5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam by election: চৰ্ত সাপেক্ষে বিহালী সমষ্টি এৰিলে কংগ্ৰেছে, বাদ পৰিল বিবেক দাস

Assam by election: অসমত ১৩ অক্টোবৰত অনুষ্ঠিত হ'ব বিধানসভাৰ উপ- নিৰ্বাচন। এই নিৰ্বাচনৰ পূৰ্বে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে দেখা দিছে অসম সন্মিলিত মৰ্চাত। যাৰ বাবে এতিয়ালৈকে বিহালী সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব পৰা নাই।

Assam by election:  চৰ্ত সাপেক্ষে বিহালী সমষ্টি এৰিলে কংগ্ৰেছে,  বাদ পৰিল বিবেক দাস
ভূপেন বৰা, অখিল গগৈ, লুৰিণজ্যোতি
barasha-sarma
Barasha Sarma | Updated On: 23 Oct 2024 11:29 AM

বহু আলোচনা, সংঘাতৰ অন্তত অসম সন্মিলিত মৰ্চাক বিহালী সমষ্টি এৰি দিলে কংগ্ৰেছে।  অৱশ্যে চৰ্ত সাপেক্ষেহে এই সমষ্টিটো অসম সন্মিলিত মৰ্চাক এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। সমষ্টি এৰি দিয়াৰ ক্ষেত্ৰত কংগ্ৰেছে চৰ্ত ৰাখিছে যে অসম বিধানসভাৰ উপ- নিৰ্বাচনৰ বাবে বিহালীৰ প্ৰাৰ্থী হ’ব নোৱাৰিব বিবেক দাস। বিবেক দাসৰ পৰিৱৰ্তে আন এগৰাকীক দিব লাগিব প্ৰাৰ্থিত্ব। এই সন্দৰ্ভত বুধবাৰে এক সংবাদ মেল সম্বোধন কৰি মৰ্চাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব।

উল্লেখ কৰা প্ৰয়োজন যে, যোৱা কেইটামান দিন ধৰি বিহালী সমষ্টিক লৈ বিৰোধিৰ মাজত খোৱা- কামৰা সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল। চিপিআই (এম এল)য়ে সমষ্টিটোত তেওঁলোকৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিচাৰিছিল আৰু মৰ্চাৰ আন দল সমূহেও এই ক্ষেত্ৰতে সন্মতি প্ৰকাশ কৰিছিল। কিন্তু নিজৰ স্থিতিত আঁকোৰ গোজ হৈ থকা কংগ্ৰেছে কোনো পধ্যেই এই সমষ্টি এৰি দিব বিচৰা নাছিল। যাৰ বাবে এখনৰ পাছত আনখন বৈঠক অনুষ্ঠিত কৰিবও অসম সন্মিলিত মৰ্চাই বিহালীৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব পৰা নাছিল।

মঙলবাৰেও প্ৰাৰ্থী সন্দৰ্ভত মৰ্চাৰ কেইবাখনো বৈঠক অনুষ্ঠিত হৈছিল আৰু কোনো চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাছিল। কালি বৈঠকৰ অন্তত মৰ্চাৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই জনাই যে বুধবাৰে পুৱা ১০ বজাৰ ভিতৰত বিহালীৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ’ব।  কিন্তু আজি পুৱা প্ৰাৰ্থী ঘোষণা নকৰি বিহালী সমষ্টি মৰ্চাক এৰি দিয়াৰ সিদ্ধান্তৰ কথা জনায় কংগ্ৰেছে। অৱশ্যে চিপিআই (এম এল)ৰ বিবেক দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ সন্মত নহয় কংগ্ৰেছ।

এই বিষয় সন্দৰ্ভত সন্মিলিত মৰ্চালৈ অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙে এক পত্ৰ প্ৰেৰণ কৰিছে আৰু ইয়াৰ ভিত্তিতে মৰ্চাই প্ৰাৰ্থী সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।  প্ৰাৰ্থিত্বক লৈ আজি দিনৰ ১২ বজাত সংবাদ মেল সম্বোধন কৰিব লুৰিণজ্যোতি গগৈয়ে আৰু এই সংবাদমেলতে বিহালী সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা হ’ব।

উল্লেখ্য যে, অসমত ১৩ অক্টোবৰত অনুষ্ঠিত হ’ব বিধানসভাৰ উপ- নিৰ্বাচন। ৫ টা সমষ্টিৰ বাবে অনুষ্ঠিত হ’বলগীয়া উপ- নিৰ্বাচনৰ ৪ সমষ্টিৰ বাবে ইতিমধ্যে  প্ৰাৰ্থী ঘোষণা কৰিছে কংগ্ৰেছে। দেওবাৰে অসমৰ  ৪ সমষ্টিৰ ঘোষণা কৰা তালিকা অনুসৰি ধলাই সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ধ্ৰুৱজ্যোতি পুৰকায়স্থক, ছিদলীৰ পৰা সঞ্জীৱ বাৰ্লেক, বঙাইগাঁৱৰ পৰা ব্ৰজেনজিৎ সিনহা আৰু চামগুৰিৰ পৰা তানজিল হুচেইনক প্ৰদান কৰা হৈছে প্ৰাৰ্থিত্ব।

Latest News