Samaguri Violence : যুদ্ধ ক্ষেত্ৰলৈ পৰিণত হৈছে চামগুৰি ! নিৰ্বাচনী প্ৰচাৰৰ সময়ত সংঘটিত গুলীচালনা ঘটনাৰে কোন জড়িত ?

চামগুৰি গুলীচালনা ঘটনাকলৈ বিজেপিয়ে পৰোক্ষভাৱে কংগ্ৰেছক দায়ী কৰাৰ বিপৰীতে কংগ্ৰেছেও পৰোক্ষভাৱে বিজেপিক দায়ী কৰিছে। সূত্ৰ খবৰ অনুসৰি, এই গুলীচালনাৰ ঘটনাক কেন্দ্ৰ কৰি যোৱা নিশা অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । এই ঘটনাত এগৰাকী মহিলা সহ ২ জন লোক আহত হোৱা বুলি খবৰ লাভ কৰা গৈছে । এই ঘটনাৰ গোচৰত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।

Samaguri Violence : যুদ্ধ ক্ষেত্ৰলৈ পৰিণত হৈছে চামগুৰি ! নিৰ্বাচনী প্ৰচাৰৰ সময়ত সংঘটিত গুলীচালনা ঘটনাৰে কোন জড়িত ?

চামগুৰিত কোনে চলাইছিল গুলী ?

Updated On: 

10 Nov 2024 11:51 AM

চামগুৰি বিধানসভা সমষ্টিত দিনক দিনে উপ-নিৰ্বাচনী হিংসাই ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে । শেহতীয়াকৈ চামগুৰিৰ মৰিপুঠীখাইতীত বিজেপিৰ পদযাত্ৰাৰ সময়ত বিধায়ক জিতু গোস্বামীৰ বাহনলৈ লক্ষ্য কৰি দুৰ্বৃত্তই গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে । এই ঘটনাৰ সময়ত বিজেপিৰ এক পদযাত্ৰাত উপস্থিত আছিল বিজেপিৰ বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীৰ লগতে সুৰেশ বৰা আৰু বিজেপিৰ কৰ্মকৰ্তাসকল ।

এই ঘটনাৰ বাবে পৰোক্ষভাৱে বিজেপিয়ে কংগ্ৰেছক দায়ী কৰাৰ বিপৰীতে কংগ্ৰেছেও পৰোক্ষভাৱে বিজেপিক দায়ী কৰিছে। সূত্ৰ খবৰ অনুসৰি, এই গুলীচালনাৰ ঘটনাক কেন্দ্ৰ কৰি যোৱা নিশা অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । এই ঘটনাত এগৰাকী মহিলা সহ ২ জন লোক আহত হোৱা বুলি খবৰ লাভ কৰা গৈছে । এই ঘটনাৰ গোচৰত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।

ঘটনাৰ সন্দৰ্ভত বিধায়ক জিতু গোস্বামীৰ প্ৰতিক্ৰিয়া

ঘটনাৰ সন্দৰ্ভত বিধায়ক জিতু গোস্বামীয়ে ঘটনাৰ ক্ৰম বৰ্ণনা কৰি কয়- ‘এই ঘটনা সংঘটিত হোৱাৰ সময়ত আমি বিজেপিৰ এটা কাৰ্যালয়ৰ পৰা আন এটা কাৰ্যালয়লৈ শান্তিপূৰ্ণ পদযাত্ৰা কৰি আছিলো । সেই সময়তে কংগ্ৰেছৰ প্ৰাক্তন কাউন্সিলাৰ ইছমাইল হুছেইনৰ ঘৰত থকা ব্যক্তিসকলে ৰেলীত অংশগ্ৰহণকাৰীসকলৰ ওপৰত শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে । যিটো পাছত গুলীচালনাৰ ৰূপ লয়। মোৰ গাড়ীখন লক্ষ্য কৰি লৈছিল যদিও মোৰ পি এছ অ’ৰ বাবেই মোৰ কোনো ক্ষতি হোৱা নাছিল ।’

‘নিৰাপত্তাৰক্ষীয়ে মোক নিৰাপদ স্থানলৈ লৈ যায় । এই ঘটনাৰ দোষীসকলক কৰায়ত্ব কৰিবলৈ আৰক্ষীক আহ্বান জনাইছো। মোৰ কেইবাজনো সহকৰ্মী আহত হৈছে আৰু এজনৰ অৱস্থা সংকটজনক ।’ এইদৰে ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপিৰ বিধায়ক গৰাকীয়ে ।

ৰকিবুল হুছেইনৰ প্ৰতিক্ৰিয়া

এই ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে অশান্তিৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয়, ‘নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে চামগুৰিত অশান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। আঞ্চলিক পঞ্চায়তৰ সদস্য ইছমাইল হুছেইনে এই আক্ৰমণ সূচনা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাত ইছমাইল হুছেইনৰ নিজৰ পুত্ৰ আহত হৈছে আৰু তেওঁ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উত্থাপন কৰা হৈছে । ইছমাইল হুছেইনৰ বিৰুদ্ধে গুলীচালনা সংঘটিত কৰা অভিযোগ উত্থাপন কৰাটো দুৰ্ভাগ্যজনক ।’ লগতে এই ঘটনাৰ নিৰপেক্ষ আৰু বিস্তৃত তদন্তৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে সাংসদ হুছেইনে ।

লগতে পঢ়ক : Shooting Incident : প্ৰাক নিৰ্বাচনী হিংসাত উত্তপ্ত চামগুৰি ! বিজেপিৰ বিধায়কলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা…

আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস
বৃহস্পতিবাৰৰ দিনটোত হালধীৰ দ্বাৰা কৰক এনে বিধান, দূৰ হ’ব ধনৰ অভাৱ
শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক
তীৰ্থযাত্ৰাৰ সময়ত নকৰিব এই ভুল কৰে, নাপাব পূণ্যফল!