5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam by election: চামগুৰিত প্ৰচাৰ চলাব হিমন্ত বিশ্বই, খহাব পাৰিবনে ৰকিবুলৰ দুৰ্গ?

Assam by election: অসমত অনুষ্ঠিত হ'বলগীয়া উপ- নিৰ্বাচনক লৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যে ইয়াকে লৈ তুংগত উঠিছে প্ৰচাৰ অভিযান। শাসক- বিৰোধী প্ৰতিটো দলেই এতিয়া ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযানত। এই নিৰ্বাচনত সবাতোকৈ চৰ্চাত আছে চামগুৰি সমষ্টি।

Assam by election: চামগুৰিত প্ৰচাৰ চলাব হিমন্ত বিশ্বই, খহাব পাৰিবনে ৰকিবুলৰ দুৰ্গ?
চামগুৰি
barasha-sarma
Barasha Sarma | Published: 03 Nov 2024 21:18 PM

ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া উপ- নিৰ্বাচনক লৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইয়াকে লৈ ৰাজ্যৰ ৫ টা সমষ্টিতে তুংগত উঠিছে প্ৰচাৰ অভিযান। শাসক- বিৰোধী প্ৰতিটো দল ব্যস্ত হৈ পৰিছে প্ৰচাৰ অভিযান। বিগত কেইটামান দিন ধৰি বিহালী সমষ্টিক লৈ চলি থকা চৰ্চাৰ মাজতে এতিয়া চামগুৰি সমষ্টিক লৈ চৰ্চা আৰম্ভ হৈছে। দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ শাসনত থকা এই সমষ্টিটো উদ্ধাৰ কৰিবলৈ দিনে নিশাই ব্যস্ত হৈ পৰিছে শাসকীয় দল বিজেপি। ইতিমধ্যে বহু নেতা- মন্ত্ৰীয়ে সমষ্টিটোত প্ৰচাৰ অভিযান চলাইছে।

লক্ষণীয় হৈ উঠিছে চামগুৰি সমষ্টিৰ নিৰ্বাচন। বিগত কেইটামান দিনত এই সমষ্টিৰ পৰা বহু নিৰ্বাচনকেন্দ্ৰিক সংঘাতো পোহৰলৈ আহিছে। আনকি এই সংঘাতত এজন বিজেপি কৰ্মী মৃত্যু হোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে। মুঠতে চামগুৰি সমষ্টি নিজৰ হাতলৈ আনিবলৈ এতিয়া সকলো ধৰণৰ চেষ্টায়ে কৰিছে শাসক- বিৰোধিয়ে।

চামগুৰি সমষ্টিত কেইবাগৰাকী মন্ত্ৰী বিধায়কৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাইও চলাই গৈছে প্ৰচাৰ অভিযান। আনহাত দীৰ্ঘদিন ধৰি প্ৰতিনিধিত্ব কৰি অহা চামগুৰি সমষ্টিটো পুত্ৰৰ হাতত গটাবলৈ দিন ৰাতি এক কৰি দিছে সাংসদ ৰকিবুল হুচেইনে। যিকোনো পধ্যে পুত্ৰ তানজিল হুচেইনক চামগুৰিত জয়ী কৰাৰ চেষ্টা কৰিছে ৰকিবুলে।

বৰ্তমান ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গতিকে প্ৰশ্ন উত্থাপন হৈছিল যে, ৰকিবুলৰ পুত্ৰৰ বিৰুদ্ধে যুঁজিবলৈ চামগুৰি সমষ্টিত হিমন্তই প্ৰচাৰ চলাব নে নাই?  ইয়াৰ মাজতে খবৰ আহিছে যে অহা ৭ নৱেম্বৰত বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ হৈ চামগুৰি সমষ্টিত প্ৰচাৰ অভিযান চলাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে এই সমষ্টিটোত বিজেপিৰ নেতা বিধায়ক, মন্ত্ৰীসকলে প্ৰচাৰ অভিযান চলাই আছে। তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিয়ে দলটোক আৰু শক্তি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।  একাংশৰ মতে মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অভিযানে দলটোক নিৰ্বাচনৰ ক্ষেত্ৰত যথেষ্ঠ সহায় কৰিব। সূত্ৰ অনুসৰি জানিব পৰা মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উক্ত দিনটোত চামগুৰিৰ লগতে বিহালীতো প্ৰচাৰ অভিযান চলাব। ইয়াৰ লগতে ৫ নৱেম্বৰত ধলাই, ৬ নৱেম্বৰত বঙাইগাঁও আৰু ছিদলীত নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, অহা ১৩ নৱেম্বৰত অসমৰ ৫ সমষ্টিত অনুষ্ঠিত হ’ব উপ- নিৰ্বাচন। এই সমষ্টি কেইটা- চামগুৰি, বিহালী, ধলাই, বঙাইগাঁও আৰু ছিদলী। এই ৫ টা সমষ্টিত মুঠ ৩৪ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ইয়াৰে চামগুৰি আৰু বিহালী সমষ্টি কংগ্ৰেছৰ দখলত থকাৰ বিপৰীতে আন কেইটা সমষ্টিত এন ডি এৰ বিধায়ক আছিল। গতিকে পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব কাৰ হাতলৈ কি সমষ্টি যায়।

 

Latest News