Assam By-Election Results 2024 LIVE: বিজেপিৰ দখললৈ বিহালী সমষ্টি, দিগন্ত ঘাটোৱালৰ জয়লাভ

ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনৰ ভোট গণনা অব্যাহত আছে। ইয়াৰে বিহালী সমষ্টিৰ ফলাফল শেহতীয়াকৈ পোহৰলৈ আহিছে। বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালে ইতিমধ্যে বিহালী সমষ্টিত জয়লাভ কৰিছে। সমষ্টিটোত ১৩টা ৰাউণ্ডৰ ভোটগণনাৰ অন্ত পৰিছে আৰু ৯,০৫৬টা ভোটৰ ব্যৱধানত ঘাটোৱালে পৰাস্ত কৰিছে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাক।

Assam By-Election Results 2024 LIVE: বিজেপিৰ দখললৈ বিহালী সমষ্টি, দিগন্ত ঘাটোৱালৰ জয়লাভ

আজি ঘোষণা কৰা হ’ব উপ-নিৰ্বাচনৰ ফলাফল

Updated On: 

23 Nov 2024 08:30 AM

LIVE NEWS & UPDATES

  • 23 Nov 2024 02:00 PM (IST)

    বিহালীৰ পিছত ছিদলীতো জয় এন ডি এ প্ৰাৰ্থীৰ

    ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত দ্বিতীয়টো সমষ্টিত বিজয়ৰ মুখ দেখিছে শাসকীয় মিত্ৰজোঁটে। বিহালীৰ পিছত ছিদলীতো মিত্ৰজোঁটৰ প্ৰাৰ্থী ইউপিপিএলৰ নিৰ্মল কুমাৰ ব্ৰহ্মই ৩২ হাজাৰৰো অধিক ভোটত জয়লাভ কৰিছে। অৱশ্যে এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰা নাই নিৰ্বাচন আয়োগে।

  • 23 Nov 2024 01:52 PM (IST)

    বঙাইগাঁৱত কংগ্ৰেছতকৈ বহুদূৰ আগবাঢ়িল অগপ

    বঙাইগাঁৱত নিশ্চিত হৈ পৰিছে অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ বিজয়। ১৫টা ৰাউণ্ডৰ ভোটগণনাৰ অন্তত অগপৰ প্ৰাৰ্থীগৰাকী ২৭৬৬৪টা ভোটত আগবাঢ়ি আছে।

  • 23 Nov 2024 01:32 PM (IST)

    ছিদলীত বৃ্হৎ জয়ৰ দিশে নিৰ্মল কুমাৰ ব্ৰহ্ম

    ছিদলীত এক বৃ্হৎ জয়ৰ দিশে আগবাঢ়িছে মিত্ৰজোঁটৰ প্ৰাৰ্থী ইউপিপিএলৰ নিৰ্মল কুমাৰ ব্ৰহ্ম। ১৭টা ৰাউণ্ডৰ ভোটগণনাৰ অন্তলৈ নিৰ্মল কুমাৰ ব্ৰহ্ম ৩৩৪১২টা ভোটৰ বৃ্হৎ ব্যৱধানত আগবাঢ়ি আছে।

  • 23 Nov 2024 01:13 PM (IST)

    দৃশ্যপট সলনি, চামগুৰিত বিজেপি আগত

    চামগুৰি সমষ্টিত সঘনাই সলনি হৈছে দৃশ্যপট। অষ্টম পৰ্যায়ৰ ভোটগণনাৰ অন্তত ২,৮০০ ভোটত বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জনৰ অগ্ৰগতি । ১৫ টা ৰাউণ্ডত হ’ব ভোট গণনা।

  • 23 Nov 2024 01:13 PM (IST)

    ধলাইত ৩ সহস্ৰাধিক ভোটৰ ব্যৱধানত আগবাঢ়িছে নিহাৰৰঞ্জন দাস

    ধলাই সমষ্টিত অন্ত পৰিছে সপ্তম ৰাউণ্ডৰ ভোটগণনা। সপ্তম ৰাউণ্ডলৈ বিজেপিৰ প্ৰাৰ্থী নিহাৰৰঞ্জন দাস ৩৩০৫টা ভোটত আগবাঢ়ি আছে।

  • 23 Nov 2024 12:55 PM (IST)

    বিহালীত কোনে কিমান ভোট পালে

    • অন্ত পৰিছে বিহালী বিধানসভা নিৰ্বাচনৰ ভোটগণনা।
    • জয়ী বিজেপি প্ৰাৰ্থী।
    • বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৫০,৮৬১টা ভোট।
    • কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই লাভ কৰে ৪১,৮০৫টা ভোট।
  • 23 Nov 2024 12:53 PM (IST)

    বঙাইগাঁৱত ২২১৫৫ টা ভোটত আগবাঢ়িছে অগপৰ প্ৰাৰ্থী

    বঙাইগাঁৱত ১২টা ৰাউণ্ডৰ ভোটগণনা অন্ত পৰিছে। এইপৰ্যন্ত দ্বাদশ ৰাউণ্ডৰ সামৰণিলৈকে অগপৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী ২২১৫৫টা ভোটত আগবাঢ়ি আছে।

  • 23 Nov 2024 12:38 PM (IST)

    চামগুৰিত ষষ্ঠ ৰাউণ্ডলৈকে আগবাঢ়িছে তাঞ্জিল হুছেইন

    চামগুৰিত লক্ষণীয় হৈ পৰিছে ভোটগণনাৰ ছবি। এইপৰ্যন্ত ষষ্ঠ ৰাউণ্ডৰ অন্তলৈ সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইন ৭১৩০টা ভোটত অগ্ৰগতি লাভ কৰিছে।

  • 23 Nov 2024 12:34 PM (IST)

    বিজেপিৰ দখললৈ বিহালী সমষ্টি, জয় দিগন্ত ঘাটোৱালৰ

    বিহালী সমষ্টিত জয়লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালে। ইতিমধ্যে ১৩টা ৰাউণ্ডৰে ভোটগণনাৰ অন্ত পৰিছে আৰু ৯,০৫৬ টা ভোটৰ ব্যৱধানত ঘাটোৱালে পৰাস্ত কৰিছে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাক।

  • 23 Nov 2024 12:21 PM (IST)

    ছিদলীত জয়ৰ দিশে নিৰ্মল কুমাৰ ব্ৰহ্ম

    ছিদলীত প্ৰায় জয়ৰ দিশে আগবাঢ়িছে মিত্ৰজোঁটৰ প্ৰাৰ্থী ইউপিপিএলৰ নিৰ্মল কুমাৰ ব্ৰহ্ম। একাদশ ৰাউণ্ডৰ ভোটগণনাৰ অন্তলৈ নিৰ্মল কুমাৰ ব্ৰহ্ম ২১৭৬১ টা ভোটত আগবাঢ়ি আছে।

  • 23 Nov 2024 12:13 PM (IST)

    বঙাইগাঁৱত দ্বাদশ ৰাউণ্ডৰ ভোটগণনা সম্পন্ন

    বঙাইগাঁও সমষ্টি পুনৰ এবাৰ অগপৰ হাতলৈ যোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। এইপৰ্যন্ত দ্বাদশ ৰাউণ্ডৰ ভোটগণনাত ২১,৯৬০টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে দীপ্তিময়ী চৌধুৰী।

  • 23 Nov 2024 11:58 AM (IST)

    চামগুৰিত আগবাঢ়িছে তাঞ্জিল হুছেইন

    চামগুৰি সমষ্টিত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ আৰু বিজেপিৰ তীব্ৰ প্ৰতিদ্বন্দিতা। এইপৰ্যন্ত কংগ্ৰেছৰ তাঞ্জিল হুছেইন ৬২৫৯ টা ভোটত আগবাঢ়িছে।

  • 23 Nov 2024 11:44 AM (IST)

    বিহালীত আগবাঢ়িছে বিজেপি

    বিহালী সমষ্টিত মুঠ ১৩ টা ৰাউণ্ডত ভোট গণনা সম্পন্ন হ’ব আৰু ইয়াৰে বৰ্তমান সপ্তম ৰাউণ্ডৰ ভোট গণনা অন্ত পৰিছে। সপ্তম ৰাউণ্ডৰ অন্তত বিহালীত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালে ২৮,৩২৫ টা ভোটত অগ্ৰগতি লাভ কৰিছে। ইয়াৰ বিপৰীতে বিহালীত কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই লাভ কৰিছে ২২,৯৩৫  টা ভোট

  • 23 Nov 2024 11:36 AM (IST)

    অষ্টম ৰাউণ্ডৰ অন্তলৈ ছিদলীত বৃ্হৎ ব্যৱধানত অগ্ৰগতি নিৰ্মল কুমাৰ ব্ৰক্ষ্ম

    ছিদলী সমষ্টিত অন্ত পৰিছে অষ্টম ৰাউণ্ডৰ ভোটগণনা। অষ্টম ৰাউণ্ডৰ অন্তত মিত্ৰজোঁটৰ প্ৰাৰ্থী ইউপিপিএলৰ নিৰ্মল কুমাৰ ব্ৰক্ষ্ম ১৪,৪৪৬টা ভোটত আগবাঢ়ি আছে।

  • 23 Nov 2024 11:27 AM (IST)

    বঙাইগাঁৱত নৱম ৰাউণ্ডলৈ বৃ্হৎ অগ্ৰগতি অগপৰ

    বঙাইগাঁৱত নৱম ৰাউণ্ডৰ ভোটগণনা অন্ত পৰিছে। নৱম ৰাউণ্ডলৈ অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী ১৪,২১০টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে।

  • 23 Nov 2024 11:14 AM (IST)

    বিহালীত সপ্তম ৰাউণ্ডৰ অন্তত ৫ সহস্ৰাধিকলৈ বৃদ্ধি পালে ভোটৰ ব্যৱধান

    বিহালী সমষ্টিত ইতিমধ্যে সপ্তম ৰাউণ্ডৰ ভোটগণনা সামৰণি পৰিছে। এই মুহূৰ্তলৈ বিজেপি প্ৰাৰ্থী দিগন্ত ঘটোৱাল ৫৩৯০টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে।

  • 23 Nov 2024 11:05 AM (IST)

    ধলাইত সামৰণি পৰিল চতুৰ্থ ৰাউণ্ডৰ ভোটগণনা

    ধলাই সমষ্টিত অন্ত পৰিছে চতুৰ্থ ৰাউণ্ডৰ ভোটগণনা। চতুৰ্থ ৰাউণ্ডলৈ বিজেপিৰ প্ৰাৰ্থী নিহাৰৰঞ্জন দাস ৮৪৩৩টা ভোটত আগবাঢ়ি আছে।

  • 23 Nov 2024 10:57 AM (IST)

    চামগুৰিত কংগ্ৰেছ-বিজেপিৰ মাজত তীব্ৰ যুঁজ

    চামগুৰি সমষ্টিত কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থীৰ মাজত তীব্ৰ যুঁজ পৰিলক্ষিত হৈছে। তৃতীয় ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা ৯০টা ভোটত আগবাঢ়ি আছে।

  • 23 Nov 2024 10:51 AM (IST)

    ছিদলীত পঞ্চম ৰাউণ্ডৰ অন্তত মিত্ৰজোঁটৰ অগ্ৰগতি

    ছিদলী সমষ্টিত অন্ত পৰিছে পঞ্চম ৰাউণ্ডৰ ভোটগণনা। পঞ্চম ৰাউণ্ডৰ অন্তত মিত্ৰজোঁটৰ প্ৰাৰ্থী ইউপিপিএলৰ নিৰ্মল কুমাৰ ব্ৰহ্ম ৯,২৫৫টা ভোটত আগবাঢ়ি আছে।

