5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

উপ-নিৰ্বাচনত মুখ থেকেচা! পুনৰ এক হোৱাৰ দিশে অখিল-ভূপেন-লুৰিণ…

বিৰোধিৰ মাজত হোৱা এয়া মতানৈক্যৰ প্ৰভাৱ অসমৰ উপ- নিৰ্বাচনত বাৰুকৈয়ে দেখিবলৈ পোৱা গৈছে। অসমৰ এখনো আসনত জয় লাভ কৰিবলৈ সক্ষম নহ'ল বিৰোধী। এই সময়ত প্ৰয়োজন আছিল বিৰোধী একগোট হোৱাৰ, কিন্তু তেনে নকৰি কংগ্ৰেছৰ কাণ্ডই মৰ্চাক বেক ফুটলৈ ঠেলি দিছিল।

উপ-নিৰ্বাচনত মুখ থেকেচা! পুনৰ এক হোৱাৰ দিশে অখিল-ভূপেন-লুৰিণ…
উপ- নিৰ্বাচন
barasha-sarma
Barasha Sarma | Published: 23 Nov 2024 18:46 PM

অসমৰ ৫টা বিধান সভা সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফলে প্ৰমাণ কৰে যে ভৱিষ্যতলৈ বিজেপি মিত্ৰশক্তিক পৰাজিত কৰিবলৈ হ’লে বিজেপি বিৰোধী শক্তিসমূহৰ ঐক্যবদ্ধতাৰ বিকল্প নাই” – এই মত অসম সন্মিলিত মৰ্চা চমুকৈ অসম মিত্ৰজোটৰ। মিত্ৰজোটৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে বৃহস্পতিবাৰে এক প্ৰেছ বিজ্ঞপ্তিত কয়, “আজি ভোট গণনা হোৱা অসমৰ বিহালী, চামগুৰি, বঙাইগাঁও, চিদলী আৰু ধলাই বিধান সভা সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফল গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ ৰাজনীতিৰ বাবে শুভলক্ষণ নহয় যদিও ৰাইজৰ মতামতক সন্মান জনোৱাৰ গণতান্ত্ৰিক নিয়ম অনুসৰি আমি পাঁচোগৰাকী বিজয়ী প্ৰাৰ্থীক অভিনন্দন জনাইছো।”

ভূঞা আৰু গগৈয়ে বিবৃতিটোত কয় যে উপ-নিৰ্বাচন সন্দৰ্ভত ৰাইজৰ মতৰ পূৰ্বানুমান কৰিয়েই অসম মিত্ৰজোটে আৰম্ভণিৰে পৰা ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পোষকতা কৰিছিল, যিটো কংগ্ৰেছ দলে উপলব্ধি নকৰিলে। আজিৰ ফলাফলত তাৰেই প্ৰতিফলন ঘটা বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে অসম মিত্ৰজোট অনাগত দিনত ঐক্যবদ্ধতাৰে বিজেপি বিৰোধী ৰাজনৈতিক যুঁজখন আগবঢ়াই লৈ যাবলৈ সংকল্ববদ্ধ৷

উল্লেখ্য যে, অসম সন্মিলিত মৰ্চাই একেলগে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা আছিল যদিও বিহালী সমষ্টিৰ বাবে মিত্ৰতাত ফাঁট মেলিছিল।  অসম সন্মিলিত মৰ্চাৰ বাকী দলসমূহে বিচাৰিছিল যে বিহালী সমষ্টিটোত চি পি আই (এম এল)ৰ পৰা কোনোৱে প্ৰাৰ্থিত্ব লাভ কৰক, কিন্তু মূল সময়ত বিশ্বাসঘাটকতা কৰি এই সমষ্টিটোত কংগ্ৰেছে নিজাববীয়াকৈ প্ৰাৰ্থী আগবঢ়াইছিল। ইয়াকে লৈ কংগ্ৰেছৰ মাজত লবীকেন্দ্ৰিক ৰাজনীতিৰ সৃষ্টি হোৱাও দেখা গৈছিল। কংগ্ৰেছৰ প্ৰাৰ্থীক লৈ সাংসদ গৌৰৱ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মাজত সৃষ্টি হৈছিল মতানৈক্যৰ।

ইয়াৰোপৰি কংগ্ৰেছত যোগদান নকৰাকৈ সদ্য বিজেপি ত্যাগী জয়ন্ত বৰাই কেনেকৈ টিকট পালে ইয়াক লৈ দলটোৰ সমৰ্থকসকলৰ মাজতো সৃষ্টি হৈছিল বিভেদৰ। এফালে প্ৰাৰ্থীক লৈ অসম সন্মিলিত মৰ্চাই বৈঠক অনুষ্ঠিত কৰি থকাৰ মাজতে আনফালে বিহালীত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে চলাইছিল নিৰ্বাচনী প্ৰচাৰ। কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জয়ন্ত বৰাৰ নাম ঘোষণা হোৱাৰ পাছতেই বিহালীৰ বাবে অসম সন্মিলিত মৰ্চাই প্ৰাৰ্থী ঘোষণা কৰিছিল চি পি আই (এম এল)ৰ প্ৰাৰ্থী লক্ষ্মীকান্ত কুৰ্মীৰ নাম।

বিৰোধিৰ মাজত হোৱা এয়া মতানৈক্যৰ প্ৰভাৱ অসমৰ উপ- নিৰ্বাচনত বাৰুকৈয়ে দেখিবলৈ পোৱা গৈছে। অসমৰ এখনো আসনত জয় লাভ কৰিবলৈ সক্ষম নহ’ল বিৰোধী। এই সময়ত প্ৰয়োজন আছিল বিৰোধী একগোট হোৱাৰ, কিন্তু তেনে নকৰি কংগ্ৰেছৰ কাণ্ডই মৰ্চাক বেক ফুটলৈ ঠেলি দিলে। এতিয়া যেন মিত্ৰজোঁটৰ দলসমূহে বুজি পাইছে একতাৰ শক্তি, সেয়ে হয়তো মৰ্চাই পুনৰ বিচাৰিছে কংগ্ৰেছ একলগ হোৱা। অৱশ্যে এতিয়ালৈকে কংগ্ৰেছে এই ক্ষেত্ৰত কোনো মন্তব্য আগবঢ়োৱা নাই। পৰৱৰ্তী সময়তহে জানিব পৰা যাব অসমত কি হয় বিৰোধী দলৰ মিত্ৰতা।

Latest News