Assam By-Election Results 2024 LIVE: আৰম্ভ হৈছে ভোটগণনা, কোনে মাৰিব শেষ হাঁহি!
আজি ৰাজ্যৰ ৫ বিধানসভা সমষ্টি ক্ৰমে চামগুৰি, বিহালী, ছিদলী, বঙাইগাঁও আৰু ধলাইত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব। কিছু সময় পিছতে পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা। ভোটগণনাৰ বাবে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।
LIVE NEWS & UPDATES
-
ছিদলীত তৃতীয় ৰাউণ্ডত পাঁচ সহস্ৰাধিক ভোটত অগ্ৰগতি
তৃতীয় ৰাউণ্ডত ছিদলী সমষ্টিত মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী ইউপিপিএলৰ নিৰ্মল কুমাৰ ব্ৰক্ষ্ম ৫,৫৩৯টা ভোটত আগবাঢ়ি আছে।
-
ধলাই সমষ্টিত বিজেপিৰ অগ্ৰগতি
ধলাই সমষ্টিত বিজেপিৰ নীহাৰ ৰঞ্জন দাস কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰুকায়স্থতকৈ ১১৪৪টা ভোটত আগবাঢ়িছে।
-
বিহালীত ২ সহস্ৰাধিক ভোটত আগবাঢ়িছে বিজেপি প্ৰাৰ্থী
দ্বিতীয় ৰাউণ্ডৰ ভোটগণনাত বিহালীত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাল কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাতকৈ ২২৭৩টা ভোটত আগবাঢ়িছে। ঘাটোৱালে ৮৪২৭টা ভোট লাভ কৰাৰ বিপৰীতে জয়ন্ত বৰাই ৬১৫৪টা ভোট লাভ কৰিছে।
-
বঙাইগাঁৱত প্ৰথম ৰাউণ্ডত ৭০টা ভোটৰ ব্যৱধান
বঙাইগাঁও সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগণনাৰ অন্তত মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী অগপৰ দীপ্তিময়ী চৌধুৰী কংগ্ৰেছৰ প্ৰাৰ্থী ব্ৰজেনজিৎ সিনহাতকৈ ৭০টা ভোটত আগবাঢ়ি আছে।
-
চামগুৰিত বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ অগ্ৰগতি
আটাইতকৈ চৰ্চিত সমষ্টি চামগুৰিত প্ৰথম পৰ্যায়ৰ ভোটগণনাত আগবাঢ়িছে বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই। কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনতকৈ বিজেপি প্ৰাৰ্থীগৰাকী ১৭৯৯টা ভোটত অগ্ৰগতি লাভ কৰিছে।
-
ছিদলীত পোষ্টেল বেলটত বিপিএফৰ অগ্ৰগতি
শেহতীয়া খবৰ অনুসৰি ছিদলী সমষ্টিত বিপিএফৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীয়ে পোষ্টেল বেলট ভোটত সামান্য অগ্ৰগতি লাভ কৰিছে।
-
আটাইকেইটা সমষ্টিতে আগবাঢ়িছে শাসকীয় মিত্ৰজোঁট
ঘনে প্ৰতি সলনি হৈছে চলি থকা ভোটগণনাৰ ছবি। শেহতীয়া খবৰ অনুসৰি এইপৰ্যন্ত আটাইকেইটা সমষ্টিতে ৰাজ্যৰ শাসকীয় মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰিছে। বিজেপিয়ে ৩খন, অগপ আৰু ইউপিপিএলে এখনকৈ আসনত অগ্ৰগতি লাভ কৰিছে।
-
চামগুৰিত আগবাঢ়িছে কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইন
এই উপ-নিৰ্বাচনৰ আটাইতকৈ চৰ্চিত সমষ্টি চামগুৰিত এইপৰ্যন্ত কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইন বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাতকৈ আগবাঢ়ি থকা বুলি জানিব পৰা গৈছে।
-
আত্মবিশ্বাসী দীপ্তিময়ী চৌধুৰীৰ বঙাইগাঁৱত জয়ৰ দাবী
অগপৰ দীপ্তিময়ী চৌধুৰীয়ে বঙাইগাঁৱত তেওঁ জয়ী হ’ব বুলি দাবী কৰিছে। অলপ সময়ৰ ভিতৰতে ৰাইজে এই বিষয়ে জানিব পাৰিব বুলি তেওঁ লগতে কয়।
