Assam by election: চামগুৰিত উত্তপ্ত পৰিস্থিতি! দিপ্লু ৰঞ্জনক আক্ৰমণৰ চেষ্টা কংগ্ৰেছ কৰ্মীৰ…
Assam by election: আজি ৰাজ্যৰ ৫ টাকৈ সমষ্টিত অনুষ্ঠিত হৈছে বিধানসভাৰ উপ- নিৰ্বাচন। ৪টাকৈ সমষ্টিত ভোট গ্ৰহণ প্ৰক্ৰিয়া সুকলমে হৈ আছে যদিও চামগুৰিৰ পৰা বহু বিক্ষিপ্ত ঘটনা পোহৰলৈ আহিছে।
আজি ৰাজ্যৰ ৫ টা সমষ্টিত অনুষ্ঠিত হৈ আছে বিধানসভাৰ উপ- নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোট গ্ৰহণ প্ৰক্ৰিয়া সন্ধিয়ালৈ চলিব। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সমষ্টি কেইটা হ’ল- চামগুৰি, বিহালী, ছিদলী, বঙাইগাঁও আৰু ধলাই। ইয়াৰে ৪ টা সমষ্টিত ভোট গ্ৰহণ প্ৰক্ৰিয়া সুকলমে চলি আছে যদিও চামগুৰি সমষ্টিৰ পৰা কেইটামান বিক্ষিপ্ত ঘটনা পোহৰলৈ আহিছে। শেহতীয়াকৈ পোৱা তথ্য অনুসৰি ভোট গ্ৰহণ চলি থকাৰ মাজতে বিজেপি প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাক প্ৰহাৰ কৰাৰ চেষ্টা কৰিছে কংগ্ৰেছ কৰ্মীয়ে।
জানিব পৰা মতে, খলিহামাৰীত বিজেপি প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাক আক্ৰমণৰ চেষ্টা চলাই দুই কংগ্ৰেছ কৰ্মীয়ে। হাৰুন ৰছিদ আৰু মেৰাজুল হকৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুত্বৰ অভিযোগ। এই ঘটনা সন্দৰ্ভত মন্তব্য প্ৰদান কৰি বিজেপি প্ৰাৰ্থীগৰাকীয়ে কয় যে, অসমৰ ৰাজনীতিত হিংসাৰ সৃষ্টি কৰা মানুহটোৱে হৈছে ৰকিবুল হুচেইন।
ইয়াৰ পূৰ্বে সাংসদ ৰকিবুল হুচেইনৰ বাহনত দুৰ্বৃত্তই আক্ৰমণ কৰাৰ খবৰ আহি পৰিছিল। এই আক্ৰমণৰ ফলত এজন সাংবাদিকৰ বাহনো কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হয় বুলি জানিব পৰা গৈছে। মুঠতে সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ পৰা বহু বিক্ষিপ্ত ঘটনা পোহৰলৈ আহিছে।
আজি পুৱাৰ ভাগত চামগুৰিৰ শ’লমাৰীতো অপ্ৰীতিকৰ পৰিস্থিতিয়ে বিৰাজ কৰে। অভিযোগ অনুসৰি একাংশ বিজেপি কৰ্মীয়ে ভোট কেন্দ্ৰত সোমাই উদ্ভাণ্ডলি কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। ইয়াৰ লগতে চামগুৰিৰ শলমাৰীৰ ৫৯, ৮৯ আৰু ৯০ নং ভোট কেন্দ্ৰত পুৱাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অভিযোগ অনুসৰি ৫৯ নং ভোটকেন্দ্ৰত বিজেপি কৰ্মী ৰছিদুলে দুগৰাকী কংগ্ৰেছ কৰ্মীক প্ৰহাৰ কৰে। অৱশ্যে পৰৱৰ্তী সময়ত নিৰাপত্তাৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
আনফালে চামগুৰিৰ বাজিয়াগাঁওস্থিত ৫৩নং ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিবলৈ আহি আহত হয় এগৰাকী গৰ্ভৱতী মহিলা। পৰৱৰ্তী সময়ত আহত মহিলাগৰাকীক চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা সংকটজনক অৱস্থাত নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। ভোটদানৰ বাবে শাৰী পাতি থকাৰ অৱস্থাত হেচাঁ-ঠেলাত গুৰুতৰভাৱে আহত হয় মহিলাগৰাকী।
তথ্য অনুসৰি এই ৫ টা সমষ্টিত মুঠ ৩৮ গৰাকীয়ে প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত সৰ্বাধিক চামগুৰিত ১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। চামগুৰিত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৰকিবুল হুচেইনৰ পুত্ৰ তানজিল হুচেইন, বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মা। লগতে নিৰ্দলীয় হিচাপে ৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সমষ্টিটোত । চামগুৰিৰ নিৰ্দলীয় প্ৰাৰ্থীসকল হৈছে-জেহিৰুল ইছলাম,নুৰুল আমিন চৌধুৰী,ৰবুল হক, ফাতেমা খাতুন, শশী তাতী,মুচাব্বিৰ আলি আহমেদ, আব্দুল মাজিদ,আব্দুছ চবুৰ মিঞা আৰু বীৰেন বচাক ।