Assam by election: অক্ষুন্ন থকাৰ দিশে ৰকিবুলৰ দুৰ্গ! প্ৰায় ৭০০০ ভোটত অগ্ৰগতি তানজিলৰ

Assam by election result: চামগুৰি সমষ্টিত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুচেইন। বিজেপিৰ প্ৰাৰ্থীতকৈ ৬০০০তকৈ অধিক ভোটত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী। যাৰ বাবে এইবাৰো এই সমষ্টিটো কংগ্ৰেছৰ হাতত থাকিব বুলি আশা কৰা হৈছে।

Assam by election: অক্ষুন্ন থকাৰ দিশে ৰকিবুলৰ দুৰ্গ! প্ৰায় ৭০০০ ভোটত অগ্ৰগতি তানজিলৰ

চামগুৰি

Published: 

23 Nov 2024 12:37 PM

চামগুৰি সমষ্টিত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুচেইন। বিজেপিৰ প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাতকৈ ৬,২৫৯ টা ভোটত আগবাঢ়ি আছে ৰকিবুল হুচেইনৰ পুত্ৰ তথা কংগ্ৰেছ প্ৰাৰ্থীগৰাকী। পুৱা ১১.৫৫ বজাত প্ৰকাশ পাইছে এই তথ্য। অৱশ্যে এতিয়াও এই সমষ্টিটোত ভোট গণনা চলি আছে আৰু শীঘ্ৰেই সলনি হৈছে দৃশ্যপট। এই সমষ্টিটোত বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে দিপ্লু ৰঞ্জন শৰ্মাই।

উল্লেখ্য যে, নিৰ্বাচনৰ ঘোষণা হোৱাৰ পৰাই চামগুৰি সমষ্টিটো বিশেষ চৰ্চাত আছিল। কিয়নো ২০০১ চনৰ পৰা বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰকিবুল হুচেইনৰ পুত্ৰ তানজিল হুচেইনে এই সমষ্টিত এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বছৰ বছৰ ধৰি এই সমষ্টিটো কংগ্ৰেছৰ হাতত আছে। কিন্তু ৰকিবুল হুচেইন সাংসদ হোৱাৰ পাছতেই সমষ্টিটোত বিজেপিয়ে আশাৰ ৰেঙণি দেখি চলাইছিল যোৰদাৰ নিৰ্বাচনী প্ৰচাৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি বহু জ্যেষ্ঠ নেতাই বিজেপিৰ হৈ এই সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাইছিল। কিন্তু বিজেপিৰ সকলো চেষ্টা অসাৰ হোৱাৰ দিশে গতি কৰিছে। ইয়াৰ বিপৰীতে দশকৰ পাছত দশক ধৰি এই সমষ্টিটোত অব্যাহত আছে কংগ্ৰেছৰ যাদু। ৰকিবুল হুচেইনৰ পূৰ্বে তেওঁৰ পিতৃ নুৰুল হুচেইনে এই সমষ্টিটোত শাসন কৰিছিল।

এই সমষ্টিটোত এইবাৰ বহু নিৰ্বাচনী সংঘাতৰ খবৰো পোহৰলৈ আহিছিল। সংঘাত ইমানেই বৃদ্ধি পাইছিল যে বিজেপিৰ এগৰাকী নেতাই প্ৰাণ হেৰুৱাবলগীয়াও হৈছিল। ইয়াৰ বিপৰীতে আহত হৈছে বহুতো। এক প্ৰকাৰ বিজেপি আৰু কংগ্ৰেছে সমষ্টিটো নিজৰ হাতলৈ আনিবৰ বাবে দিন ৰাতি এক কৰি দিছিল।

অৱশ্যে এতিয়াও অন্ত পৰা নাই ভোট গণনা। শীঘ্ৰেই সলনি হৈ আছে দৃশ্যপট। কিন্তু বৰ্তমানৰ ফলাফললৈ লক্ষ্য কৰিলে অনুমান কৰিব পাৰি যে এইবাৰ এই সমষ্টিত জয়ৰ ধাৰা অব্যাহত ৰাখিব কংগ্ৰেছ। মন কৰিবলগীয়া যে, লোকসভা নিৰ্বাচনত সাংসদ ৰকিবুল হুচেইনে বৃহত সংখ্যক ভোটত জয়লাভ কৰিছিল। হয়তো পিতৃৰ জয়ৰ ধাৰা অক্ষুন্ন ৰাখি পুত্ৰও ৰচিব চামগুৰি সমষ্টিত ইতিহাস।

উল্লেখ্য যে, বিধানসভাৰ উপ- নিৰ্বাচনত চামগুৰিত সৰ্বাধিক ১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। সমষ্টিটোত বিজেপিয়ে দিপ্লুৰঞ্জন শৰ্মাক প্ৰাৰ্থিত্ব দিয়া বিপৰীতে কংগ্ৰেছে সাংসদ ৰকিবুলৰ পুত্ৰ তাঞ্জিল হুছেইনক প্ৰাৰ্থিত্ব দিছে । ইফালে নিৰ্দলীয় হিচাপে ৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সমষ্টিটোত । চামগুৰিৰ নিৰ্দলীয় প্ৰাৰ্থীসকল হৈছে-জেহিৰুল ইছলাম,নুৰুল আমিন চৌধুৰী,ৰবুল হক, ফাতেমা খাতুন, শশী তাতী,মুচাব্বিৰ আলি আহমেদ, আব্দুল মাজিদ,আব্দুছ চবুৰ মিঞা আৰু বীৰেন বচাক ।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস