গুৰুদেৱ কালিচৰণ ব্রহ্মলৈ সন্মান, ৬ লাখ শ্ৰমিকৰ ৰেচন কাৰ্ডঃ ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ | assam cabinet 30th july decision himanta biswa sarma Assam news - Assam Tv9

গুৰুদেৱ কালিচৰণ ব্রহ্মলৈ সন্মান, ৬ লাখ শ্ৰমিকৰ ৰেচন কাৰ্ডঃ ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

চলিত উন্নয়নমূলক কামসমূহৰ মসৃণ ৰূপায়ণ নিশ্চিত কৰিবলৈ কেবিনেটে লোক নির্মাণ (পথ) বিভাগত আৰ এ জি ৩(এফ)ৰ অধীনত ১১৫গৰাকী কনিষ্ঠ অভিযন্তা (চি)ক পুনৰ নিযুক্তিৰ অনুমোদন জনাইছে

গুৰুদেৱ কালিচৰণ ব্রহ্মলৈ সন্মান, ৬ লাখ শ্ৰমিকৰ ৰেচন কাৰ্ডঃ ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

01 Aug 2024 06:40 AM

বুধবাৰ অৰ্থাৎ ৩০ জুলাই, ২০২৪ ত অনুষ্ঠিত হয় ৰাজ্যিক  কেবিনেট। এই কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল সম্বোধন কৰি ইয়াৰ বিষয়ে সবিশেষ জনায়। তলত সিদ্ধান্তসমূহ উল্লেখ কৰা হ’ল-

গুৰুদেৱ কালিচৰণ ব্রহ্মলৈ সন্মান

► বড়ো সমাজৰ উত্তৰণৰ ক্ষেত্ৰত গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ অসামান্য অৱদানৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি কেবিনেটত ৰূপসী বিমানবন্দৰক গুৰুদেৱ কালিচৰণ ব্রহ্ম বিমানবন্দৰ হিচাপে নামকৰণৰ প্রস্তাৱত অনুমোদন।

শ্রমজীৱীৰ খাদ্য সুৰক্ষা সুনিশ্চিতকৰণ

▶ ই-শ্রম প’র্টেলত অসমৰ পৰা প্রায় ১২ লাখ প্রৱজনকাৰী তথা অসংগঠিত খণ্ডৰ শ্রমিকৰ নাম পঞ্জীয়ন কৰা হৈছে, যাৰ ভিতৰত ৬ লাখ লোকে ৰেচন কার্ড লাভ কৰিছে।

▶ বাকী ৬ লাখ যোগ্য বিবেচিত লোকে খাদ্য সুৰক্ষাৰ সুবিধা লাভ কৰিব পৰাটো নিশ্চিত কৰিবলৈ কেবিনেটে ৰেচন কার্ডৰ অনুমোদন প্রদান কৰিছে।

অসামৰিক সেৱাৰ ক্ষমতা বৃদ্ধি কৰা

▶ প্রশিক্ষণ আৰু গৱেষণাৰ সুযোগ প্রদানেৰে চৰকাৰী বিষয়াসকলৰ ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে কেবিনেটে মিছন কর্মযোগী ৰূপায়ণৰ বাবে অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয় আৰু চেন্টাৰ ফৰ ইফেক্টিভ গভর্নেন্স অব ইন্ডিয়ান ষ্টেটাছ (চি.ই জি আই এছ)ৰ মাজত এক অবিত্তীয় বুজাবুজি চুক্তি স্বাক্ষৰত অনুমোদন জনাইছে।

ষষ্ঠ অনুসূচী ক্ষেত্ৰৰ সামগ্রিক বিকাশ নিশ্চিতকৰণ

▶ ষষ্ঠ্য অনুসূচীৰ ক্ষেত্ৰত তৃণমূল স্তৰৰ উন্নয়ন কাৰ্যসূচী ৰূপায়ণ কৰাটো সংশ্লিষ্ট ভি চি ডি চি/ডি ডি চিৰ অধীনস্থ দায়িত্ব

▶ ডিচিডি চি/ভিডি চিসমূহক উন্নয়নমূলক আঁচনিসমূহৰ পৰিকল্পনা, আয়োজন, বাছনি আৰু নিৰীক্ষণ আৰু ৰূপায়ণৰ হেতু কেবিনেটে অসমৰ মহ্য অনুসূচী ক্ষেত্ৰৰ অধীনৰ ভি চি ডি চি/ডি ডি চি কার্যালয়ত ৪৭৪টা সচিবৰ পদ সৃষ্টিত অনুমোদন জনাইছে

▶ পদসমূহ নিম্নলিখিত ধৰণে আবণ্টন কৰাৰ প্ৰস্তাৱ গ্ৰহণ

    • বিটিচিঃ ৪২০টা পদ
    •  ডিমা হাছাওঃ ২৮টা পদ
    • কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং: ২৬টা পদ

