Assam by election: কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে ডাঙৰ অভিযোগ পিযুষ হাজৰিকাৰ

Assam by election: কালি ৰাজ্যৰ ৫ সমষ্টিত অনুষ্ঠিত হৈ যায় বিধানসভাৰ উপ- নিৰ্বাচন। নিৰ্বাচন অনুষ্ঠিত হোৱা এই ৫ টা সমষ্টি- বিহালী, চামগুৰি, বঙাইগাঁও, ছিদলী আৰু ধলাই। কিন্তু নিৰ্বাচনৰ পাছতেই কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে পিযুষ হাজৰিকাই উত্থাপন কৰিছে গুৰুত্বৰ অভিযোগ।

Assam by election: কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে ডাঙৰ অভিযোগ পিযুষ হাজৰিকাৰ

পিযুষ হাজৰিকা

Updated On: 

14 Nov 2024 10:23 AM

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ মন্ত্ৰী পিযুষ হাজৰিকাৰ। ছচিয়েল মিডিয়া যোগে এক পোষ্ট কৰি হাজৰিকাই কয় যে, “নিৰ্বাচনৰ নিয়মাৱলী আৰু আচৰণ বিধিত স্পষ্টকৈ উল্লেখ আছে যে এবাৰ ‘ছাইলেণ্ট পিৰিয়ড’ আৰম্ভ হ’লে আৰু ভোটদানৰ দিনটোত কেৱল ভোটাৰহে সমষ্টিটোত থাকিব পাৰে। কিন্তু শ্ৰীগৌৰৱ গগৈ ডাঙৰীয়াই কেৱল সমষ্টিটোত থাকিবলৈ বাছি লোৱাই নহয়, আজি বিহালীৰ কেইবাটাও বুথ পৰিদৰ্শন কৰি প্ৰচাৰ চলায়। কেৱল তেওঁৰ বংশ আৰু এজন বিখ্যাত ব্যক্তিৰ পুত্ৰ বুলিয়েই তেওঁৰ বাবে সংবিধান প্ৰযোজ্য নহয় বুলি ভাবে নেকি? এনে দাম্ভিকতা আৰু নিৰ্লজ্জ আইন উলংঘাক জনসাধাৰণে কেতিয়াও ক্ষমা নকৰে”।

উল্লেখ্য যে, কালি অনুষ্ঠিত হৈ যায় ৰাজ্যৰ ৫ সমষ্টিৰ বিধানসভাৰ উপ- নিৰ্বাচন। বিহালী, ছিদলী, বঙাইগাঁও আৰু ধলাই সমষ্টিত সুকলমে নিৰ্বাচন প্ৰক্ৰিয়া অনুষ্ঠিত হৈ যায় যদিও চামগুৰি সমষ্টিৰ পৰা দুই- এটা বিক্ষিপ্ত ঘটনা পোহৰলৈ আহে। ইয়াৰোপৰি নিৰ্বাচনৰ পূৰ্বে বিহালী আৰু চামগুৰি সমষ্টিত কিছু অৰাজকতাই বিৰাজ কৰিছিল।

বিহালী সমষ্টিৰ প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত হোৱা সংঘাতৰ পৰিণতিতেই অসম সন্মিলিত মৰ্চা প্ৰায় ভংগ হৈছিল আৰু সমষ্টিটো কংগ্ৰেছৰ লগতে চি পি আই (এম এল)ৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। এই সমষ্টিটোত কংগ্ৰেছৰ হৈ জয়ন্ত বৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে চি পি আই (এম এল)ৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল লক্ষ্মীকান্ত কুৰ্মীয়ে। পৰিস্থিতি এনে আহি পৰিছিল যে অসম সন্মিলিত মৰ্চাত থকা দলসমূহে কংগ্ৰেছৰ বিৰুদ্ধে প্ৰচাৰ কৰি গৈছিল।

মন কৰিবলগীয়া যে, এই সমষ্টিটোৰ বাহিৰে বাকী ৪ সমষ্টিত পূৰ্বে প্ৰাৰ্থী দিছিল কংগ্ৰেছে। কিন্তু বিহালী সমষ্টি অসম সন্মিলিত মৰ্চাই তেওঁলোকক এৰি দিয়া বিচাৰিছিল।  অৱশ্যে পূৰ্বৰ ধাৰা অব্যাহত ৰাখি বিশ্বাসঘাটকতা কৰি কংগ্ৰেছে এই সমষ্টিটোত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল সদ্য বিজেপি ত্যাগী জয়ন্ত বৰাক। যাৰ বাবে মিত্ৰ দলৰ মাজতেই সংঘাতৰ সৃষ্টি হৈছিল।

গতিকে এই সমষ্টিটো কংগ্ৰেছে যিকোনো পধ্যেই নিজৰ হাতলৈ অনাৰ চেষ্টা কৰি আছে। উল্লেখ কৰা প্ৰয়োজন যে,  বিহালীত মুঠ ৪ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । বিহালীত শাসকীয় বিজেপিয়ে দিগন্ত ঘাটোৱালক প্ৰাৰ্থীত্ব দিয়াৰ বিপৰীতে কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে জয়ন্ত বৰাই । লগতে, চিপিআই(এম এল)ৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ উপৰি আপৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে অনন্ত গগৈয়ে । বিহালী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা  ১,৩২,৫৭৯ গৰাকী। গতিকে বিহালী কাৰ হাতলৈ যায় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস
বৃহস্পতিবাৰৰ দিনটোত হালধীৰ দ্বাৰা কৰক এনে বিধান, দূৰ হ’ব ধনৰ অভাৱ
শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক
তীৰ্থযাত্ৰাৰ সময়ত নকৰিব এই ভুল কৰে, নাপাব পূণ্যফল!