Assam: উপ-নিৰ্বাচনৰ ৪ সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কংগ্ৰেছৰ, পিছে বিহালীয়ে জ্বলা-কলা খুৱাইছে বিৰোধিক | assam by election congress candisate list clash bitween Opposition party congress bhupen bora akhil gogoi lurin jyoti assam Assam news - Assam Tv9

Assam: উপ-নিৰ্বাচনৰ ৪ সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কংগ্ৰেছৰ, পিছে বিহালীয়ে জ্বলা-কলা খুৱাইছে বিৰোধিক

Assam: উপ- নিৰ্বাচনৰ পূৰ্বে ফাঁট মেলাৰ দিশে বিৰোধী। অসমৰ ৫ টা সমষ্টিত অনুষ্ঠিত হব বিধানসভাৰ উপ- নিৰ্বাচন। বৰ্তমান বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে যদিও অন্য কোনোৱে তালিকা প্ৰকাশ কৰা নাই। ইয়াৰ মাজতে বিৰোধিৰ মাজত দেখা দিছে সমস্যাই। নিৰ্বাচনৰ পূৰ্বে সমস্যাত জৰ্জৰিত বিৰোধী।

Assam: উপ-নিৰ্বাচনৰ ৪ সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কংগ্ৰেছৰ, পিছে বিহালীয়ে জ্বলা-কলা খুৱাইছে বিৰোধিক

বিৰোধী

Published: 

20 Oct 2024 21:50 PM

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমত অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ উপ- নিৰ্বাচনক লৈ সাজু হৈছে শাসকীয় পক্ষৰ লগতে বিৰোধী। ইতিমধ্যে ৪ টা সমষ্টিৰ বাবে বিজেপিয়ে প্ৰাৰ্থী ঘোষণা কৰিছে যদিও অগপ, ইউ পি পি এলে এতিয়ালৈকে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা নাই। সম্ভৱতঃ সোমবাৰে বঙাইগাঁও সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিব অগপই। কিন্তু এই সকলোবোৰৰ মাজতে এতিয়া বিপদত পৰিছে বিৰোধী পক্ষ।

দেওবাৰে অসমৰ  ৪ সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে কংগ্ৰেছে। ঘোষণা কৰা তালিকা অনুসৰি ধলাই সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ধ্ৰুৱজ্যোতি পুৰকায়স্থক, ছিদলীৰ পৰা সঞ্জীৱ বাৰ্লেক, বঙাইগাঁৱৰ পৰা ব্ৰজেনজিৎ সিনহা আৰু চামগুৰিৰ পৰা তানজিল হুচেইনক। কিন্তু বিহালীৰ বাবে প্ৰাৰ্থিত্ব ঘোষণা  নকৰিলে বিৰোধী দলে।

যি সময়ত বিৰোধী শক্তিশালী হোৱাৰ প্ৰয়োজন আছিল সেই সময়তে এটা সমষ্টিয়ে জৰ্জৰিত কৰিছে অসম সন্মিলিত মঞ্চক। অসমত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫ সমষ্টিৰ ৪ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নামত মোহৰ পৰিছে যদিও বিহালী সমষ্টিক লৈ এতিয়া বিবুধিত পৰিছে বিৰোধী। বিহালীৰ সমস্যা সমাধান কৰিবলৈ কংগ্ৰেছৰ অসম প্ৰভাৰী জীতেন্দ্ৰ সিঙে অখিল গগৈলৈ ফোন কৰি তেওঁক ইয়াৰ দায়িত্ব প্ৰদান কৰিছে যদিও এয়া ব্যক্তিগত সিদ্ধান্ত নহয় বুলি কৈছে বিধায়কগৰাকীয়ে।

উল্লেখ্য যে, মিত্ৰ দলক বিহালী এৰি দিব খোজা নাই কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। নিজৰ স্থিতিত আঁকোৰগোজ হৈ কংগ্ৰেছে বিচাৰিছে বিহালীৰ উপ- নিৰ্বাচনৰ প্ৰাৰ্থী হওক সদ্য পদত্যাগী বিজেপি নেতা জয়ন্ত বৰা। আনহাতে মিত্ৰ দল চিপিআই (এম)য়ে বিচাৰিছে বিহালী সমষ্টি। দৰকাৰ হ’লে এই সমষ্টিৰ পৰা অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা কৈছে চিপিআই (এম)য়ে। যাৰ বাবে নিৰ্বাচনৰ পূৰ্বে এতিয়া বিৰোধীপ যাত্ৰা অন্ত পৰাৰ পিনে গতি কৰিছে।

বিহালী সমষ্টিক লৈ এখনৰ পাছত আনখন বৈঠক অনুষ্ঠিত হৈছে যদিও এই ক্ষেত্ৰত কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নাই অসম সন্মিলিত মঞ্চই। গতিকে বিহালী সমষ্টিয়ে বিৰোধিৰ মাজত কিছু জটিলতাৰ সৃষ্টি কৰিব বুলি অনুমান কৰা হৈছে। এই ক্ষেত্ৰত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাইও কোনো মত প্ৰকাশৰ পৰা বিৰত থাকে। সম্ভৱতঃ কাইলৈ বা পৰহিলৈ বিহালী সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিব পাৰে অসম সন্মিলিত মঞ্চই। উল্লেখ কৰা প্ৰয়োজন যে, অসমৰ ৫ সমষ্টিৰ বাবে অহা ১৩ নৱেম্বৰত বিধানসভাৰ উপ- নিৰ্বাচন অনুষ্ঠিত হ’ব। এই সমষ্টিকেইটা- বিহালী, ছিদলী, চামগুৰি, বঙাইগাঁও আৰু ধলাই।

 

ক'লা হৰিণ আৰু সাধাৰণ হৰিণৰ মাজত কি কি পাৰ্থক্য থাকে?
পাকিস্তানেই নহয়, ঘৰুৱা মাটিত টেষ্টত ভাৰতৰো হৈছে একেই গতি!
পুষ্পা ২ৰ আইটেম চঙত দেখা যাব ৮০০ কোটি টকা উপাৰ্জন কৰা বলীউডৰ অভিনেত্ৰীক!
ঘৰৰ এই দিশত ৰাখক গণেশৰ মূৰ্তি,সদায় থাকিব সুখ শান্তি, হ'ব সমৃদ্ধি...