ৰাজ্যিক কৰ্মচাৰীৰ কল্যাণ

▶ পুৰণি পেঞ্চন আঁচনিৰ অধীনত অন্তর্ভুক্ত ৰাজ্যিক কর্মচাৰীসকলৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তা সুৰক্ষিত কৰিবলৈ কেবিনেটে সাধাৰণ ভৱিষ্য নিধি (অসম সেৱা) বিধি ১৯৩৭-ৰ বিধি ১০(ৰ) (খ)ৰ মুখ্য নিয়মাৱলীৰ সংশোধনৰ সিদ্ধান্তত অনুমোদন জনাইছে

▶ এই সিদ্ধান্তই অৱসৰপ্রাপ্ত/অৱসৰৰ পাছত কর্মচাৰীসকলে সম্মুখীন হোৱা কষ্ট হ্রাস কৰিব আৰু লগতে সেৱাৰ সময়তো জৰুৰীকালীন প্রয়োজনীয়তাৰ বাবে মুঠ জমা হোৱা পৰিমাণৰ পৰা অগ্রিম লোৱাৰ ব্যবস্থাৰে সহায় কৰিব

কার্যকৰী লোক সেৱা নিশ্চিতকৰণ

▶ লোক সেৱাৰ প্রদান আৰু আবেদন প্রণালী শক্তিশালী কৰাৰ হেতু কেবিনেটে অসম বিধান সভাৰ শৰৎকালীন অধিৱেশনত উত্থাপন কৰিবলৈ অসম লোক সেৱাৰ অধিকাৰ (সংশোধনী) বিধেয়ক, ২০২৪’ ত অনুমোদন জনাইছে

▶ অসম লোক সেৱাৰ অধিকাৰ (সংশোধনী) বিধেয়ক, ২০২৪৩ লোক সেৱাৰ অধিকাৰৰ ক্ষেত্রত অসম ৰাজ্যিক আয়োগ গঠনৰ বাবে নিম্নলিখিত ব্যবস্থাসমূহ অন্তর্ভুক্ত থাকিব

  •  আৰ টি পি এছৰ মুখ্য আযুক্ত আৰু আৰ টি পি এছৰ আয়ুক্তসকলক ৰাজ্যপালে নিম্নলিখিত সমিতিৰ পৰামর্শ অনুসৰি নিযুক্তি দিব। সমিতি গঠিত হ’ব (১) মুখ্যমন্ত্রী, সমিতিৰ অধ্যক্ষ, (২) বিধান সভাৰ বিৰোধী দলপতি; আৰু (৩) মুখ্যমন্ত্রীৰ দ্বাৰা মনোনীত এগৰাকী কেবিনেট মন্ত্রী।
  • অসম ৰাজ্যিক লোক সেৱাৰ অধিকাৰ আয়োগ হ’ব ৩ সদস্যযুক্ত এক স্বতন্ত্র আয়োগ যাৰ ভিতৰত থাকিব এগৰাকী মুখ্য আযুক্ত আৰু দুগৰাকী আযুক্ত। এই আয়োগক অর্থ-ন্যায়িক সংস্থা হিচাপে কাম কৰাৰ ক্ষমতা প্রদান কৰা হৈছে
  • প্রস্তাবিত আয়োগক অধিসূচনাপ্রাপ্ত সেৱা প্রদান কৰাত নিবন্তৰ বিফল হোৱাৰ বাবে সংশ্লিষ্ট লোক সেৱাৰ বিষয়া/কর্মচাৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যবস্থা গ্রহণৰ পৰামর্শ দিয়াৰ ক্ষমতা প্রদান কৰা হ’ব

উন্নয়নমূলক কামৰ ধাৰাবাহিকতা নিশ্চিতকৰণ

  • চলিত উন্নয়নমূলক কামসমূহৰ মসৃণ ৰূপায়ণ নিশ্চিত কৰিবলৈ কেবিনেটে লোক নির্মাণ (পথ) বিভাগত আৰ এ জি ৩(এফ)ৰ অধীনত ১১৫গৰাকী কনিষ্ঠ অভিযন্তা (চি)ক পুনৰ নিযুক্তিৰ অনুমোদন জনাইছে

 

দীপাৱলীৰ দিনটোত নকৰিব এই ভুল!
নছৰল্লাহৰ মৃত্যুৰ এমাহৰ পাছত নতুন নেতা নিৰ্বাচিত কৰিলে হিজবুল্লাহে...
পৰম্পৰা ৰক্ষা কৰি প্ৰদূষণমুক্ত দীপাৱলী কেনেকৈ উদযাপন কৰিব ? জানক
দেৱালীৰ সময়ত ভাগ্য ফুলিব এই ৫ ৰাশিৰ! লাভ কৰিব চাকৰি, ধন-সম্পত্তি...