Assam by election result: কাৰ হাতলৈ যাব চামগুৰি- বিহালী! দিশহাৰা হ’ব নেকি ৰকি- গৌৰৱ…

এইবাৰ নিৰ্বাচনত চামগুৰিত সৰ্বাধিক ১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। সমষ্টিটোত বিজেপিয়ে দিপ্লুৰঞ্জন শৰ্মাক প্ৰাৰ্থীত্ব দিয়া বিপৰীতে কংগ্ৰেছে সাংসদ ৰকিবুলৰ পুত্ৰ তাঞ্জিল হুছেইনক প্ৰাৰ্থিত্ব দিছে । ইফালে নিৰ্দলীয় হিচাপে ৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সমষ্টিটোত।

Assam by election result: কাৰ হাতলৈ যাব চামগুৰি- বিহালী! দিশহাৰা হব নেকি ৰকি- গৌৰৱ...

অসমৰ উপ- নিৰ্বাচন

Updated On: 

23 Nov 2024 12:29 PM

আজি ঘোষণা হ’ব দেশৰ আন ৰাজ্যৰ লগতে অসমৰ ৫ সমষ্টিৰ উপ- নিৰ্বাচনৰ ফলাফল। পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’বলগীয়া ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ বাবে ইতিমধ্যে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। অসমৰ ৫ সমষ্টি বিহালী, ছিদলী, চামগুৰি, বঙাইগাঁও আৰু ধলাইত ১৩ নৱেম্বৰত অনুষ্ঠিত হৈছিল বিধানসভাৰ উপ- নিৰ্বাচন। এইবাৰ এই নিৰ্বাচনত মূল যুঁজ দেখিবলৈ পোৱা যাব। বিশেষকৈ চামগুৰি আৰু বিহালী সমষ্টিয়ে এইবাৰ নিৰ্বাচনত জনতাৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিব।

এইবাৰ নিৰ্বাচনত চামগুৰিত সৰ্বাধিক ১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। সমষ্টিটোত বিজেপিয়ে দিপ্লুৰঞ্জন শৰ্মাক প্ৰাৰ্থিত্ব দিয়া বিপৰীতে কংগ্ৰেছে সাংসদ ৰকিবুলৰ পুত্ৰ তাঞ্জিল হুছেইনক প্ৰাৰ্থিত্ব দিছে । ইফালে নিৰ্দলীয় হিচাপে ৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সমষ্টিটোত । চামগুৰিৰ নিৰ্দলীয় প্ৰাৰ্থীসকল হৈছে-জেহিৰুল ইছলাম,নুৰুল আমিন চৌধুৰী,ৰবুল হক, ফাতেমা খাতুন, শশী তাতী,মুচাব্বিৰ আলি আহমেদ, আব্দুল মাজিদ,আব্দুছ চবুৰ মিঞা আৰু বীৰেন বচাক ।

এই সমষ্টিটো বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মা আৰু কংগ্ৰেছে সাংসদ ৰকিবুলৰ পুত্ৰ তাঞ্জিল হুছেইনৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’ব বুলি আশা কৰা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে,  ২০০১ চনৰ পৰা চামগুৰি সমষ্টিটো কংগ্ৰেছ সাংসদ ৰকিবুল হুচেইনৰ হাতত আছে। ইয়াৰ পূৰ্বে এই সমষ্টিটোৰ বাঘজৰী আছিল ৰকিবুল হুচেইনৰ পিতৃ নৰুল হুচেইনৰ হাতত। গতিকে বছৰ বছৰ ধৰি কংগ্ৰেছে দখল কৰি অহা এই আসনখন ৰকিবুলে নিজৰ হাতত ৰাখিবলৈ সকলো ধৰণৰ চেষ্টায়ে কৰা দেখা গৈছে।

