Assam by election: চামগুৰিত দুদিনৰ পাছতে শূণ্য হ’ব বিজেপি, সকলো সদস্য আহিব কংগ্ৰেলৈ!

Assam by election: অসমত অনুষ্ঠিত হ'বলগীয়া উপ- নিৰ্বাচনক লৈ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। এই সময়ত যথেষ্ঠ চৰ্চাত আছে চামগুৰি সমষ্টি। ৰকিবুল হুচেইনৰ দুৰ্গ স্বৰূপ এই সমষ্টিটো বিজেপিয়ে নিজৰ হাতলৈ অনাৰ সকলো চেষ্টা কৰি থকাৰ বিপৰীতে কংগ্ৰেছেও চলাইছে যোৰদাৰ প্ৰচাৰ অভিযান।

Assam by election: চামগুৰিত দুদিনৰ পাছতে শূণ্য হব বিজেপি, সকলো সদস্য আহিব কংগ্ৰেলৈ!

হিমন্ত- ৰকিবুল

Published: 

04 Nov 2024 12:04 PM

অসম বিধানসভাৰ উপ- নিৰ্বাচনক লৈ কেইটামান দিন বাকী থকাৰ সময়তে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। শাসক- বিৰোধী প্ৰতিটো দলেই চলাই গৈছে প্ৰচাৰ অভিযান।  এই নিৰ্বাচনত সবাতোকৈ লক্ষণীয় হৈ পৰিছে চামগুৰি সমষ্টি। কংগ্ৰেছৰ সাংসদ ৰকিবুল হুচেইনৰ দুৰ্গ হিচাপে পৰিচিত এই সমষ্টিটো নিজৰ হাতলৈ আনিবলৈ শাসকীয় পক্ষৰ মন্ত্ৰী, বিধায়কসকল নামি পৰিছে প্ৰচাৰ অভিযানত। এই সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৰকিবুল হুচেইনৰ পুত্ৰ তানজিল হুচেইনে।

২০০১ চনৰ পৰা নিজৰ দখলত থকা চামগুৰি সমষ্টি পুত্ৰৰ হাতত গতাবলৈ দিন- ৰাতি একাকাৰ কৰি প্ৰচাৰ অভিযানত নামি পৰিছে পিতৃ তথা সাংসদ ৰকিবুল হুচেইন। দেওবাৰে শিঙিমাৰিৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি ৰকিবুল হুচেইনে কয় যে, এইবাৰ চামগুৰিত খেলা হ’ব। দুদিনৰ পাছত বিজেপি শূণ্য হ’ব আৰু সকলো সদস্য কংগ্ৰেছলৈ আহিব।

হিমন্ত বিশ্বক কটাক্ষ কৰি হুচেইনে কয় যে, হিমন্ত বিশ্ব শৰ্মাই প্ৰায়ে কয় তেওঁলোকক মিঞাৰ ভোট নালাগে বুলি। গতিকে বিজেপিক ভোট নিদিব। সকলোৱে হৈ কংগ্ৰেছৰ হাতৰ বুটামটো টিপি দিব। দেখিব নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছত বিজেপিয়ে নিজৰ গালত নিজেই চৰিয়াব।  বিজেপিক ভয় কৰিব নালাগে বুলি উল্লেখ কৰি হুচেইনে কয় যে, আমি কাজিয়া নকৰো, আমি এনেই জিকিম। কিন্তু বিজেপিক ভয় নকৰিব। মোৰ পকেটত এটা বস্তু আছে, এটা টোপাল দিলেই চাফা হৈ যাব সকলো।

উল্লেখ্য যে, বছৰ বছৰ ধৰি চামগুৰি সমষ্টিটো কংগ্ৰেছৰ দখলত আছে। পিতৃৰ পাছত ২০০১ চনৰ পৰা ৰকিবুল হুচেইনে এই সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ আছে। অপ্ৰতিৰোধ্য ৰকিবুলৰ বিৰুদ্ধে বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়ালেও পৰাজয় এক প্ৰকাৰ নিশ্চিত বুলি জানি এই সমষ্টিটোৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া নাছিল।

কিন্তু ৰকিবুল হুচেইন সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতেই এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেওঁৰ পুত্ৰ তানজিল হুচইনে। গতিকে এইবাৰ বিজেপিয়ে ৰকিবুলৰ দুৰ্গ খহাবলৈ সকলো ধৰণৰ চেষ্টায়ে কৰি গৈছে। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেইবাজনো নেতা- মন্ত্ৰীয়ে এই সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছে।

ইয়াৰ মাজতে ৭ নৱেম্বৰত চামগুৰিৰ বিজেপি প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰচাৰ অভিযানে দলটোক শক্তিশালী কৰাৰ লগতে ভোটাৰসকলৰ ওপৰত প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। গতিকে বছৰ বছৰ ধৰি  কংগ্ৰেছে শাসন কৰি অহা চামগুৰি সমষ্টি বিজেপিয়ে নিজৰ দখললৈ আনিব পাৰে নে নাই সেয়া সময়ত হ’ব লক্ষণীয়।

পকা অমিতা নে কেঁচা অমিতা বেছি উপকাৰী? কি কি বেমাৰৰ পৰা পাব উপশম
গাজৰ খাই ভাল পায় নে? গাজৰৰ আছে ৰোগ প্ৰতিৰোধ কৰিব পৰা বহু উপকাৰী গুণ
বৃদ্ধি পাব ছালৰ সৌন্দৰ্য! নিশা এনেদৰে ব্যৱহাৰ কৰক এলোভেৰা জেল...
ঘৰৰ মুখ্য দুৱাৰত ভুলতো নাৰাখিব এই সামগ্ৰী, হ'ব আৰ্থিক সমস্যা...