Assam: চামগুৰিত হিংসাৰ দাবানল! কংগ্ৰেছ প্ৰাৰ্থীৰ বাহন ভাঙি চুৰমাৰ কৰিলে দুৰ্বৃত্তই

Assam by election: অসমত অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ উপ- নিৰ্বাচনৰ পূৰ্বে চামগুৰিত উত্তপ্ত হৈ পৰিছে ৰাজনৈতিক সংঘাত। কংগ্ৰেছ- বিজেপিৰ সমৰ্থকৰ মাজত চলি থকা সংঘাতত বহুলোক আহত হৈছে। ইয়াৰ মাজতে কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুচেইনৰ বাহনত দুৰ্বৃত্তই আক্ৰমণ কৰে।

Assam: চামগুৰিত হিংসাৰ দাবানল! কংগ্ৰেছ প্ৰাৰ্থীৰ বাহন ভাঙি চুৰমাৰ কৰিলে দুৰ্বৃত্তই

চামগুৰি

Published: 

10 Nov 2024 20:32 PM

উত্তপ্ত হৈ পৰিছে চামগুৰিৰ নিৰ্বাচনকেন্দ্ৰিক সংঘাত। কংগ্ৰেছ- বিজেপিৰ সমৰ্থকৰ মাজত চলি থকা সংঘাতৰ মাজতেই আজি দুৰ্বৃত্তই আক্ৰমণ কৰে কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুচেইনৰ বাহন।  উদমাৰী চাহ বাগিছা এলেকাত তানজিল হুচেইনৰ বাহনত আক্ৰমণ কৰে দুৰ্বৃত্তই। দুৰ্বৃত্তৰ আক্ৰমণত চূৰমাৰ হয় কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুচেইনৰ বাহনখন। জানিব পৰা মতে দুৰ্বৃত্তই বাহনলৈ শিল গুটি দলিওৱাৰ লগতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।  আক্ৰমণৰ পাছতেই তানজিলে মুখ্যমন্ত্ৰী আহ্বান জনাই যে, মোক জীয়াই থাকিবলৈ দিয়ক।

ইয়াৰ লগে লগে কংগ্ৰেছ আৰু বিজেপি সমৰ্থকৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হয়। এফালে একাংশই ৰকিবুল গ’ বেক ধ্বনি দিয়াৰ লগতে একাংশই বিজেপি গ’ বেক ধ্বনি দিয়ে। আনহাতে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত বহি প্ৰতিবাদ সাব্যস্ত কৰে ৰকিবুল হুচেইনে। সাংসদগৰাকীয়ে এনেদৰে বহি প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতেই একাংশ কংগ্ৰেছ কৰ্মী তেওঁৰ ওচৰলৈ আহি তানজিলৰ গাড়ী ভঙা কাৰ্যৰ ন্যায় বিচাৰে।

উল্লেখ্য যে, ১৩ নৱেম্বৰত ৰাজ্যৰ ৫ সমষ্টিত অনুষ্ঠিত হ’ব বিধানসভাৰ উপ- নিৰ্বাচন। নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া এই সমষ্টি কেইটা হ’ল চামগুৰি, বিহালী, ধলাই, বঙাইগাঁও, ছিদলী। কিন্তু এই সমষ্টি কেইটাৰ সবাতোকৈ চৰ্চাত আছে চামগুৰি সমষ্টি। কিয়নো বছৰ বছৰ ধৰি কংগ্ৰেছৰ দখলত থকা এই সমষ্টিটো নিজৰ হাতলৈ আনিবৰ বাবে বিজেপিয়ে উঠি পৰি লাগিছে। আনহাতে কংগ্ৰেছে এই সমষ্টি নিজৰ হাতত ৰাখিবলৈ সকলো শক্তি প্ৰয়োগ কৰিছে। এই সমষ্টিত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৰকিবুল হুচেইনৰ পুত্ৰ তানজিল হুচেইনে আৰু বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে দিপ্লু ৰঞ্জন শৰ্মাই।

এই সকলোবোৰৰ মাজতে চামগুৰি সমষ্টিত বৃদ্ধি পাইছে নিৰ্বাচনকেন্দ্ৰিক সংঘাত। প্ৰায় প্ৰতিদিনেই চাগুৰিৰ বিভিন্ন ঠাইত নিৰ্বাচনকেন্দ্ৰিক সংঘাত হোৱাৰ খবৰ পোহৰলৈ আহিছে। কোনো ঠাইত যদি বিজেপি- কংগ্ৰেছ সমৰ্থকৰ মাজত মাৰপিট লাগিছে আন কোনো ঠাইত হৈছে গুলীচালনা। আনকি নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ বাবে বিজেপিৰ এজন সদস্যই মৃত্যুক সাৱতি ল’বলগীয়া পৰিস্থিতিও সংঘটিত হৈছে।

এক প্ৰকাৰ চামগুৰি সমষ্টিত চলিছে এতিয়া হিংসাৰ দাবানল। এনে হিংসাত্মক ঘটনাত বহুলোক আহত হোৱাৰ খবৰো পোহৰলৈ আহিছে। উল্লেখ্য যে, কাইলৈ সমাপ্ত হ’ব বিধানসভাৰ উপ- নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ। তাৰ প্ৰায় ১ দিন পাছতেই অনুষ্ঠিত হ’ব নিৰ্বাচন আৰু ফলাফল ঘোষণা হ’ব ২৩ নৱেম্বৰত। গতিকে তাৰ পাছতেই গ’ম পোৱা যাব কাৰ হাতলৈ যায় চামগুৰি সমষ্টি।

আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস
বৃহস্পতিবাৰৰ দিনটোত হালধীৰ দ্বাৰা কৰক এনে বিধান, দূৰ হ’ব ধনৰ অভাৱ
শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক
তীৰ্থযাত্ৰাৰ সময়ত নকৰিব এই ভুল কৰে, নাপাব পূণ্যফল!