5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam by election: নিৰ্বাচনৰ পূৰ্বে বিধ্বস্ত বিৰোধী! কংগ্ৰেছত সৃষ্টি লবীকেন্দ্ৰিক ৰাজনীতি…

Assam By election: কেৱল অসম সন্মিলিত মৰ্চাতেই নহয়, কংগ্ৰেছতো দেখা দিছে লবী কেন্দ্ৰিক ৰাজনীতিয়ে। বিহালী সমষ্টিৰ প্ৰতি ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মাজত সৃষ্টি হৈছিল লবীকেন্দ্ৰিক ৰাজনীতি।

Assam by election: নিৰ্বাচনৰ পূৰ্বে বিধ্বস্ত বিৰোধী!  কংগ্ৰেছত সৃষ্টি লবীকেন্দ্ৰিক ৰাজনীতি…
বিৰোধী
barasha-sarma
Barasha Sarma | Published: 23 Oct 2024 15:54 PM

অসম বিধানসভাৰ উপ- নিৰ্বাচনৰ পূৰ্বে বিভাজন হোৱাৰ দিশে বিৰোধী। বিৰোধী প্ৰাৰ্থী ঘোষণা হোৱাৰ পূৰ্বে  বুধবাৰে অসম সন্মিলিত মৰ্চাৰ সভাপতি পদ ত্যাগ কৰে ভূপেন বৰাই। সভাপতিৰ পদত্যাগৰ পাছতেই বিৰোধিৰ দুৰ্বল স্থিতি প্ৰদৰ্শন হৈছে আৰু ৰাজ্যৰ বিৰোধিলৈ নামি আহিছে অশনি সংকট। ভূপেন বৰাৰ পদত্যাগৰ পাছতেই প্ৰশ্ন উঠিছে যে, অসমত থাকিবনে বিৰোধী দলৰ মিত্ৰতা?  নে নিৰ্বাচৰ পূৰ্বে ভাঙি চুৰমাৰ হব অসম সন্মিলিত মৰ্চা?

উল্লেখ কৰা প্ৰয়োজন যে অসমৰ ৫ টা সমষ্টিত বিধানসভাৰ উপ- নিৰ্বাচন অনুষ্ঠিত হ’ব। এই ৫ সমষ্টিৰ ভিতৰত ৪ সমষ্টিৰ প্ৰাৰ্থীৰ নাম বিৰোধিয়ে ঘোষণা কৰিছে যদিও বিহালী সমষ্টিয়ে জ্বলা- কলা খুৱাইছে মৰ্চাক।  বিহালী সমষ্টিৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতৰ মষিমূৰ কৰি প্ৰাৰ্থী নিৰ্বাচনৰ বাবে ৫ জনীয়া এক কমিটি গঠন হৈছিল। এই কমিটিয়ে বিচাৰিছিল যে বিহালী সমষ্টি কংগ্ৰেছে এৰি দিয়ক আৰু এই সমষ্টিত মৰ্চাৰ অন্য কোনো দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰক।

প্ৰথম অৱস্থাত কংগ্ৰেছে এই সমষ্টি অসম সন্মিলিত মৰ্চাক এৰি দিছিল যদিও কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ইয়াৰ বিৰোধিতা কৰি বিজেপিৰ পৰা পদত্যাগ কৰা জয়ন্ত বৰাক কংগ্ৰেছ দলৰ পৰা টিকট দিবলৈ উঠিপৰি লাগিছিল। আনহাতে মৰ্চাই বিচাৰিছিল মৰ্চাৰ প্ৰাৰ্থী হওক চিপিআই (এলএম)ৰ বিবেক দাস।

কিন্তু শেহতীয়াকৈ বিবেক দাসৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰিছিল কংগ্ৰেছে আৰু চৰ্ত সাপেক্ষে বিহালী সমষ্টি এৰি দিয়াৰ কথা কৈছিল। অসম সন্মিলিত মৰ্চাই অন্য কোনো প্ৰাৰ্থীৰ সন্ধান কৰি আছিল যদিও সেই সময়তে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে বিহালীত এক বিশাল ৰোড শ্ব’ কৰে। সমষ্টিটোক লৈ সৃষ্টি হোৱা এনে অবাঞ্চিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰচণ্ড হেঁচাত মৰ্চাৰ সভাপতি পদ ত্যাগ কৰে ভূপেন বৰাই।

