসকলৰ সহমতিৰো প্ৰয়োজন। সকলোৱে জানে বিৰোধিক সদায় ঐক্যবদ্ধ কৰি ৰখাৰ বাবে মই চেষ্টা কৰিছিল। টিকট নোপোৱাৰ দুখ মই বুজি পাওঁ। কিন্তু বিবেক দাস ২০২৬ চনলৈ সাজু হওক। ২০২৬ চনত দিল্লীক কৈ বিবেক দাসক টিকট দিব বুলি কয় বৰাই। লগতে কয় যে, বিবেক দাস ১ বছৰ নহয়, ৫ বছৰৰ বাবে হ’ব পাৰিব বিধায়ক।

উল্লেখ্য যে, বিহালী সমষ্টিৰ বাবে ৰাজ্যৰ বিৰোধিৰ ঐক্যত ফাঁট মেলে। বিজেপিক পৰাভূত কৰিবলৈ কিছুদিন পূৰ্বে বিৰোধী ঐক্য মঞ্চৰ নাম সলনি কৰি ৰখা হৈছিল অসম সন্মিলিত মৰ্চা। কিন্তু এই সকলো কথাত খেলি মেলি লগালে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। বিহালী সমষ্টিক লৈ কংগ্ৰেছত সৃৃষ্টি হোৱা লবীকেন্দ্ৰিক ৰাজনীতিৰ এটা পক্ষত আছিল ভূপেন বৰা আৰু আনটো পক্ষত আছিল গৌৰৱ গগৈ। ভূপেন বৰাই মৰ্চাক বিহালী সমষ্টি এৰি দিব বিচাৰিছিল যদিও ইয়াৰ বিৰোধিতা কৰি গৌৰৱ গগৈয়ে সদ্য পদত্যাগী জয়ন্ত বৰাক প্ৰাৰ্থিত্ব দিব বিচাৰিছিল।

গৌৰৱ গগৈৰ কথা মতেই কংগ্ৰেছে জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰে। মন কৰিবলগীয়া যে, কংগ্ৰেছত যোগদান নকৰাকৈয়ে কংগ্ৰেছৰ পৰা টিকট লাভ কৰে জয়ন্ত বৰাই। যাৰ বাবে দলটোৰ মাজত সৃষ্টি হৈছে বিভাজনৰ। যদি এনে পৰিস্থিতিয়ে চলি থাকে তেন্তে থন ধৰি উঠিব বিচৰা কংগ্ৰেছ পুনৰ খহি পৰিব।

 

 

 

Latest News