5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

উপ- নিৰ্বাচনঃ অসমৰ ৫ সমষ্টিত NDA প্ৰাৰ্থীৰ বৃহৎ জয়, চাওক কোনে,ক’ত কৰিলে জয়লাভ…

Assam by election result: বহু অপেক্ষাৰ অন্তত প্ৰকাশ পালে অসমৰ ৫ সমষ্টিৰ বিধানসভা নিৰ্বাচনৰ উপ- নিৰ্বাচনৰ ফলাফল। অসমৰ চামগুৰি, বিহালী, ধলাই, বঙাইগাঁও আৰু চিদলীত এন ডি এৰ প্ৰাৰ্থীয়ে জয় লাভ কৰিবলৈ সক্ষম হয়। ১৩ নৱেম্বৰত অনুষ্ঠিত হৈছিল অসমৰ ৫ সমষ্টিৰ বিধানসভাৰ উপ- নিৰ্বাচন।

উপ- নিৰ্বাচনঃ অসমৰ ৫ সমষ্টিত NDA প্ৰাৰ্থীৰ বৃহৎ জয়, চাওক কোনে,ক’ত কৰিলে জয়লাভ…
অসমৰ উপ- নিৰ্বাচনৰ ফলাফল
barasha-sarma
Barasha Sarma | Published: 23 Nov 2024 16:53 PM

অপেক্ষাৰ অন্ত পেলাই শনিবাৰে ঘোষণা হ’ল অসম বিধানসভাৰ উপ নিৰ্বাচনৰ ফলাফল। যোৱা ১৩ নৱেম্বৰত অসমৰ বিহালী, চিদলী, বঙাইগাঁও, চামগুৰি আৰু ধলাই সমষ্টিত অনুষ্ঠিত হৈছিল নিৰ্বাচন। এই আটাইকেইটা সমষ্টিত এন ডি এৰ প্ৰাৰ্থী জয় লাভ কৰিবলৈ সক্ষম হয়। ৩০ বছৰ পাছত চামগুৰিত বিজেপিৰ প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাই জয়লাভ কৰাৰ বিপৰীতে বঙাইগাঁৱত অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী, চিদলীত নিৰ্মল কুমাৰ ব্ৰহ্ম, বিহালীত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাল আৰু ধলাইত বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন শৰ্মাই জয় লাভ কৰিবলৈ সক্ষম হয়। অৱশ্যে আনুষ্ঠানিক ঘোষণা এতিয়াও বাকী আছে।

এইবাৰ উপ- নিৰ্বাচনৰ সৰ্ব চৰ্চিত চামগুৰি সমষ্টিত সাংসদ ৰকিবুল হুচেইনৰ পুত্ৰ তানজিল হুচেইনক হৰুৱাই দিপ্লু ৰঞ্জন শৰ্মাই বৃহৎ জয় লাভ কৰিবলৈ সক্ষম হয়। প্ৰায় ২৬,০০০ ভোটৰ ব্যৱধানত দিপ্লু ৰঞ্জন শৰ্মাই এই সমষ্টি নিজৰ হাতলৈ আনিবলৈ সক্ষম হয়। ৰকিবুলৰ পিতৃ নুৰুল হুচেইনৰ পাছত ২০০১ চনৰ পৰা এই সমষ্টিটো কংগ্ৰেছৰ হাতত আছিল। কিন্তু ৩০ বছৰৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এইবাৰ এই সমষ্টিত বিজেপিয়ে নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হয়।

বিহালী সমষ্টিত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালে ৯,০৫১টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। ঘাটোৱালে মুঠ ৫০,৯৪৭টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই লাভ কৰে ৪১,৮৯৬টা ভোট। এইদৰে ৯,০৫১টা ভোটৰ ব্যৱধানত জয়লাভ কৰে দিগন্ত ঘাটোৱালে। এই সমষ্টিটোৰ বাবে অসম সন্মিলিত মৰ্চা ভংগ হৈছিল আৰু কংগ্ৰেছ- চিপিআইম (এম এল)য়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিল। অসম সন্মিলিত মৰ্চাক বিশ্বাসঘাটকতা কৰি কংগ্ৰেছে এই সমষ্টিটোত জয়ন্ত বৰাক দিয়াৰ পাছতে অসম সন্মিলিত মৰ্চাৰ হৈ চি পি আই (এম এল)ৰ প্ৰাৰ্থী লক্ষ্মীকান্ত কুৰ্মীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

ঠিক তেনেদৰে ধলাই সমষ্টিও যায় বিজেপিৰ হাতলৈ। প্ৰায় ১০,০০০ ভোটৰ বিনিময়ত এই সমষ্টিটোত জয় লাভ কৰে বিজেপিৰ প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসে। এই সমষ্টিটো বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসে ৬৮,৭৫৯ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থই ৫৪,৭৪২ টা ভোট লাভ কৰে। বিজেপি, কংগ্ৰেছৰ লগতে ধলাই সমষ্টিত ৬গৰাকী নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে অমলেন্দু দাস, ধীৰাজ দাস, পৰিমল দাস, ৰাজু দাস আৰু গৌৰ চন্দ্ৰ দাস, দিলীপ কুমাৰ ধুবীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

চিদলীত ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই জয়লাভ কৰে। চিদলীৰ পৰা ৩ গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ইউপিপিএলে নিৰ্মল কুমাৰ ব্ৰহ্মকে ধৰি  বিপিএফৰ শুদ্ধ কুমাৰ বসুমতাৰী আৰু কংগ্ৰেছৰ সঞ্জীৱ ৱাৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ৷

আনহাতে বঙাইগাঁও সমষ্টিত অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে জয়লাভ কৰিবলৈ সক্ষম হয়। ২৯,৬৬৫ ভোটৰ ব্যৱধানত জয়লাভ  কৰে। বঙাইগাঁৱত মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। অগপৰ লগতে কংগ্ৰেছৰ হৈ সমষ্টিটোত ব্ৰজেনজিৎ সিনহা, এছইউচিআইৰ হৈ মৃত্যুঞ্জয় ৰাভা, নিৰ্দলীয় প্ৰাৰ্থী শৈলেন্দ্ৰ সৰকাৰ, অনুপ কুমাৰ কৰ্মকাৰ, ভদ্ৰেশ্বৰ বৰ্মন, গৌতম ৰায় লগতে দীপক দাসে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৷

Latest News