5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam by election: কোনে অস্ত্ৰ-শস্ত্ৰ লৈ আক্ৰমণ কৰিলে ৰকিবুলৰ বাসগৃহত, এজাহাৰ দাখিল

Assam by election: আজি ৰাজ্যৰ ৫ টা সমষ্টিত অনুষ্ঠিত হৈছে বিধানসভাৰ উপ- নিৰ্বাচন। ইয়াৰে ৪ টা সমষ্টিত শান্তিপূৰ্ণভাৱে নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে যদিও চামগুৰিৰ পৰা দুই- এটা বিক্ষিপ্ত ঘটনা পোহৰলৈ আহিছে। আনকি সাংসদ ৰকিবুল হুচেইনৰ কনভয়ত আক্ৰমণ কৰাৰ ঘটনাও সংঘটিত হৈছে।

Assam by election: কোনে অস্ত্ৰ-শস্ত্ৰ লৈ আক্ৰমণ কৰিলে ৰকিবুলৰ বাসগৃহত, এজাহাৰ দাখিল
উপ- নিৰ্বাচন
barasha-sarma
Barasha Sarma | Published: 13 Nov 2024 12:20 PM

অসম বিধান সভাৰ উপ- নিৰ্বাচন আৰম্ভ হোৱাৰ আগনিশা অৰ্থাৎ মঙলবাৰে সাংসদ ৰকিবুল হুচেইনৰ বাসগৃহত দুৰ্বৃত্তই চলাই আক্ৰমণ। সাংসদগৰাকীয়ে কৰা অভিযোগ অনুসৰি কালি নিশা তেওঁৰ নগাঁওস্থিত বাসগৃহত অস্ত্ৰ শস্ত্ৰধাৰী এটা দলে অশ্লীল গালি গালাজ কৰি আক্ৰমণ কৰে। এই ঘটনাৰ পাছতেই সাংসদগৰাকী নগাঁও সদৰ আৰক্ষী নিৱেশত উপস্থিত হৈ এজাহাৰ দাখিল কৰে।  জানিব পৰা মতে সাংসদগৰাকীৰ বাসগৃহত কৰা আক্ৰমণৰ ঘটনা ঘৰৰ চিচিটিভিত আৱদ্ধ হৈছে। ইতিমধ্যে সাংসদগৰাকীয়ে চিচিটিভিৰ এই ফুটেজ আৰক্ষীক প্ৰদান কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

আনহাতে আজি পুৱাৰে পৰা চলি থকা ভোট গ্ৰহণৰ মাজতে চামগুৰিৰ বিভিন্ন ঠাইত কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হয়। পুৱাৰ ভাগত আজি চামগুৰি সমষ্টিত দুৰ্বৃত্তই ৰকিবুল হুচেইনৰ কনভয়ত আক্ৰমণ কৰে। অৱশ্যে ইয়াৰ ফলত সাংসদগৰাকী বা আন কোনো ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ এতিয়ালৈকে লাভ কৰা নাই।

ইয়াৰোপৰি চামগুৰিৰ শলমাৰীৰ ৫৯, ৮৯ আৰু ৯০ নং ভোট কেন্দ্ৰত পুৱাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অভিযোগ অনুসৰি ৫৯ নং ভোটকেন্দ্ৰত বিজেপি কৰ্মী ৰছিদুলে দুগৰাকী কংগ্ৰেছ কৰ্মীক প্ৰহাৰ কৰে। অৱশ্যে পৰৱৰ্তী  সময়ত নিৰাপত্তাৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ৰাজ্যৰ বাকী ৪ টা সমষ্টিত সুকলমে চলি আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া।

উল্লেখ্য যে, আজি ৰাজ্যৰ ৫ সমষ্টিত অনুষ্ঠিত হৈছে বিধানসভাৰ উপ- নিৰ্বাচন। চামগুৰি, ছিদলী, বিহালী, বঙাইগাঁও আৰু ধলাই সমষ্টিত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ মুঠ ভোটাৰৰ সংখ্যা ৯, ১০, ৬৬৫  । ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে  ৫৪,৭২২ জন আৰু মহিলা ভোটাৰ সংখ্যা হ’ল ৪,৫৫,৯২৪ গৰাকী ৷ পাঁচ সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ১০৭৮ টা ।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, চিদলী সমষ্টিত মুঠ ২,১৭,২৩৬ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ । একেদৰে বঙাইগাঁৱত ১,৮২,৩৫৪ গৰাকী, বিহালীত ১,৩২,৫৭৯ গৰাকী আৰু চামগুৰি সমষ্টিত ১,৮০,৮৫৪ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ । অন্যহাতে ধলাই বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৯৭,৬৪২ গৰাকী।

তথ্য অনুসৰি এই ৫ টা সমষ্টিত মুঠ  ৩৮ গৰাকীয়ে প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত সৰ্বাধিক চামগুৰিত ১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। চামগুৰিত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৰকিবুল হুচেইনৰ পুত্ৰ তানজিল হুচেইন, বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মা। লগতে নিৰ্দলীয় হিচাপে ৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সমষ্টিটোত । চামগুৰিৰ নিৰ্দলীয় প্ৰাৰ্থীসকল হৈছে-জেহিৰুল ইছলাম,নুৰুল আমিন চৌধুৰী,ৰবুল হক, ফাতেমা খাতুন, শশী তাতী,মুচাব্বিৰ আলি আহমেদ, আব্দুল মাজিদ,আব্দুছ চবুৰ মিঞা আৰু বীৰেন বচাক ।

Latest News