-
বিহালীত জয়ী হ’ব কংগ্ৰেছ, গৌৰৱ গগৈৰ দাবী
বিহালী সমষ্টিত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছিল যোৰহাট সমষ্টিৰ সাংসদ গৌৰৱ গগৈ। কংগ্ৰেছ নেতাগৰাকীয়ে এই সমষ্টিটোত কংগ্ৰেছেই ইতিমধ্যেই জয়লাভ কৰা বুলি দাবী কৰিছে।
-
পোষ্টেল বেলটত আগবাঢ়িছে দীপ্তিময়ী চৌধুৰী
বঙাইগাঁও সমষ্টিত শাসকীয় মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী অগপৰ দীপ্তিময়ী চৌধুৰী পোষ্টেল বেলটত এইপৰ্যন্ত আগবাঢ়ি থকা বুলি জানিব পৰা গৈছে।
-
পোষ্টেল বেলটৰে আৰম্ভ হৈছে ভোটগণনা
ইতিমধ্যে ৮ বজাৰ লগে লগে ভোটগণনা কেন্দ্ৰত ভোটগণনা আৰম্ভ কৰা হৈছে। প্ৰথমে পোষ্টেল বেলটৰ ভোট গণনা কৰা হৈছে।
-
অক্ষত থাকিব কংগ্ৰেছৰ দুৰ্গ, আত্মবিশ্বাসী তাঞ্জিল হুছেইন
চামগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনে কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিগণিত হোৱা সমষ্টিটোত এইবাৰো কংগ্ৰেছে জয়লাভ কৰি এই দুৰ্গ অক্ষুণ্ণ ৰাখিব বুলি আত্মবিশ্বাস প্ৰকাশ কৰিছে। জয়ৰ আশা প্ৰকাশ কৰি তেওঁ লগতে সমষ্টিটোৰ ভোটাৰসকলকো ধন্যবাদ জনায়।
-
আৰম্ভ হ’ল ভোটগণনা, কোনে মাৰিব শেষ হাঁহি
৮ বজাৰ লগে লগে আৰম্ভ হৈছে ভোটগণনা। নিৰ্বাচন অনুষ্ঠিত হোৱা আটাইকেইটা সমষ্টিৰ ভোটগণনা কেন্দ্ৰত ৮ বজাৰ লগে লগে EVM মুকলি কৰা হৈছে।
-
নিৰ্বাচনী হিংসাই জোকাৰিছিল চামগুৰি
এই উপ-নিৰ্বাচনত সততে শিৰোনামত আছিল চামগুৰি সমষ্টি। চামগুৰিত নিৰ্বাচনী প্ৰচাৰৰ সময়ত বহু হিংসাত্মক ঘটনা সংঘটিত হৈছিল। ভোটদানৰ দিনটোতো পোহৰলৈ আহিছিল হিংসাত্মক ঘটনাৰ খবৰ। এনে পৰিস্থিতিত আজি ফলাফলৰ বাবে সমষ্টিটোত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।
-
পাঁচ সমষ্টিত সৰ্বমুঠ ৭৫.৬৭% ভোটদান
পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনত ভোটদান সম্পন্ন কৰা মুঠ ভোটাৰৰ সংখ্যা আছিল ৬৯০১০৬ গৰাকী। ভোটদানৰ হাৰ আছিল ৭৫.৬৭%। ইয়াৰে ভিতৰত সৰ্বাধিক ৭৯.৫৫% ভোটদানেৰে চামগুৰি সমষ্টি শীৰ্ষত আছিল।
-
বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছৰ মাজতে হ’ব মূল যুঁজ
নিৰ্বাচন অনুষ্ঠিত হোৱা এই ৫ সমষ্টিত বিজেপি-অগপ মিত্ৰজোঁট আৰু বিৰোধী কংগ্ৰেছৰ মাজতে মূল যুঁজ হ’ব বুলি অনুমান কৰা হৈছে। দুয়োপক্ষই আটাইকেইটা সমষ্টিত জয়লাভ কৰিব বুলি দাবী কৰি আহিছে।
-
উপ-নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ’ব ৩৮ গৰাকী প্ৰাৰ্থীৰ
এই উপ-নিৰ্বাচনত পাঁচটা সমষ্টিত মুঠ ৩৮ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। ইয়াৰ ভিতৰত চামগুৰিত সৰ্বাধিক ১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
ৰাজ্যৰ ৫ বিধানসভা সমষ্টি ক্ৰমে চামগুৰি, বিহালী, ছিদলী, বঙাইগাঁও আৰু ধলাইত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হ’ব। কিছু সময় পিছতে পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা। ইতিমধ্যে নিৰ্বাচন আয়োগে উপ-নিৰ্বাচনৰ ফলাফলৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ভোটগণনাৰ বাবে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।