আজি ঘোষণা হ’ব ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফলঃ বিজেপি মিত্ৰজোঁটক প্ৰত্যাহ্বান জনাব পাৰিবনে কংগ্ৰেছে!
যোৱা ১৩ নৱেম্বৰত অনুষ্ঠিত হৈ যোৱা এই উপ-নিৰ্বাচনত পাঁচটা সমষ্টিত মুঠ ৬৯০১০৬ গৰাকী ভোটাৰে ভোটদান সম্পন্ন কৰে। মুঠ ভোটদানৰ হাৰ আছিল ৭৫.৬৭%। ইয়াৰে ভিতৰত চামগুৰিত সৰ্বাধিক ৭৯.৫৫% ভোটদান হৈছিল। আনহাতে বঙাইগাঁৱত ৭৭.৮৯%, বিহালীত ৭৫.৭৯%, ছিদলীত ৭৫.৪৭% আৰু ধলাইত ৭০.৩১% ভোটদান হৈছিল।
আজি ঘোষণা কৰা হ’ব ৰাজ্যৰ ৫ বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনৰ ফলাফল। পুৱা ৮ বজাৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ভোটগণনা আৰম্ভ হ’ব। যোৱা ১৩ নৱেম্বৰত ৰাজ্যৰ পাঁচ সমষ্টি ক্ৰমে চামগুৰি, বিহালী, ছিদলী, বঙাইগাঁও আৰু ধলাইত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল। মূলতঃ বিজেপি-অগপ মিত্ৰজোঁট আৰু বিৰোধী কংগ্ৰেছৰ মাজতে হ’ব এই নিৰ্বাচনী যুঁজ। ভোটগ্ৰহণৰ পিছতে দুয়োপক্ষই আটাইকেইটা সমষ্টিত জয়ী হ’ব বুলি দাবী কৰি আহিছে। গতিকে উপ-নিৰ্বাচনৰ এই ফলাফল স্বাভাৱিকতেই হ’ব লক্ষণীয়।
যোৱা ১৩ নৱেম্বৰত অনুষ্ঠিত হৈ যোৱা এই উপ-নিৰ্বাচনত পাঁচটা সমষ্টিত মুঠ ৬৯০১০৬ গৰাকী ভোটাৰে ভোটদান সম্পন্ন কৰে। মুঠ ভোটদানৰ হাৰ আছিল ৭৫.৬৭%। ইয়াৰে ভিতৰত চামগুৰিত সৰ্বাধিক ৭৯.৫৫% ভোটদান হৈছিল। আনহাতে বঙাইগাঁৱত ৭৭.৮৯%, বিহালীত ৭৫.৭৯%, ছিদলীত ৭৫.৪৭% আৰু ধলাইত ৭০.৩১% ভোটদান হৈছিল।
উপ-নিৰ্বাচনত পাঁচটা সমষ্টিত মুঠ ৩৮ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। ইয়াৰ ভিতৰত চামগুৰিত সৰ্বাধিক ১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে বঙাইগাঁও সমষ্টিত ৮ গৰাকী প্ৰাৰ্থী, বিহালীত ৪ গৰাকী প্ৰাৰ্থী, ধলাই সমষ্টিত ৮ গৰাকী প্ৰাৰ্থী আৰু ছিদলীত ৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে।
এই উপ-নিৰ্বাচনত বিশেষভাৱে চৰ্চিত হৈছিল চামগুৰি সমষ্টি। সমষ্টিটোত মূলতঃ কংগ্ৰেছ প্ৰাৰ্থী, সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ সাংসদ ৰকিবুলৰ পুত্ৰ তাঞ্জিল হুছেইন আৰু বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মাৰ মাজতে মূল প্ৰতিদ্বন্দিতা হ’ব। তদুপৰি সমষ্টিটোত আপ আৰু ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ প্ৰাৰ্থীৰ লগতে ৭গৰাকী নিৰ্দলীয়ই প্ৰতিদ্বন্দিতা আগবঢ়াইছে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত তথা ভোটদানৰ দিনটোতো হিংসাত্মক ঘটনা সংঘটিত হৈছিল।
ইফালে বিহালী সমষ্টিৰ বাবেও বিশেষ উৎকণ্ঠা পৰিলক্ষিত হৈছে। যোৰহাট সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে এই সমষ্টিত দলীয় প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ জোৰদাৰ প্ৰচাৰ চলাইছিল। আনহাতে বিজেপিয়ে সমষ্টিটোত দিগন্ত ঘাটোৱালক প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল। আপ আৰু চিপিআই(এমএল) দলেও সমষ্টিটোত প্ৰাৰ্থী দিছে যদিও কংগ্ৰেছ আৰু বিজেপিৰ মাজতে মূল যুঁজ হোৱাটো নিশ্চিত।
ধলাই সমষ্টিত বিজেপিৰ নীহাৰ ৰঞ্জন দাসৰ বিপৰীতে কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰুকায়স্থই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তেওঁলোকৰ লগতে সমষ্টিটোত মুঠ ৬ গৰাকী নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে অমলেন্দু দাস, ধীৰাজ দাস, পৰিমল দাস, ৰাজু দাস আৰু গৌৰ চন্দ্ৰ দাস, দিলীপ কুমাৰ ধুবীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
বঙাইগাঁও সমষ্টিত বিজেপিৰ মিত্ৰদল অগপৰ প্ৰাৰ্থী, সমষ্টিৰ প্ৰাক্তন বিধায়ক ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে আছে ব্ৰজেনজিৎ সিনহা। এছইউচিআইৰ হৈ মৃত্যুঞ্জয় ৰাভাৰ লগতে পাঁচগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷
নিৰ্বাচন অনুষ্ঠিত হোৱা ছিদলী সমষ্টিত তিনি গৰাকী প্ৰাৰ্থীয় প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে সমষ্টিটোত ইউপিপিএলৰ নিৰ্মল কুমাৰ ব্ৰক্ষ্মক প্ৰক্ষেপ কৰাৰ বিপৰীতে বিপিএফৰ শুদ্ধ কুমাৰ বসুমতাৰীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। আনহাতে কংগ্ৰেছে সঞ্জীৱ ৱাৰীক সমষ্টিটোত প্ৰাৰ্থীত্ব প্ৰদান কৰিছে৷