Assam: চামগুৰিত ঘৰৰ পৰা উঠাই নি নিৰ্দলীয় প্ৰাৰ্থীক প্ৰহাৰ! ক’লে; কোনে কৰিলে এই কাণ্ড…

Assam by election: বিধানসভাৰ উপ- নিৰ্বাচনৰ পূৰ্বে চামগুৰিত উত্তপ্ত হৈ পৰিছে ৰাজনীতি। নিতৌ চামগুৰিত সংঘটিত হৈছে নিৰ্বাচনকেন্দ্ৰিক সংঘাত। এইবাৰ চামগুৰিত দুৰ্বৃত্তৰ লক্ষ্য হ'ল এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী।

Assam: চামগুৰিত ঘৰৰ পৰা উঠাই নি নিৰ্দলীয় প্ৰাৰ্থীক প্ৰহাৰ! কলে; কোনে কৰিলে এই কাণ্ড...

নিৰ্দলীয় প্ৰাৰ্থী

Published: 

10 Nov 2024 18:28 PM

ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ উপ- নিৰ্বাচনৰ পূৰ্বে চামগুৰিত বৃদ্ধি পাইছে নিৰ্বাচনকেন্দ্ৰিক সংঘাত। প্ৰতিদিনেই চামগুৰিৰ বিভিন্ন ঠাইৰ পৰা নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ খবৰ পোহৰলৈ আহিছে।  বিজেপি আৰু কংগ্ৰেছৰ মাজত চলি থকা সংঘাতৰ মাজতেই এইবাৰ দুৰ্বৃত্তৰ ৰোষৰ বলি হ’বলগীয়া হ’ল নিৰ্দলীয় প্ৰাৰ্থী। অভিযোগ অনুসৰি, চামগুৰি সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী এগৰাকীক দুৰ্বৃত্তই অপহৰণ কৰি নি প্ৰহাৰ কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অভিযোগ অনুসৰি শনিবাৰে নিশা চামগুৰি সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মোছাব্বিৰ আহমেদক দুৰ্বৃত্তই অপহৰণ কৰি আক্ৰমণ কৰে। বৰ্তমান মোছাব্বিৰ আহমেদ নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালত চিকিৎসাধীন হয়। ঘটনাৰ বিৱৰণী অনুসৰি শনিবাৰে নিশা ঘৰৰ পৰা মাতি নি অচিনাক্তলোকে মোছাব্বিৰক গাড়ীত উঠাই লৈ যায়। তাৰ পাছতে গাড়ীৰ ভিতৰত দুৰ্বৃত্তই আক্ৰমণ চলাই যাৰ ফলত তেওঁ অচেতন হৈ পৰে। নিৰুদ্দেশ হোৱাৰ কিছুসময় পাছতেই নগাঁৱৰ কাটিমাৰী গ্ৰান্টৰ পথৰ দাঁতিত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত  অৱস্থাত উদ্ধাৰ হয় চামগুৰি সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মোছাব্বিৰ আহমেদ।

প্ৰাৰ্থীগৰাকীয়ে অভিযোগ কৰে যে কংগ্ৰেছৰ গুণ্ডাবাহিনীয়ে এই আক্ৰমণ সংঘটিত কৰিছে। চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুচেইনৰ বিৰুদ্ধে কৰা প্ৰচাৰৰ বাবে দুৰ্বৃত্তই এই আক্ৰমণ সংঘটিত কৰা বুলি তেওঁ কয়।  লগতে প্ৰাৰ্থীগৰাকীয়ে জনাই যে, চোটৰূপহীৰ বাসগৃহত সমৰ্থকৰ লগত আলোচনা কৰি থকা অৱস্থাতে অজ্ঞাতলোকে ঘৰৰ পদূলিলৈ মাতি নিছিল তেওঁক। অভিযোগ অনুসৰি সংখ্যালঘু ভোট বিভাজনৰ আশংকা কৰি নিৰ্বাচনৰ পৰা বিৰত থাকিবলৈ একাংশই মোছাব্বিৰক ভাবুকিও দিছে। তাৰ মাজতে সংঘটিত হয় এই ঘটনা।

উল্লেখ্য যে, বিগত কেইটামান দিনত চামগুৰিত বহু অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে। মাৰপিট, গুলীচালনা আনকি বিজেপি কৰ্মী মৃত্যু মুখত পৰাৰ দৰে ঘটনাও সংঘটিত কৰে। বিধানসভাৰ উপ- নিৰ্বাচনৰ পূৰ্বে চামগুৰি সমষ্টিৰ পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে। শেহতীয়াকৈ বিধায়ক জিতু গোস্বামীৰ বহনলৈও গুলীচালনা কৰে দুবৃত্তই।  বিধায়কগৰাকীৰ বাহনলৈ লক্ষ্য কৰি তিনিজাঁই গুলী ফুটাই দুৰ্বৃত্তই। অৱশ্যে সেই সময়ত বাহনখনত কোনোলোক উপস্থিত নাছিল।

চামগুৰিত সংঘটিত হৈ অহা নিৰ্বাচনকেন্দ্ৰিক সংঘাতক তীব্ৰ গৰিহনা জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ছ’চিয়েল মিডিয়াৰ যোগেদি পোষ্ট কৰি শৰ্মাই কয় যে, “মাননীয় বিধায়ক শ্ৰীজিতু গোস্বামী ডাঙৰীয়াক চামগুৰিত কংগ্ৰেছৰ সমৰ্থকে কৰা আক্ৰমণক তীব্ৰ গৰিহণা দিছোঁ। এই একেই কংগ্ৰেছে সংবিধান সুৰক্ষা তথা সংবিধানক গৌৰৱেৰে মানি চলাটো দেখুৱায়৷ অথচ তেওঁলোকে আমাৰ কাৰ্যকৰ্তাসকলক আন্ধাৰৰ সুযোগ লৈ আক্ৰমণ কৰি হিংসাৰ আশ্ৰয় লৈছে আৰু সংবিধান উলংঘা কৰিছে৷ প্ৰকৃত প্ৰশ্নটো হ’ল, এই উপ-নিৰ্বাচনতে কংগ্ৰেছে ইমান ভয় খাইছে কিয়? আচলতে কেৱল পৰাজয়ৰ ভয়েই নহয়, তেওঁলোকৰ যিটো ভোটৰ মূল বেংক, সেই ভোটবেংক ধৰি ৰখাৰ বাবেই তেওঁলোক এনে চৰম পৰ্যায়লৈ গৈছে। আমি ন্যায় পাব লাগিব আৰু আমি কাকো আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক ভেঙুচালি বা ক্ষতিগ্ৰস্ত কৰিবলৈ নিদিওঁ”।

 

 

অভিশাপ নে বৰদান? জানক কল গছ জন্মৰ আঁৰৰ কাহিনী...
কমি যায় মূল্য! ভাৰতৰ ১০০ টকা ব্ৰাজিলত কিমান হয় জানেনে ?
পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