Assam by election: চামগুৰিত চলিছে ককাদেউতা- নাতিয়েকৰ ৰাজনীতিঃ মুখ্যমন্ত্ৰী

Assam by election: চামগুৰি সমষ্টিত চলিছে ককাদেউতা- নাতিয়েকৰ ৰাজনীতি- এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চামগুৰি সমষ্টিত পৰিয়ালবাদ চলিছে বুলি মন্তব্য কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে ৰাইজক এক বিশেষ আহ্বান জনায়। তেওঁ সকলোকে বিবেকেৰে ভোট দিবলৈ আহ্বান জনায়।

Assam by election: চামগুৰিত চলিছে ককাদেউতা- নাতিয়েকৰ ৰাজনীতিঃ মুখ্যমন্ত্ৰী

হিমন্ত- ৰকিবুল

Published: 

11 Nov 2024 12:11 PM

ৰাজ্যৰ বিধানসভাৰ উপ- নিৰ্বাচনৰ পূৰ্বে চামগুৰি সমষ্টিত নিৰ্বাচনকেন্দ্ৰিক সংঘাতে চূড়ান্ত পৰ্যায় পাইছেগৈ। প্ৰতিদিনেই সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন হিংসাত্মক ঘটনাৰ খবৰ পোহৰলৈ আহিছে। কংগ্ৰেছ- বিজেপিৰ সমৰ্থকৰ মাজত হোৱা এই সংঘাতত দুয়োটা দলে পৰস্পৰে পৰস্পৰক জগৰীয়া কৰিছে। শেহতীয়াকৈ এই বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক তদন্তৰ নিৰ্দেশ দিয়ে। শৰ্মাই কয় যে, হিংসা কেতিয়াও মানি লব নোৱাৰি।

চামগুৰি সমষ্টি সন্দৰ্ভত ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে,  চামগুৰিত এইবাৰ তৃতীয় প্ৰজন্ম। প্ৰথমে ককাক,পাছত দেউতাক এইবাৰ নাতিয়েকে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। অসমৰ ৰাজনীতিত আৰু এটা অন্ধকাৰ যুগৰ আৰম্ভণী হ’বলৈ গৈ আছে। পিতৃৰ পৰিচয় অবিহনে ৰাজনীতি কৰিব আমি পাৰো নে নাই বুলি প্ৰশ্ন কৰি শৰ্মাই কয় যে,  নিজৰ ভৰিত নিজে থিয় হৈ সংগ্ৰাম কৰাৰ বিপৰীতে পিতৃৰ বোকোচাত উঠি কোনোৱে সমষ্টিৰ বিধায়ক হব বিচাৰিছে।

শৰ্মাই কয় যে, চামগুৰিৰ ৰাইজে বিবেচনা কৰিব যে এইবাৰ এজন সাধাৰণ ঘৰৰ সাধাৰণ যুৱকক ভোট দিব নে তৃতীয় প্ৰজন্মৰ কাৰোবাক ভোট দিব। অসমৰ ৰাজনীতিক পৰিয়ালবাদত থিতাপি নিদিবলৈ আহ্বান জনাই শৰ্মাই। লগতে কয় যে, এইবাৰ চামগুৰিত বিবেকৰ যুঁজ হব। মানুহে বিবেকেৰ সিদ্ধান্ত লব কাক ভোট দিব কাক নিদিব।

উল্লেখ্য যে, চামগুৰি সমষ্টিত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৰকিবুল হুচেইনৰ পুত্ৰ তানজিল হুচেইনে আনহাতে বিজেপিৰ মিত্ৰজোঁটৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে দিপ্লু ৰঞ্জন শৰ্মাই। এই সমষ্টিটোত বছৰৰ পাছত বছৰ ধৰি কংগ্ৰেছে শাসন কৰি আহিছে। পূৰ্বে নৰুল হুচেইন, ২০০১ চনৰ পৰা ৰকিবুল হুচেইন আৰু এইবাৰ এই সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৰকিবুলৰ পুত্ৰ তানজিল হুচেইনে। যাৰ বাবে এই সমষ্টিটোত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলা বুলি দাবী কৰিছে বিজেপিয়ে।

ইয়াৰ পূৰ্বে এই সমষ্টিটোত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই যদিও বিশেষ কোনো কষ্ট কৰা দেখা নাযায়। পৰাজয় নিশ্চিত বুলি গম পাই বিজেপিয়ে বহু পৰিমাণে এই সমষ্টিৰ পৰা আঁতৰত আছিল। কিন্তু ৰকিবুল হুচেইন সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতেই এই সমষ্টিটো নিজৰ দখললৈ আনিবৰ বাবে উঠি পৰি লাগিছে বিজেপি। আনহাতে কংগ্ৰেছেও সমষ্টিটো নিজৰ হাতত ৰাখিবলৈ সকলো ধৰণৰ চেষ্টায়ে কৰিছে।

বিধানসভাৰ উপ- নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। ১৩ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগতে ২৩ নৱেম্বৰত ফলাফল ঘোষণা হব। গতিকে তাৰ পাছতেই স্পষ্ট হৈ পৰিব কোনে ধৰি ৰাখিব পাৰে চামগুৰিৰ বাঘজৰী।

আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস
বৃহস্পতিবাৰৰ দিনটোত হালধীৰ দ্বাৰা কৰক এনে বিধান, দূৰ হ’ব ধনৰ অভাৱ
শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক
তীৰ্থযাত্ৰাৰ সময়ত নকৰিব এই ভুল কৰে, নাপাব পূণ্যফল!