  • 23 Nov 2024 10:43 AM (IST)

    বঙাইগাঁৱত চতুৰ্থ ৰাউণ্ডৰ অন্তত ৪ সহস্ৰাধিক ভোটৰ ব্যৱধান

    বঙাইগাঁও সমষ্টিত অন্ত পৰিছে চতুৰ্থ ৰাউণ্ডৰ ভোটগণনা। সমষ্টিটোত অগপৰ ধাৰাবাহিকতাৰ ইংগিত দি এইপৰ্যন্ত দীপ্তিময়ী চৌধুৰী ৪,০৫২টা ভোটত আগবাঢ়ি আছে।

  • 23 Nov 2024 10:40 AM (IST)

    ধলাইত দ্বিতীয় ৰাউণ্ডৰ অন্তত নিহাৰৰঞ্জন দাসৰ অগ্ৰগতি

    ধলাই সমষ্টিত ইতিমধ্যে অন্ত পৰিছে দ্বিতীয় ৰাউণ্ডৰ ভোটগণনা। এইপৰ্যন্ত সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী নিহাৰৰঞ্জন দাস ৪,০৮১টা ভোটত আগবাঢ়ি আছে।

  • 23 Nov 2024 10:36 AM (IST)

    বিহালীত পঞ্চম ৰাউণ্ডৰ অন্তত বিজেপিৰ অগ্ৰগতি

    পঞ্চম ৰাউণ্ডৰ ভোটগণনাৰ অন্তত বিহালী সমষ্টিত বিজেপি প্ৰাৰ্থী দিগন্ত ঘটোৱালে ২৩২৩টা ভোটৰ অগ্ৰগতি লাভ কৰিছে।

  • 23 Nov 2024 10:21 AM (IST)

    ছিদলীত তৃতীয় ৰাউণ্ডত পাঁচ সহস্ৰাধিক ভোটত অগ্ৰগতি

    তৃতীয় ৰাউণ্ডত ছিদলী সমষ্টিত মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী ইউপিপিএলৰ নিৰ্মল কুমাৰ ব্ৰহ্ম ৫,৫৩৯টা ভোটত আগবাঢ়ি আছে।

  • 23 Nov 2024 10:08 AM (IST)

    ধলাই সমষ্টিত বিজেপিৰ অগ্ৰগতি

    ধলাই সমষ্টিত বিজেপিৰ নীহাৰ ৰঞ্জন দাস কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰুকায়স্থতকৈ ১১৪৪টা ভোটত আগবাঢ়িছে।

  • 23 Nov 2024 09:55 AM (IST)

    বিহালীত ২ সহস্ৰাধিক ভোটত আগবাঢ়িছে বিজেপি প্ৰাৰ্থী

    দ্বিতীয় ৰাউণ্ডৰ ভোটগণনাত বিহালীত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাল কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাতকৈ ২২৭৩টা ভোটত আগবাঢ়িছে। ঘাটোৱালে ৮৪২৭টা ভোট লাভ কৰাৰ বিপৰীতে জয়ন্ত বৰাই ৬১৫৪টা ভোট লাভ কৰিছে।

  • 23 Nov 2024 09:41 AM (IST)

    বঙাইগাঁৱত প্ৰথম ৰাউণ্ডত ৭০টা ভোটৰ ব্যৱধান

    বঙাইগাঁও সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগণনাৰ অন্তত মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী অগপৰ দীপ্তিময়ী চৌধুৰী কংগ্ৰেছৰ প্ৰাৰ্থী ব্ৰজেনজিৎ সিনহাতকৈ ৭০টা ভোটত আগবাঢ়ি আছে।

  • 23 Nov 2024 09:38 AM (IST)

    চামগুৰিত বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ অগ্ৰগতি

    আটাইতকৈ চৰ্চিত সমষ্টি চামগুৰিত প্ৰথম পৰ্যায়ৰ ভোটগণনাত আগবাঢ়িছে বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই। কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনতকৈ বিজেপি প্ৰাৰ্থীগৰাকী ১৭৯৯টা ভোটত অগ্ৰগতি লাভ কৰিছে।

  • 23 Nov 2024 09:29 AM (IST)

    ছিদলীত পোষ্টেল বেলটত বিপিএফৰ অগ্ৰগতি

    শেহতীয়া খবৰ অনুসৰি ছিদলী সমষ্টিত বিপিএফৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীয়ে পোষ্টেল বেলট ভোটত সামান্য অগ্ৰগতি লাভ কৰিছে।

  • 23 Nov 2024 09:19 AM (IST)

    আটাইকেইটা সমষ্টিতে আগবাঢ়িছে শাসকীয় মিত্ৰজোঁট

    ঘনে প্ৰতি সলনি হৈছে চলি থকা ভোটগণনাৰ ছবি। শেহতীয়া খবৰ অনুসৰি এইপৰ্যন্ত আটাইকেইটা সমষ্টিতে ৰাজ্যৰ শাসকীয় মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰিছে। বিজেপিয়ে ৩খন, অগপ আৰু ইউপিপিএলে এখনকৈ আসনত অগ্ৰগতি লাভ কৰিছে।

  • 23 Nov 2024 09:08 AM (IST)

    চামগুৰিত আগবাঢ়িছে কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইন

    এই উপ-নিৰ্বাচনৰ আটাইতকৈ চৰ্চিত সমষ্টি চামগুৰিত এইপৰ্যন্ত কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইন বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাতকৈ আগবাঢ়ি থকা বুলি জানিব পৰা গৈছে।

  • 23 Nov 2024 09:03 AM (IST)

    আত্মবিশ্বাসী দীপ্তিময়ী চৌধুৰীৰ বঙাইগাঁৱত জয়ৰ দাবী

    অগপৰ দীপ্তিময়ী চৌধুৰীয়ে বঙাইগাঁৱত তেওঁ জয়ী হ’ব বুলি দাবী কৰিছে। অলপ সময়ৰ ভিতৰতে ৰাইজে এই বিষয়ে জানিব পাৰিব বুলি তেওঁ লগতে কয়।

  • 23 Nov 2024 08:53 AM (IST)

    বিহালীত জয়ী হ’ব কংগ্ৰেছ, গৌৰৱ গগৈৰ দাবী

    বিহালী সমষ্টিত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছিল যোৰহাট সমষ্টিৰ সাংসদ গৌৰৱ গগৈ। কংগ্ৰেছ নেতাগৰাকীয়ে এই সমষ্টিটোত কংগ্ৰেছেই ইতিমধ্যেই জয়লাভ কৰা বুলি দাবী কৰিছে।

  • 23 Nov 2024 08:43 AM (IST)

    পোষ্টেল বেলটত আগবাঢ়িছে দীপ্তিময়ী চৌধুৰী

    বঙাইগাঁও সমষ্টিত শাসকীয় মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী অগপৰ দীপ্তিময়ী চৌধুৰী পোষ্টেল বেলটত এইপৰ্যন্ত আগবাঢ়ি থকা বুলি জানিব পৰা গৈছে।

  • 23 Nov 2024 08:36 AM (IST)

    পোষ্টেল বেলটৰে আৰম্ভ হৈছে ভোটগণনা

    ইতিমধ্যে ৮ বজাৰ লগে লগে ভোটগণনা কেন্দ্ৰত ভোটগণনা আৰম্ভ কৰা হৈছে। প্ৰথমে পোষ্টেল বেলটৰ ভোট গণনা কৰা হৈছে।

  • 23 Nov 2024 08:23 AM (IST)

