শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মুছলিম বিবাহৰ পৰা খিলঞ্জীয়াৰ সুৰক্ষালৈ, অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ…

ৰাজ্যিক কেবিনেটে ঐতিহ্যমণ্ডিত স্থানসমূহৰ চাৰিওফালে থকা হেৰিটেজ বেল্ট এণ্ড ব্লকসমূহক অধিসূচিত কৰিবলৈ অসম ভূমি আৰু ৰাজহ নিয়ন্ত্রণ আইন, ১৮৮৬ত অধ্যায় ১২ অন্তর্ভুক্ত কৰিবলৈ অনুমোদন জনাইছে।

মুছলিম বিবাহৰ পৰা খিলঞ্জীয়াৰ সুৰক্ষালৈ, অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ…
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
barasha-sarma
Barasha Sarma | Updated On: 22 Aug 2024 06:59 AM

বুধবাৰ, ২১ আগষ্টত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে অসমৰ চৰকাৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  এই সিদ্ধান্তসমূহৰ বিষয়ে ছচিয়েল মিডিয়াত তথ্য প্ৰকাশ কৰে। তলত ইয়াৰ সবিশেষ উল্লেখ কৰা হ’ল-

ভূমি প্রিমিয়াম যুক্তিসংগতকৰণ

▶ সকলো স্তৰৰ ৰাইজৰ বাবে সহায়ক হোৱাকৈ গুৱাহাটীত ভূমিৰ প্রিমিয়ামক যুক্তিসংগত কৰাৰ উদ্দেশ্যে মন্ত্রী অশোক সিংহল আৰু যোগেন মোহনক সদস্য হিচাপে লৈ কেবিনেট উপ-সমিতি গঠনত অনুমোদন

ভূমিৰ বাধামুক্ত পুনঃ শ্রেণী বিভাজন নিশ্চিতকৰণ

▶ চহৰ আৰু গ্রামাঞ্চল উভয়তে স্থানীয় কর্তৃপক্ষৰ অনুমোদিত ভূমি ব্যৱহাৰৰ পৰিকল্পনা অনুসৰি ভূমিৰ পুনঃ শ্রেণী বিভাজন নিশ্চিত কৰিবলৈ The Assam Agricultural Land (Regulation of Reclassification and Transfer of Non-Agricultural Purpose) Act, ২০১৫ৰ সংশোধনৰ বাবে কেবিনেটৰ অনুমোদন

▶ এই সংশোধনীয়ে নাগৰিকসকলৰ বাবে প্রয়োজনীয়তা আৰু ভূমি ব্যৱহাৰ পৰিকল্পনা অনুসৰি এটা শ্ৰেণীৰ পৰা আন এটা শ্রেণীলৈ বিধি হিচাপে অনা-কৃষিভূমিৰ এক অসুবিধা-মুক্ত পুনঃ শ্রেণী বিভাজন নিশ্চিত কৰিব

▶ এই আইনৰ বিধিসমূহ ব্যৱহাৰ কৰি মিছন বসুদ্ধৰা ৩.০ৰ অধীনত পুনঃ শ্রেণী বিভাজন প্রদান কৰ সেৱা আৰম্ভ কৰাৰ প্রস্তাৱ

শ্রীমন্ত শংকৰদেৱ বঁটা ২০২৩

▶ অসম চৰকাৰে বিশিষ্ট শাস্ত্রীয় নৃত্যশিল্পী  সোণাল মানসিঙক শ্রীমন্ত শংকৰদেৱ বঁটা, ২০২৩ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে

► বঁটাত ৫ লাখ টকাৰ ধনৰাশি, এটা সোণৰপদক আৰু এখন প্রশস্তিপত্ৰ থাকিব।

মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন বিধেয়ক, ২০২৪ত সন্মতি

► মুছলমান বিবাহৰ পৱিত্ৰতাক শক্তিশালী কৰিবলৈ আৰু বিবাহ তথা বিবাহ বিচ্ছেদৰ পঞ্জীয়ন কর্তৃত্ব হিচাপে চৰকাৰী ব্যৱস্থাক কর্তৃত্ব প্রদান কৰিবলৈ কেবিনেটে অসম বিধান সভাৰ পৰৱৰ্তী অধিবেশনত উত্থাপনৰ উদ্দেশ্যে ‘অসম বাধ্যতামূলক মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন বিধেয়ক, ২০২৪’ অনুমোদন জনাইছে