ইয়াৰ বিপৰীতে ৰকিবুল সাংসদ হোৱাৰ পাছতেই এই সমষ্টিটো বিজেপিয়ে নিজৰ হাতলৈ নিবলৈ উঠি পৰি লাগিছে। ইয়াৰ পূৰ্বে বিজেপিয়ে পৰাজয় নিশ্চিত বুলি জানিয়েই নিৰ্বাচনৰ পৰা কিছু দূৰত্ব বজাই ৰাখিছিল। কিন্তু এইবাৰ চামগুৰি সমষ্টিৰ শাসন বিজেপিয়ে লাভ কৰাৰ বাবে সকলো প্ৰচেষ্টায়ে কৰিছে। যোৱা সময়চোৱাত বিজেপিৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকী নেতা বিধায়কে প্ৰচাৰ চলোৱা দেখা যায়।

নিৰ্বাচনৰ পূৰ্বৰে পৰা এই সমষ্টিটোত বহু বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাও দেখা যায়। আনকি নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ বাবে বিজেপিৰ এজন সদস্যই প্ৰাণ হেৰুৱাবলগীয়াও হয়। তেনে পৰিস্থিতিত এই সমষ্টিটো কাৰ হাতলৈ যায় সেয়া হ’ব লক্ষণীয়। কিয়নো আজিৰ ফলাফলে এই সমষ্টিটোৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। উল্লেখ্য যে, এইবাৰ  চামগুৰি সমষ্টিত  মুঠ ভোটাৰৰ সংখ্যা আছিল ১,৮০,৮৫৪ গৰাকী।

বিহালী

আনহাতে এইবাৰ বিহালী সমষ্টিয়েও বিশেষ চৰ্চা লাভ কৰিছে। কিয়নো এই সমষ্টিটোৰ বাবে অসম সন্মিলিত মৰ্চাৰ বান্ধোনত ফাঁট মেলিছিল। বিহালী সমষ্টিক লৈ কংগ্ৰেছত আৰম্ভ হৈছিল লবীকেন্দ্ৰিক ৰাজনীতি। বিৰোধিৰ মাজত আলোচনা চলি থকাৰ মাজতেই বিহালী সমষ্টিৰ বাবে কংগ্ৰেছে জয়ন্ত বৰাৰ নাম প্ৰক্ষেপ কৰিছিল। ইয়াকে লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল অসম সন্মিলিত মৰ্চাৰ অন্য দলসমূহে। যাৰ পাছত অসম সন্মিলিত মৰ্চাইও বিহালীৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। বিহালী সমষ্টিত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতত স্পষ্ট হৈ পৰিছিল কংগ্ৰেছৰ লবীকেন্দ্ৰিক ৰাজনীতি। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই সমষ্টিটো মিত্ৰ দলক এৰি দিব বিচাৰিছিল যদিও গৌৰৱ গগৈ ইয়াৰ বিৰোধিতা কৰিছিল।

পৰিস্থিতি এনে হৈ পৰিছিল যে বিৰোধিয়ে বিৰোধিৰ হৈ এই সমষ্টিত প্ৰাৰ্থী দিছিল। এইবাৰ বিহালীত মুঠ ৪ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। বিহালীত শাসকীয় বিজেপিয়ে দিগন্ত ঘাটোৱালে প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে কংগ্ৰেছৰ জয়ন্ত বৰা বৰা, চিপিআই(এমএল)ৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মীয়ে আৰু আপৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে অনন্ত গগৈয়ে ।

গতিকে বিশেষকৈ এই দুটা সমষ্টিৰ মাজত ৰাইজৰ বিশেষ চকু আছে। আজিৰ ফলাফলৰ পাছতেই পোহৰলৈ আহিব কোন হ’ব এই সমষ্টিৰ ৰজা? প্ৰশ্ন হয়, ৰকিবুলৰ দুৰ্গ খহাব পাৰিবনে বিজেপিয়ে ? গৌৰৱ গগৈ হিৰ’ হ’ব নে জিৰ’? মাত্ৰ অলপ সময়ৰ অপেক্ষা। তাৰ পাছতেই পোহৰলৈ আহিব কাৰ হাতলৈ যায় কি সমষ্টি।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস