গৌৰৱ গগৈৰ দাবী নৰজিলঃ বিজেপিৰ দখললৈ গ’ল বিহালী সমষ্টি

বিহালী সমষ্টিত জয়লাভ কৰিছে বিজেপিয়ে। দলটোৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালে সমষ্টিটোত ৯,০৫১টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। তেওঁৰ নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছৰ জয়ন্ত বৰা দ্বিতীয় স্থানত থাকে। এই দুই প্ৰাৰ্থীৰ বিপৰীতে সমষ্টিটোত তৃতীয় স্থানত থাকে চি পি আই এম এলৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মী।

গৌৰৱ গগৈৰ দাবী নৰজিলঃ বিজেপিৰ দখললৈ গ’ল বিহালী সমষ্টি

বিহালীত দিগন্ত ঘাটোৱালৰ জয়

Updated On: 

23 Nov 2024 13:46 PM

ৰাজ্যত অনুষ্ঠিত হোৱা পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে। আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা। ইতিমধ্যে এই ৫টা সমষ্টিৰে এটা সমষ্টিৰ ফলাফল পোহৰলৈ আহিছে। বিহালী সমষ্টিত জয়লাভ কৰিছে বিজেপিয়ে। দলটোৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালে সমষ্টিটোত ৯,০৫১টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। তেওঁৰ নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছৰ জয়ন্ত বৰা দ্বিতীয় স্থানত থাকে। এই দুই প্ৰাৰ্থীৰ বিপৰীতে সমষ্টিটোত তৃতীয় স্থানত থাকে চি পি আই এম এলৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মী।

লক্ষণীয়ভাৱে এই সমষ্টিটোত দলীয় প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ জোৰদাৰ প্ৰচাৰত নামিছিল যোৰহাত সমষ্টিৰ সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈ। ইয়াৰ পিছতে গত লোকসভা নিৰ্বাচনত যোৰহাটত হোৱা ৰাজনৈতিক পৰিস্থিতিৰ দৰেই বিহালীত অনুৰূপ পৰিস্থিতিৰ উদ্ভৱ হ’ব বুলি কংগ্ৰেছে দৃঢ় দাবী কৰিছিল। শুকুৰবাৰে খোদ গৌৰৱ গগৈয়ে বিহালীত ইতিমধ্যেই কংগ্ৰেছে জয়লাভ কৰা বুলিও দাবী কৰিছিল।

কিন্তু আজি ভোটগণনা আৰম্ভ হোৱাৰ পিছৰ পৰাই সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থীগৰাকী পিছ পৰি থকা দেখিবলৈ পোৱা গৈছিল। অৱশেষত ১৩টা পৰ্যায়ৰ ভোটগণনাৰ অন্তত সমষ্টিটোত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালে জয়ৰ শেষ হাঁহি মাৰে। ঘাটোৱালে মুঠ ৫০,৯৪৭টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই লাভ কৰে ৪১,৮৯৬টা ভোট। এইদৰে ৯,০৫১টা ভোটৰ ব্যৱধানত জয়লাভ কৰে দিগন্ত ঘাটোৱাৰে।

তৃতীয় স্থানত থকা চি পি আই এম এলৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মীয়ে লাভ কৰে ৫,০৯৩টা ভোট। আনহাতে আপৰ প্ৰাৰ্থী অনন্ত গগৈয়ে ১,২১৭টা ভোট লাভ কৰে। লক্ষণীয়ভাৱে সমষ্টিটোৰ ১,৫১৪গৰাকী ভোটাৰে নোটাত ভোটদান কৰে। উপ-নিৰ্বাচনত জয়ৰ পিছত এই সমষ্টিটোত বিজেপিৰ ধাৰাবাহিকতা অব্যাহত থাকিল। ইয়াৰ বিপৰীতে এইবাৰ বিহালী দখলৰ লক্ষ্যৰে পূৰ্ণ শক্তিৰে অৱতীৰ্ণ হোৱা গৌৰৱ গগৈ বিমুখ হ’বলগীয়া হয়।

উল্লেখ্য যে বিহালী সমষ্টিক কেন্দ্ৰ কৰি বিৰোধীৰ ঐক্য শক্তিত সৃষ্টি হৈছিল ভাঙোনৰ। কংগ্ৰেছে সমষ্টিটোত বিৰোধী ঐক্যৰ সৈতে আলোচনাত মিলিত নোহোৱাকৈয়ে সমষ্টিটোত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ অভিযোগ কৰি দলটোৰ লগ এৰিছিল আন বিৰোধী দলসমূহে। এনে সিদ্ধান্তৰ বাবে কংগ্ৰেছক বিশ্বাসঘাতক আখ্যা দিছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। ইফালে দলটোৰ ভিতৰতো প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাতৰ সৃষ্টি হৈছিল।

দলৰ সদস্যপদ গ্ৰহণ কৰাৰ পূৰ্বেই কেৱল গৌৰৱ গগৈৰ ইচ্ছামতেই সদ্য বিজেপি ত্যাগী জয়ন্ত বৰাক সমষ্টিটোত টিকট প্ৰদান কৰা বুলি ক্ষোভ প্ৰকাশ কৰিছিল একাংশ কংগ্ৰেছ কৰ্মীয়ে। ইয়াৰ ফলশ্ৰুতিত দলটোৰ ভিতৰচৰাতে মতানৈক্যৰ সৃষ্টি হৈছিল। কংগ্ৰেছৰ সদস্য নোহোৱাকৈ সদ্য বিজেপি নেতা এজনে কিদৰে টিকট পাব পাৰে বুলি প্ৰশ্ন কৰিছিল কংগ্ৰেছৰ একাংশ কৰ্মীয়ে।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস