Assam by election 2024: উপ-নিৰ্বাচনৰ পূৰ্বে থানবান বিৰোধী ঐক্য, অসম সন্মিলিত মৰ্চাত নাথাকে অসম জাতীয় পৰিষদ! | assam by election opposition party clash asom jatiya parishad lurin jyoti gogoi Assam news - Assam Tv9

Assam by election 2024: উপ-নিৰ্বাচনৰ পূৰ্বে থানবান বিৰোধী ঐক্য, অসম সন্মিলিত মৰ্চাত নাথাকে অসম জাতীয় পৰিষদ!

বিৰোধী ঐক্যৰ পৰা ওলাই আহিব অসম জাতীয় পৰিষদ। বিহালীৰ প্ৰাৰ্থিত্বক লৈ সংঘাত আৰম্ভ হৈছিল বিৰোধী ঐক্যত। তাৰ পাছতে বিৰোধী ঐক্যৰ উমৈহতীয়া মঞ্চ অসম সন্মিলিত মৰ্চাৰ পৰা ওলাই অহাৰ সিদ্ধান্ত অসম জাতীয় পৰিষদৰ। আজি দিনৰ ১১-৩০ বজাত আছে দলটোৰ কৰ্ণধাৰ বৈঠক।

Assam by election 2024: উপ-নিৰ্বাচনৰ পূৰ্বে থানবান বিৰোধী ঐক্য, অসম সন্মিলিত মৰ্চাত নাথাকে অসম জাতীয় পৰিষদ!

অসম সন্মিলিত মৰ্চাত নাথাকে অসম জাতীয় পৰিষদ!

Updated On: 

24 Oct 2024 12:46 PM

ৰাজ্যত তচনচ হ’ল বিৰোধী ঐক্য। বিৰোধী ঐক্যৰ পৰা ওলাই আহিব অসম জাতীয় পৰিষদ। বিহালীৰ প্ৰাৰ্থিত্বক লৈ সংঘাত আৰম্ভ হৈছিল বিৰোধী ঐক্যত। তাৰ পাছতে বিৰোধী ঐক্যৰ উমৈহতীয়া মঞ্চ অসম সন্মিলিত মৰ্চাৰ পৰা ওলাই অহাৰ সিদ্ধান্ত অসম জাতীয় পৰিষদৰ। আজি দিনৰ ১১-৩০ বজাত আছে দলটোৰ বৈঠক। এই বৈঠকৰ পাছতে দলটোৱে গ্ৰহণ কৰিব চূড়ান্ত সিদ্ধান্ত।

বিৰোধী প্ৰাৰ্থী ঘোষণা হোৱাৰ পূৰ্বে বুধবাৰে অসম সন্মিলিত মৰ্চাৰ সভাপতি পদ ত্যাগ কৰে ভূপেন বৰাই। সভাপতিৰ পদত্যাগৰ পাছতেই বিৰোধিৰ দুৰ্বল স্থিতি প্ৰদৰ্শন হৈছে আৰু ৰাজ্যৰ বিৰোধিলৈ নামি আহিছে অশনি সংকট। তাৰ পাছতে বিতৰ্কৰ অৱসান ঘটাই কংগ্ৰেছে প্ৰকাশ কৰিলে বিহালী সমষ্টিৰ প্ৰাৰ্থীৰ নাম। বিহালীৰ কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব জয়ন্ত বৰা। ইয়াৰ পাছতে বিহালী সমষ্টিৰ বাবে চিপিআই (এমএল) য়েও  ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম। ৰাজ্যৰ বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে বিহালী সমষ্টিৰ পৰা লক্ষ্মীকান্ত কুৰ্মীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে বিৰোধিয়ে।

ৰাজ্যত বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থতে অসমত একত্ৰিত হৈছিল বিৰোধী। কিন্তু এতিয়া বিহালীৰ প্ৰাৰ্থিত্বক লৈ সংঘাত আৰম্ভ হৈছে বিৰোধী ঐক্যত। বিহালী সমষ্টিৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতৰ মষিমূৰ কৰি প্ৰাৰ্থী নিৰ্বাচনৰ বাবে ৫ জনীয়া এক কমিটি গঠন হৈছিল। এই কমিটিয়ে বিচাৰিছিল যে বিহালী সমষ্টি কংগ্ৰেছে এৰি দিয়ক আৰু এই সমষ্টিত মৰ্চাৰ অন্য কোনো দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰক। প্ৰথম অৱস্থাত কংগ্ৰেছে এই সমষ্টি অসম সন্মিলিত মৰ্চাক এৰি দিছিল যদিও কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ইয়াৰ বিৰোধিতা কৰি বিজেপিৰ পৰা পদত্যাগ কৰা জয়ন্ত বৰাক কংগ্ৰেছ দলৰ পৰা টিকট দিবলৈ উঠিপৰি লাগিছিল। আনহাতে মৰ্চাই বিচাৰিছিল মৰ্চাৰ প্ৰাৰ্থী হওক চিপিআই (এলএম)ৰ বিবেক দাস।

পাঁচটা সমষ্টিৰ ভিতৰত একমাত্ৰ বিহালী সমষ্টিত বিৰোধীয়ে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি এই বিষয়ে এ আই চি চি কো অৱগত কৰিছিল অসম সন্মিলিত মৰ্চাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছেও। সেই অনুসৰিয়েই বিৰোধীৰ প্ৰাৰ্থী হিচাপে চি পি আই এম এলৰ প্ৰাৰ্থী বিবেক দাসৰ নাম চৰ্চালৈ আহিছিল। পাছত কংগ্ৰেছে অসম সন্মিলিত মৰ্চাক বিবেক দাসৰ পৰিৱৰ্তে আন শক্তিশালী প্ৰাৰ্থী নিৰ্বাচিত কৰিবলৈ আহ্বান জনোৱাত অসম সন্মিলিত মৰ্চাই সেই আহ্বানৰ প্ৰতিও সহাৰি জনাই আন প্ৰাৰ্থীৰ সন্ধানত বৈঠকত বহে। বিৰোধীৰ এনে বৈঠকৰ মাজতেই ৰাষ্ট্ৰীয় কংগ্ৰেছে বিহালী সমষ্টিৰ বাবে ঘোষণা কৰে সদ্য বিজেপি ত্যাগী জয়ন্ত বৰাৰ নাম।

E-69: পৃথিৱীৰ শেষৰটো পথ,য'ত ৬ মাহত হয় এটা দিন...
ভাৰতত থকা এই ঠাইসমূহলৈ যাব নোৱাৰে কোনো ভাৰতীয়!
এনেদৰে আলু খালে কেতিয়াও শকত নহয় আপুনি! জানি লওক টিপচ
গৰুড় পুৰাণৰ মতে, মৃত্যুৰ পূৰ্বে এজন ব্যক্তিয়ে লাভ কৰে এই ৫টা সংকেত!