Assam by election: চামগুৰিত ভয়ংকৰ পৰিস্থিতি! দুই আৰক্ষী বিষয়াক তৎকালীনভাৱে বদলি
Assam by election: অসমৰ বিধানসভা উপ- নিৰ্বাচনক লৈ মাজত মাত্ৰ কেইটামান দিন। ইয়াৰ পূৰ্বে চামগুৰি সমষ্টিৰ পৰা প্ৰতিদিনেই বহু বিক্ষিপ্ত ঘটনা পোহৰলৈ আহিছে। ক'ৰবাত যদি মাৰপিট, ক'ৰবাত সাংবাদিকক আক্ৰমণ আৰু ক'ৰবাত গুলীচালনাৰ দৰে ঘটনাও সংঘটিত হৈছে।
ৰাজ্যৰ বিধানসভাৰ উপ- নিৰ্বাচনক কেন্দ্ৰ কৰি চামগুৰিত উত্তপ্ত হৈ আছে ৰাজনৈতিক পৰিস্থিতি। বিগত দিনকেইটাত চামগুৰিত বিভিন্ন বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে। শেহতীয়াকৈ চামগুৰিত পৰিস্থিতি অধিক অৱনতি ঘটাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত।পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত ব্যৰ্থ হোৱা বাবে দুই আৰক্ষী বিষয়াক বদলি কৰে। নিৰ্বাচন আয়োগে বদলি কৰে নগাঁও জিলা অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষত পাৰ্থপ্ৰতীম শইকীয়া আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তক।
ইতিমধ্যে এই সন্দৰ্ভত এক জাননী জাৰি কৰিছে নিৰ্বাচন আয়োগে। য’ত উল্লেখ কৰিছে যে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দুই আৰক্ষী বিষয়াক শীঘ্ৰেই বদলি কৰিব লাগে আৰু তাৰ স্থানত নতুন বিষয়া নিযুক্তি দিব লাগে।
উল্লেখ্য যে, যোৱা কেইটামান দিনত চামগুৰিত বিজেপি- কংগ্ৰেছৰ মাজত তীব্ৰ সংঘাত হোৱা দেখা যায়। বিভিন্ন সময়ত দুই দলৰ সমৰ্থকৰ মাজত মাৰপিট,গুলীচালনা, দুৰ্বৃত্তৰ আক্ৰমণ আদি ঘটনা পোহৰলৈ আহিছে। শেহতীয়াকৈ বিধায়ক জিতু গোস্বামীৰ বাহনলৈ তিনি জাঁই গুলী চলাইছিল দুৰ্বৃত্তই। এই সকলো ঘটনাৰ বাবে কংগ্ৰেছ- বিজেপিয়ে পৰস্পৰে পৰস্পৰক দোষাৰোপ কৰা দেখা যায়।
ইয়াৰ মাজতে সাংসদ ৰকিবুল হুচেইনক চামগুৰি সমষ্টিৰ উপ- নিৰ্বাচনৰ পৰা আঁতৰাই ৰখাৰ দাবী জনাই মন্ত্ৰী বিমল বৰা, ৰূপক শৰ্মাই। ইতিমধ্যে এই সন্দৰ্ভত তেওঁলোকে দেওবাৰে উপ- নিৰ্বাচনৰ ৰিটাৰ্নিং বিষয়াৰ জৰিয়তে ভাৰতৰ নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছে। এই সন্দৰ্ভত মন্ত্ৰী বিমল বৰাই কয় যে, এজন মানুহৰ দীৰ্ঘদিনৰ কু অভিসন্ধিৰ বাবে চামগুৰি সমষ্টিৰ উপ- নিৰ্বাচন ৰক্তাক্ত হবলৈ গৈ আছে। তেওঁ হৈছে ৰকিবুল হুচেইন। গতিকে তেওঁক উপ- নিৰ্বাচনৰ পৰা আঁতৰাই ৰাখিবলৈ নিৰ্বাচনী আয়োগক আমি পত্ৰ প্ৰেৰণ কৰিছো।
আনহাতে চামগুৰিত সাংবাদিকক আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত ৰূপক শৰ্মাই কয় যে, কংগ্ৰেছৰ বিপক্ষে বাতৰি কৰা,নিৰপেক্ষ বাতৰি কৰা সকলক তেওঁ বাচি লৈছে। সাংসদ ৰকিবুল হুচেইনৰ প্ৰৰোচনাত সাংবাদিকক আক্ৰমণ কৰা হৈছে। এনে কাৰ্য গৰিহনাৰ যোগ্য। এগৰাকী সাংসদৰ উপস্থিতিত সাংবাদিকক কৰা আক্ৰমণ মানি ল’ব নোৱাৰি বুলি কয় তেওঁ।
উল্লেখ্য যে, ১৩ নৱেম্বৰত ৰাজ্যৰ ৫ সমষ্টিত অনুষ্ঠিত হ’ব উপ- নিৰ্বাচন। চামগুৰি সমষ্টিৰ বাবে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুচেইন আৰু বিজেপি প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মা। বছৰ বছৰ ধৰি কংগ্ৰেছৰ শাসনত থকা এই সমষ্টিটো বিজেপিয়ে নিজৰ দখললৈ আনিবৰ বাবে সকলো ধৰণৰ চেষ্টা কৰাৰ বিপৰীতে কংগ্ৰেছেও সকলো শক্তি প্ৰয়োগ কৰি আসন ধৰি ৰখাৰ চেষ্টা চলাইছে। গতিকে আগন্তুক সময়ত লক্ষণীয় হ’ব চামগুৰি সমষ্টি কাৰ হাতলৈ যায়।