Assam by election: ১মিনিটত পঢ়ক ৰাজ্যৰ ৫ সমষ্টিৰ বিধানসভা উপ-নিৰ্বাচনৰ কেইটামান ডাঙৰ আপডেট…

Assam by election: আজি ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে উপ- নিৰ্বাচন। ইয়াৰ বাবে পুৱা ৭ বজাৰ পৰা ৫ সমষ্টিৰ ১০৭৮ টা কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। চলি থকা ভোট গ্ৰহণৰ মাজতে দুই- এটা বিক্ষিপ্ত ঘটনাও পোহৰলৈ আহিছে।

Assam by election:  ১মিনিটত পঢ়ক ৰাজ্যৰ ৫ সমষ্টিৰ বিধানসভা উপ-নিৰ্বাচনৰ কেইটামান ডাঙৰ আপডেট...

উপ- নিৰ্বাচন

Updated On: 

13 Nov 2024 10:39 AM

আজি ৰাজ্যৰ ৫ টা সমষ্টিত অনুষ্ঠিত হৈছে উপ নিৰ্বাচন। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোট গ্ৰহণ প্ৰক্ৰিয়া সন্ধিয়ালৈ চলিব। অসমৰ চামগুৰি, বিহালী, ছিদলী, বঙাইগাঁও আৰু ধলাই সমষ্টিত অনুষ্ঠিত হৈছে উপ- নিৰ্বাচন। আজি নিৰ্বাচন অনুষ্ঠিত হোৱা ৫ সমষ্টিৰ  মুঠ ভোটাৰৰ সংখ্যা ৯, ১০, ৬৬৫  । ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে  ৫৪,৭২২ জন আৰু মহিলা ভোটাৰ সংখ্যা হ’ল ৪,৫৫,৯২৪ গৰাকী ৷ পাঁচ সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ১০৭৮ টা ।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, চিদলী সমষ্টিত মুঠ ২,১৭,২৩৬ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ । একেদৰে বঙাইগাঁৱত ১,৮২,৩৫৪ গৰাকী, বিহালীত ১,৩২,৫৭৯ গৰাকী আৰু চামগুৰি সমষ্টিত ১,৮০,৮৫৪ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ । অন্যহাতে ধলাই বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৯৭,৬৪২ গৰাকী।

বৰ্তমান এই ৫ টা সমষ্টিত চলি আছে ভোট গ্ৰহণ। নিৰ্বাচনৰ লগত জড়িত কেইটামান ডাঙৰ আপডেট তলত আগবঢ়োৱা হ’ল-

  • ধলাই পুতিশালত ই ভি এম বিকল হোৱাৰ বাবে ভোট গ্ৰহণত পলম।
  • চামগুৰিৰ শলমাৰীৰ ৫৯, ৮৯ আৰু ৯০ নং ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। অভিযোগ অনুসৰি ৫৯ নং ভোটকেন্দ্ৰত বিজেপি কৰ্মী ৰছিদুলে দুগৰাকী কংগ্ৰেছ কৰ্মীক প্ৰহাৰ কৰিছে।
  • চামগুৰিত ভোট দিবলৈ আহি আহত হয় এগৰাকী গৰ্ভৱতী মহিলা। বাজিয়া গাঁৱৰ ৫৩ নং ভোট কেন্দ্ৰত এই অঘটন সংঘটিত হয়।
  • সংকটজনক অৱস্থাত মহিলাগৰাকীক হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে।
  • চামগুৰিত সংঘটিত দুই- এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে বাকী ৪ সমষ্টিত শান্তিপূৰ্ণভাৱে ভোটদান হৈ আছে।

পুৱা ৯.৩০ বজালৈ ৫ সমষ্টিত ভোট দানৰ হাৰ

  • পুৱা ৯.৩০ বজালৈ ৮৮ নং চামগুৰিত ভোটদানৰ হাৰ ১৪.৭০ শতাংশ
  • ৭৭ নং বিহালী সমষ্টিত ভোটদানৰ হাৰ ১১ শতাংশ
  • ৩১ নং ছিদলীত ভোটদানৰ হাৰ ১২.৫১ শতাংশ
  • ৩২ নং বঙাইগাঁও সমষ্টিত ভোটদানৰ হাৰ ১৫.৩৪ শতাংশ
  • ১১ নং ধলাই সমষ্টিত ভোটদানৰ হাৰ ৯.১৫ শতাংশ

উল্লেখ্য যে, ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মুঠ ৩৮ গৰাকীয়ে প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । ইয়াৰ ভিতৰত ছিদলীত ৩ গৰাকী প্ৰাৰ্থী, বঙাইগাঁও সমষ্টিত ৮ গৰাকী প্ৰাৰ্থী, বিহালীত ৪ গৰাকী প্ৰাৰ্থী, ধলাই সমষ্টিত ৮ গৰাকী প্ৰাৰ্থী আৰু চামগুৰিত সৰ্বাধিক ১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। দেশৰ আন ৰাজ্যৰ লগতে অসমৰ উপ- নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ২৩ নৱেম্বৰত।

আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস
বৃহস্পতিবাৰৰ দিনটোত হালধীৰ দ্বাৰা কৰক এনে বিধান, দূৰ হ’ব ধনৰ অভাৱ
শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক
তীৰ্থযাত্ৰাৰ সময়ত নকৰিব এই ভুল কৰে, নাপাব পূণ্যফল!