Assam by election: বিৰোধিৰ মাজত যুঁজ! বিহালীৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিলে চিপিআই (এম এল)য়ে | assam by election cpi ml announce candidate for bihali congress clash assam Assam news - Assam Tv9

Assam by election: বিৰোধিৰ মাজত যুঁজ! বিহালীৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিলে চিপিআই (এম এল)য়ে

Assam by election: বিহালী সমষ্টিক লৈ বিৰোধিৰ মাজত খোৱা- কামৰা। কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰাৰ পাছতেই আজি বিহালী সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিলে চিপিআই (এম এল)য়ে। ৰাজ্যত ভংগ বিৰোধিৰ মিত্ৰতা।

Assam by election: বিৰোধিৰ মাজত যুঁজ! বিহালীৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিলে চিপিআই (এম এল)য়ে

চিপিআই (এমএল)ৰ প্ৰাৰ্থী ঘোষণা

Updated On: 

24 Oct 2024 12:30 PM

উপ- নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত ভংগ হ’ল বিৰোধিৰ মিত্ৰতা।  বহু বিতৰ্কৰ মাজতেই বিহালী সমষ্টিৰ বাবে চিপিআই (এমএল) য়ে  ঘোষণা কৰিলে প্ৰাৰ্থিত্ব। ৰাজ্যৰ বিধানসভাৰ উপ- নিৰ্বাচনৰ বাবে বিহালী সমষ্টিৰ পৰা লক্ষ্মীকান্ত কুৰ্মীক প্ৰক্ষেপ কৰে বিৰোধিয়ে। ২৫ অক্টোবৰত লক্ষ্মীকান্ত কুৰ্মীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব আৰু এই সময়ত উপস্থিত থাকিব অসম জাতীয় পৰিষদৰ  সভাপতি লুৰিণ জ্যোতি গগৈ আৰু অজিত ভুঞা। ইয়াৰ লগতে লুৰিণ জ্যোতি ভূঞাই ঘোষণা কৰে যে অসম জাতীয় পৰিষদ ওলাই আহিব সন্মিলিত মৰ্চাৰ পৰা।

উল্লেখ্য যে, বিহালী সমষ্টিৰ বাবে ৰাজ্যৰ বিৰোধিৰ মাজত সৃষ্টি হোৱা সংঘাত তুংগত পৰ্যায়লৈ গৈ অৱশেষত অসম সন্মিলিত মৰ্চা ভংগ হয়।  অসমৰ উপ- নিৰ্বাচনৰ পূৰ্বে বিৰোধী ঐক্য মঞ্চই নাম সলনি কৰি অসম সন্মিলিত মৰ্চা কৰিছিল আৰু সেই অনুসৰি উপ- নিৰ্বাচনত একেলগে প্ৰতিদ্ধন্দ্বিতা কৰাৰ যো- জা কৰিছিল। কিছুদিন পূৰ্বে অসমৰ ৫ সমষ্টিৰ ৪ সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছিল কংগ্ৰেছে। বাদ পৰি ৰোৱা বিহালী সমষ্টিটো বিচাৰি আছিল আন কেইটা দলে।

বিহালী সমষ্টিক লৈ চলি থকা সংঘাতৰ মাজতেই কংগ্ৰেছে বিহালী চিপিআই (এম এল)ক এৰি দিব বিচাৰিছিল। কিন্তু এই কথাৰ বিৰোধিতা কৰিছিল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে আৰু সন্মিলিত মৰ্চাৰ প্ৰাৰ্থী ঘোষণাৰ দিনা তেওঁ বিহালীত এক ৰোড শ্ব’ অনুষ্ঠিত কৰে। বিহালীৰ ৰোড শ্ব’ৰ পাছতেই তীব্ৰ চাপত ভোগে কংগ্ৰেছৰ সভাপতি তথা অসম সন্মিলিত মৰ্চাৰ সভাপতি ভূপেন বৰা। যাৰ বাবে তেওঁ অসম সন্মিলিত মৰ্চাৰ সভাপতি পদ ত্যাগ কৰিবলৈ বাধ্য হয়।

কংগ্ৰেছেৰ এই স্থিতিৰ পাছতে মৰ্চাৰ অন্য দলসমূহ জাঙুৰ খাই উঠে। মৰ্চাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কংগ্ৰেছক ধৈৰ্য পৰীক্ষা আৰু অপমান নকৰিবলৈ আহ্বান জনায়। কিন্তু ইমানৰ পাছতো কংগ্ৰেছে আঁকোৰগোজ স্থিতি প্ৰদৰ্শন কৰি  বিহালীৰ পৰা নিজাববীয়াকৈ জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰে। কংগ্ৰেছৰ এই ঘোষণাৰ পাছতেই আজি চি পি আই (এম এল)য়ে নিজৰ প্ৰাৰ্থিত্ব ঘোষণা কৰে।

বিজেপিক পৰাভূত কৰিবলৈ ৰাজ্যত গঠন হৈছিল সন্মিলিত মৰ্চা। কিন্তু ক্ষমতা কেন্দ্ৰিক ৰাজনীতিত নিজৰ স্থিতিত গদগদ হৈ কংগ্ৰেছে ৰামঠগন দিলে মৰ্চাক। যাৰ বাবে এতিয়া বিজেপি নহয়, বিৰোধিৰ মাজতেই যেন হ’ব উপ- নিৰ্বাচনৰ যুঁজ। কংগ্ৰেছৰ দম্ভ- অহংকাৰ আৰু বিৰোধিৰ মিত্ৰতা ভংগই প্ৰভাৱিত কৰিব অসমৰ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ।  ৰাজ্যৰ বিৰোধিৰ এনে তথৈবচ অৱস্থাই এতিয়া বিজেপিক শক্তি প্ৰদান কৰিব বুলিয়েই অনুমান কৰিব  পাৰি।

E-69: পৃথিৱীৰ শেষৰটো পথ,য'ত ৬ মাহত হয় এটা দিন...
ভাৰতত থকা এই ঠাইসমূহলৈ যাব নোৱাৰে কোনো ভাৰতীয়!
এনেদৰে আলু খালে কেতিয়াও শকত নহয় আপুনি! জানি লওক টিপচ
গৰুড় পুৰাণৰ মতে, মৃত্যুৰ পূৰ্বে এজন ব্যক্তিয়ে লাভ কৰে এই ৫টা সংকেত!