উপ- নিৰ্বাচনৰ ফলাফলঃ চিদলী আৰু বঙাইগাঁৱত NDA প্ৰাৰ্থীৰ বৃহৎ জয়…
Assam by election result: চলি আছে বিধানসভা উপ- নিৰ্বাচনৰ ভোট গণনা। ইতিমধ্যে ৩ টা সমষ্টিৰ ফলাফল পোহৰলৈ আহিছে। এই ৩ টা সমষ্টিয়ে গৈছে এন ডি এৰ হাতলৈ। চিদলীত ইউ পি পি এলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ বিপৰীতে বঙাইগাঁৱত অগপ প্ৰাৰ্থীয়ে জয় লাভ কৰে।
বিহালীৰ পাছতেই চিদলী আৰু বঙাইগাঁও সমষ্টিত NDA প্ৰাৰ্থীৰ জয়লাভ। চিদলীত জয়লাভ কৰিছে ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই। প্ৰায় ৩২,০০০ ৰো অধিক ভোটত জয় লাভ কৰিবলৈ সক্ষম হয় ব্ৰহ্ম। ইয়াৰ বিপৰীতে বঙাইগাঁৱত জয়ী হৈছে সাংসদ ফনীভূষণ চৌধুৰীৰ পত্নী তথা অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী। অগপ প্ৰাৰ্থীগৰাকীয়ে ২৯,৬৬৫ ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে এই ফলাফলৰ আনুষ্ঠানিক ঘোষণা এতিয়াও বাকী আছে।
অসমৰ ৫ সমষ্টিত অনুষ্ঠিত হৈছিল বিধানসভাৰ উপ- নিৰ্বাচন। ইয়াৰে ৩ টা সমষ্টি বিহালী, চিদলী আৰু অগপ ইতিমধ্যে এন ডি এৰ হাতলৈ গৈছে যদিও ২ টা সমষ্টিৰ ভোট গণনা প্ৰক্ৰিয়া চলি আছে। ধলাই সমষ্টিত বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসে অগ্ৰগতি লাভ কৰি থকাৰ বিপৰীতে চামগুৰি সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুচেইন আৰু বিজেপি প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাৰ মাজত তীব্ৰ প্ৰতিদ্বন্বিতা দেখা গৈছে। কিছু সময় পাছতেই এই দুই সমষ্টিৰ ফলাফলো পোহৰলৈ আহিব।
উল্লেখ্য যে, বছৰ বছৰ ধৰি বঙাইগাঁও সমষ্টিত অগপই ৰাজত্ব কৰি আহিছে। ফনীভূষণ চৌধুৰী সাংসদ হোৱাৰ পাছত অগপৰ দুৰ্গ হিচাপে পৰিচিত এই সমষ্টিটো দীপ্তিময়ী চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। এই সমষ্টিৰ পৰা টিকট বিচাৰিছিল অগপৰ বঙাইগাঁও জিলা সম্পাদক শৈলেন সৰকাৰে। কিন্তু টিকট নোপোৱাৰ বাবে এইগৰাকী নেতাই অগপ ত্যাগ কৰি নিৰ্দলীয়কৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।
উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা আনটো সমষ্টি বঙাইগাঁৱত মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । বিজেপিৰ মিত্ৰদল অগপৰ দীপ্তিময়ী চৌধুৰীয়ে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে কংগ্ৰেছে সমষ্টিটোত ব্ৰজেনজিৎ সিনহা, এছইউচিআইৰ হৈ মৃত্যুঞ্জয় ৰাভা, নিৰ্দলীয় প্ৰাৰ্থী শৈলেন সৰকাৰ, অনুপ কুমাৰ কৰ্মকাৰ, ভদ্ৰেশ্বৰ বৰ্মন, গৌতম ৰায় লগতে দীপক দাসে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।