আনহাতে বিহালীত ৰোড শ্ব’ কৰা সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় যে, আমি আগতেই ঠিক কৰিছিলো আজিৰ ৰোড শ্ব’ৰ কথা। সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে ২৩ অক্টোবৰত বিহালীত উপস্থিত হৈ কংগ্ৰেছৰ নেতা- কৰ্মী, জ্যোষ্ঠসকলৰ সৈতে আলোচনাত মিলিত হ’ম। সেই মৰ্মে আজি ইয়াত উপস্থিত হৈছো। ইয়াৰোপৰি প্ৰাৰ্থী সন্দৰ্ভত দলৰ জ্যেষ্ঠ নেতাই সিদ্ধান্ত  গ্ৰহণ কৰিব বুলি কয় গগৈয়ে।

গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ স্থিতিয়ে দলটোৰ অন্তঃকন্দলৰ কথাও স্পষ্ট কৰিছে। বিহালী সমষ্টিৰ বাবে কংগ্ৰেছৰ মাজত দেখা দিয়া লবীকেন্দ্ৰিক ৰাজনীতি স্পষ্ট হৈ পৰিছে। গৌৰৱ গগৈয়ে কোনো পধ্যেই মৰ্চাক বিহালী সমষ্টি এৰি দিব বিচৰা নাছিল আৰু সেই মৰ্মে এতিয়া কংগ্ৰেছে বিহালীৰ পৰা অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।স

বৰাৰ পদত্যাগৰ পাছতেই এতিয়া স্পষ্ট হৈ পৰিছে বিৰোধিৰ বিভাজন। এই সন্দৰ্ভত অসম সন্মিলিত মৰ্চাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে,  দেশত বিজেপিক উৎখাত কৰিবলৈ ,ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক ব্যৱস্থা প্ৰতিষ্ঠা কৰিবলৈ, গণতন্ত্ৰ শক্তিশালী কৰিবলৈ আমি ঐকবদ্ধ হ’বই লাগিব।সেয়ে ৫ সমষ্টিপৰ উপ নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত পুনৰ দোহাৰিছো যে ঐকবদ্ধ হোৱাৰ বাহিৰে বেলেগ বিকল্প নাই। এই উপ-নিৰ্বাচনক লক্ষ্য কৰি কিছুমানে মায়াজাল মেলিছে। ৰজাঘৰীয়াই পতা মায়াজালত আৱদ্ধ নহৈ সিদ্ধান্ত লোৱা দৰকাৰ।

বিহালীৰ প্ৰাৰ্থী সন্দৰ্ভত গগৈয়ে কয় যে, আমি উমৈহতীয়াকৈ প্ৰাৰ্থীৰ নাম প্ৰেৰণ কৰিছিলো আৰু উত্তৰৰ অপেক্ষা কৰিছিলো। কিন্তু আজি পৰ্যন্ত কোনো উত্তৰ নাহিল। আমি মিত্ৰতা বিচাৰো আৰু সকলো দিশ পৰ্যবেক্ষণ কৰিয়েই প্ৰাৰ্থীৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো। আমাৰ মূল লক্ষ্য ২০২৬ চনৰ বিধানসভা নিৰ্বাচন। গতিকে কংগ্ৰেছৰ কথা মতে আমি দ্বিতীয় প্ৰতিবেদন দাখিল কৰিলো কিন্তু পূৰ্বৰ স্থিতিয়ে প্ৰকাশ কৰিলো।  আমি বিচাৰো বিজেপিক পৰাভূত কৰিব। সেয়ে প্ৰাৰ্থী সলনি কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰিছিলো। কিন্তু ইমানৰ পাছতো কংগ্ৰেছে কোনো উত্তৰ নিদিলে। গগৈয়ে কয় যে, আবেগ, অহংকাৰ বাদ দি হাৰিয়ানাৰ পৰা কংগ্ৰেছে শিক্ষা ল’ব লাগে। গগৈয়ে কয়,  আমাৰো স্বাভিমান আছে, বাৰে বাৰে আমাৰ ধৈৰ্য পৰীক্ষা নল’ব।

নিৰ্বাচনৰ পূৰ্বে বিৰোধিৰ এই স্থিতিয়ে অসম সন্মিলিত মৰ্চাক ভাঙি চুৰমাৰ কৰাৰ দিশে গতি কৰিছে। উপ- নিৰ্বাচন আৰু ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে  অসম সন্মিলত মৰ্চাৰ এই অৱস্থাই বিৰোধিক বিধ্বস্ত কৰি পেলাব। ইয়াৰোপৰি অসম কংগ্ৰেছ দেখা দিয়ে অন্তঃকন্দলে দলটোক পুনৰ বেক ফুটলৈ টানি নিব বুলি অনুমান কৰা হৈছে।

Latest News