    অক্ষত থাকিব কংগ্ৰেছৰ দুৰ্গ, আত্মবিশ্বাসী তাঞ্জিল হুছেইন

    চামগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনে কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিগণিত হোৱা সমষ্টিটোত এইবাৰো কংগ্ৰেছে জয়লাভ কৰি এই দুৰ্গ অক্ষুণ্ণ ৰাখিব বুলি আত্মবিশ্বাস প্ৰকাশ কৰিছে। জয়ৰ আশা প্ৰকাশ কৰি তেওঁ লগতে সমষ্টিটোৰ ভোটাৰসকলকো ধন্যবাদ জনায়।

  • 23 Nov 2024 08:14 AM (IST)

    আৰম্ভ হ’ল ভোটগণনা, কোনে মাৰিব শেষ হাঁহি

    ৮ বজাৰ লগে লগে আৰম্ভ হৈছে ভোটগণনা। নিৰ্বাচন অনুষ্ঠিত হোৱা আটাইকেইটা সমষ্টিৰ ভোটগণনা কেন্দ্ৰত ৮ বজাৰ লগে লগে EVM মুকলি কৰা হৈছে।

  • 23 Nov 2024 07:37 AM (IST)

    নিৰ্বাচনী হিংসাই জোকাৰিছিল চামগুৰি

    এই উপ-নিৰ্বাচনত সততে শিৰোনামত আছিল চামগুৰি সমষ্টি। চামগুৰিত নিৰ্বাচনী প্ৰচাৰৰ সময়ত বহু হিংসাত্মক ঘটনা সংঘটিত হৈছিল। ভোটদানৰ দিনটোতো পোহৰলৈ আহিছিল হিংসাত্মক ঘটনাৰ খবৰ। এনে পৰিস্থিতিত আজি ফলাফলৰ বাবে সমষ্টিটোত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।

  • 23 Nov 2024 07:16 AM (IST)

    পাঁচ সমষ্টিত সৰ্বমুঠ ৭৫.৬৭% ভোটদান

    পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনত ভোটদান সম্পন্ন কৰা মুঠ ভোটাৰৰ সংখ্যা আছিল ৬৯০১০৬ গৰাকী। ভোটদানৰ হাৰ আছিল ৭৫.৬৭%। ইয়াৰে ভিতৰত সৰ্বাধিক ৭৯.৫৫% ভোটদানেৰে চামগুৰি সমষ্টি শীৰ্ষত আছিল।

  • 23 Nov 2024 07:03 AM (IST)

    বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছৰ মাজতে হ’ব মূল যুঁজ

    নিৰ্বাচন অনুষ্ঠিত হোৱা এই ৫ সমষ্টিত বিজেপি-অগপ মিত্ৰজোঁট আৰু বিৰোধী কংগ্ৰেছৰ মাজতে মূল যুঁজ হ’ব বুলি অনুমান কৰা হৈছে। দুয়োপক্ষই আটাইকেইটা সমষ্টিত জয়লাভ কৰিব বুলি দাবী কৰি আহিছে।

  • 23 Nov 2024 06:45 AM (IST)

    উপ-নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ’ব ৩৮ গৰাকী প্ৰাৰ্থীৰ

    এই উপ-নিৰ্বাচনত পাঁচটা সমষ্টিত মুঠ ৩৮ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। ইয়াৰ ভিতৰত চামগুৰিত সৰ্বাধিক ১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনৰ ভোট গণনা অব্যাহত আছে। ইয়াৰে বিহালী সমষ্টিৰ ফলাফল শেহতীয়াকৈ পোহৰলৈ আহিছে। বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালে ইতিমধ্যে বিহালী সমষ্টিত জয়লাভ কৰিছে। সমষ্টিটোত ১৩টা ৰাউণ্ডৰ ভোটগণনাৰ অন্ত পৰিছে আৰু ৯,০৫৬টা ভোটৰ ব্যৱধানত ঘাটোৱালে পৰাস্ত কৰিছে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাক।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস