Assam by election: ৰকিৰ দুৰ্গত হিমন্তৰ হুংকাৰ! মুখ্যমন্ত্ৰীয়ে কাক তুলনা কৰিলে বলধ গৰুৰ সৈতে…

Assam by election: অসমত তুংগত উঠিছে বিধানসভাৰ উপ- নিৰ্বাচনক লৈ নিৰ্বাচনী প্ৰচাৰ। আজি চামগুৰিত বিশাল জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰকিবুল হুচেইনক তীব্ৰ কটাক্ষ কৰাৰ লগতে চামগুৰি সমষ্টিক বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে।

Assam by election: ৰকিৰ দুৰ্গত হিমন্তৰ হুংকাৰ! মুখ্যমন্ত্ৰীয়ে কাক তুলনা কৰিলে বলধ গৰুৰ সৈতে...

হিমন্ত- ৰকিবুল

Published: 

07 Nov 2024 15:03 PM

ৰাজ্যৰ উপ- নিৰ্বাচনক লৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে চামগুৰি সমষ্টিত বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক বিশাল জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰকিবুল হুচেইনৰ লগতে কংগ্ৰেছত তীব্ৰ কটাক্ষ কৰে। ভাষণ প্ৰসংগত শৰ্মাই কয় যে, চামগুৰিত দিপ্লুৰঞ্জন শৰ্মা ২০-২৫ হাজাৰ ভোটত জয়লাভ কৰিব। ইয়াৰোপৰি চামগুৰি সমষ্টিত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলি অহা বুলি মন্ত্যব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

ভাষণৰ আৰম্ভণিতে ৰকিবুল হুচেইনক কটাক্ষ কৰি শৰ্মাই কয় যে, কেতিয়াবা মই কনফিউজ হৈ যাওঁ চামগুৰিত বিজেপি জিকিবনে নাই। কিন্তু যেতিয়া টিভিত ৰকিবুল হুচেইনক দেখা পাওঁ তেতিয়া নিশ্চিত হওঁ বিজেপি জিকিব বুলি। কংগ্ৰেছে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰে বুলি উল্লেখ কৰি শৰ্মাই কয়, কংগ্ৰেছৰ ইমান কৰ্মকৰ্তা চামগুৰিত আছে, গতিকে কোনোবাক টিকট দি দিলে হয়। কিন্তু এওঁলোকে কংগ্ৰেছৰ কোনো নেতা, ৰাইজক বিশ্বাস নকৰে। সেয়ে নিজৰ ল’ৰা- ছোৱালীক বাদ দি কাকো টিকট নিদিয়ে।

চামগুৰিত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি অব্যাহত আছে বুলি উল্লেখ কৰি শৰ্মাই কয় যে, চামগুৰিত বিধায়ক আছিল নুৰুল হুচেইন, পাছত হয় ৰকিবুল হুচেইন আৰু এতিয়া আহিছে তানজিল হুচেইন। ইয়াৰ পাছতো চামগুৰিৰ মানুহ বিধায়ক হ’ব নোৱাৰে। কাৰণ তানজিলৰ পুতেকহে বিধায়ক হ’ব। ইয়াৰোপৰি নিৰ্বাচনত জয়লাভ কৰাৰ পাছত ২৫ নৱেম্বৰত বিজেপিয়ে পুৱা শিঙিমাৰী আৰু সন্ধিয়া আমবাগানত জনসভা সম্বোধন কৰিব বুলি শৰ্মাই কয়।

বলধ গৰুৱে কেতিয়াও গাখীৰ নিদিয়ে বুলি উল্লেখ কৰি শৰ্মাই কয় যে, দিছপুৰ, দিল্লীত আছে বিজেপিৰ চৰকাৰ। গতিকে কংগ্ৰেছক দানা খুৱালেও ৰাইজৰ কাম কৰিব নোৱাৰে। ইয়াৰোপৰি আগন্তুক ৫০ বছৰ অসমত বিজেপি চৰকাৰ থাকিব বুলি কয় মুখ্যমন্ত্ৰীয়ে। শৰ্মাই কয় যে, গাখীৰ খাবলৈ গাই গৰুক দানা খুৱাব লাগিব। গতিকে কংগ্ৰেছত ভোট দিলে গাখীৰ নাপায়।

তেওঁ কয়, বলধ গৰু ডাঙৰ- দীঘল কিন্তু যিমান দানা খুৱালেও গাখীৰ নিদিয়ে। ৰকিবুল হুচেইনো ডাঙৰ দীঘল, গতিকে কংগ্ৰেছক ভোট দিলেও একো লাভ নহয়। গাখীৰ খাবলৈ বিজেপিক ভোট দিব লাগিব, আৰু বিজেপি ১৬ লিটাৰ গাখীৰ দিয়া গাই ।

কংগ্ৰেছৰ দিনত কিহৰ বাবে অৰুণোদয় আঁচনি হোৱা নাছিল বুলি প্ৰশ্ন কৰে হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, ৰকিবুল হুচেইনে ১২৫০ টকাৰ মূল্য বুজি নাপাই, কিন্তু আমি বুজি পাওঁ।  আমাৰ মতে  ১২৫০ টকাকৈ পোৱাসকল হিতাধিকাৰী নহয়। অহা দুমাহৰ ভিতৰত চামগুৰিত নতুনকৈ ১৫০০ পৰিয়ালক অৰুণোদয় আঁচনি দিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

কি কি প্ৰতিশ্ৰুতি দিলে

  •  ১ জানুৱাৰীৰ পৰা চাহ শ্ৰমিকসকলে ২৫০ টকাকৈ দৰমহা লাভ কৰিব।
  • চামগুৰি হাইচেকেণ্ডাৰী স্কুলখন মডেল স্কুললৈ নিয়া হব।
  • শিঙিমাৰী হাস্পাতালখন অত্যাধুনিকৰণ কৰা হব।
  • চামগুৰি সমষ্টিত পথ উন্নতীকৰণৰ বাবে বিশেষ পেকেজ।
  • চামগুৰিত নতুনকৈ ১৫০০ পৰিয়ালক অৰুণোদয় আঁচনি দিব

উল্লেখ্য যে, এইবাৰ চামগুৰিত কংগ্ৰেছৰ হৈ ৰকিবুল হুচেইনৰ পুত্ৰ তানজিল হুচেইনে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে বিজেপি মিত্ৰজোঁটৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে দিপ্লু ৰঞ্জন শৰ্মাই। বছৰ বছৰ ধৰি এই সমষ্টিটো কংগ্ৰেছে আধিপত্য কৰি আহিছে যদিও এইবাৰ এই সমষ্টি বিজেপিয়ে কাঢ়ি লোৱাৰ তীব্ৰ প্ৰস্তুতি চলাইছে।

 

ঘৰত তুলসী গছ আছে নেকি? এনেদৰে কৰক ব্যৱহাৰ, উজ্বল হৈ উঠিব ছাল...
ঋণৰ সমস্যাত ভুগিছে নেকি? তেন্তে কৰক এই কাম, দূৰ হ'ব ধনৰ সমস্যা...
অসমৰ ছুইজাৰলেণ্ড সদৃশ হাফলঙলৈ গৈ পাইছে নে?
খালী পেটত ইলাচী খালে কি হয় জানেনে? পঢ়ক বিশেষজ্ঞৰ মতামত