▶ বিধেয়কৰ নির্ধাৰিত উদ্দেশ্য-

বাল্য বিবাহ প্রতিৰোধ

  • সকলো বিবাহিত দম্পতীয়ে তেওঁলোকৰ বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন কৰাটো বাধ্যতামুলক কৰা। বিবাহ তেওঁলোকৰ ৰীতি-নীতি, আচাৰ আৰু অনুষ্ঠান অনুসৰি সম্পন্ন কৰা হ’ব আৰু আইনৰ বিধান অনুসৰি ঘোষণা কৰা হ’ব
  • এই নতুন বিধেয়কখন সকলো সম্পর্কিত বিষয়ৰ প্রয়োগৰ সত্যতা নিশ্চিত আৰু বিচাৰি উলিওৱাৰ বাৰে চমন, জাননী আদিৰ চিভিল কোড অব প্রচিডিউদৰ লগত সামঞ্জস্য ৰাখি প্রস্তুত কৰা হৈছে

অৰুণোদয়েৰে অসমৰ নাৰী শক্তিৰ সবলীকৰণ

  • অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণৰ হেতু কেবিনেটে অতিৰিক্ত ১২ লাখতকৈও অধিক হিতাধিকাৰীক সামৰি অৰুণোদয় ৩.০ মুকলি কৰিবলৈ অনুমোদন জনাইছে। অৰুণোদয় ৩.০-ৰ মুঠ লক্ষ্য হৈছে ৩৭ লাখ হিতাধিকাৰী
  • অৰুণোদয় ৩.০-ত নাম অন্তর্ভুক্ত কৰাৰ বাবে আধাৰ সংযুক্ত ৰেচন কার্ড প্রাথমিক প্রয়োজনীয়তা হ’ব।

▶ জিলা পর্যায়ৰ নিৰীক্ষণ সমিতিয়ে জিলা পর্যায়ত হিতাধিকাৰী বাছনি কৰিব আৰু এই প্রক্রিয়া ১৫ ছেপ্টেম্বৰ ২০২৪-ৰ পৰা আৰম্ভ হ’ব

▶ আঁচনিখনৰ অধীনত লাভালাভ প্রাপ্ত কৰাত কোনো সমস্যা হ’লে হিতাধিকাৰীসকলক সহায় কৰিবলৈ অৰুণোদয় ৩.০-ৰ অধীনত হেল্পলাইন নম্বৰ আৰু অভিযোগ নিষ্পত্তি প্রণালী প্রস্তুত কৰা হ’ব

জীবিকা সখী এক্সপ্রেছ  আঁচনিৰ স্কুটাৰ

▶ আত্মসহায়ক গোটৰ আন্দোলনৰ জৰিয়তে মহিলা সবলীকৰণৰ দিশত কাম কৰা নেত্রীসকলক অধিক গতিশীলতাৰ সুবিধাৰ বাবে কেবিনেটে অসম ৰাজ্যিক গ্রাম্য জীবিকা মিছনৰ ৫.২৪২ সামুহিক কেডাৰক ‘জীবিকা সখী এক্সপ্রেছ’ আঁচনিৰ অধীনত স্কুটাৰ প্ৰদান কৰাৰ বাবে অনুমোদন জনাইছে

▶ এই আঁচনিৰ অধীনত, গভর্নমেন্ট ই মার্কেট প’র্টেলৰ জৰিয়তে ৫,২৪২খন স্কুটাৰ ক্রয় কৰা হ’ব। লগতে পৰিচৰ্যা আৰু ইন্ধন ব্যয় হিচাপে প্রতি কেডাৰক (পূর্বতে প্ৰদান কৰা স্কুটাৰৰ ক্ষেত্ৰতো প্রযোজ্য) প্রতিমাহে ৫০০ টকাকৈ প্রদান কৰা হ’ব

চৰকাৰী বিষয়াসকলৰ ক্ষমতা নিৰ্মাণ নিশ্চিতকৰণ

► কেবিনেটে মুখ্যমন্ত্রীৰ কাৰ্যালয়ৰ সৈতে শৈক্ষিক সহযোগিতাৰ বাবে বেংগালুৰুৰ ৱাধৱানী চেষ্টাৰ ফৰ গভর্নমেন্ট ডিজিটেল ট্রেন্সফর্মেশানৰ সৈতে ব্যয়-শূন্য ১ বছৰৰ বুজাবুজি চুক্তিত অনুমোদন জনাইছে

 আমাৰ ঐতিহ্যমণ্ডিত স্থানৰ পৱিত্ৰতা সংৰক্ষণ

  • ৰাজ্যিক কেবিনেটে ঐতিহ্যমণ্ডিত স্থানসমূহৰ চাৰিওফালে থকা হেৰিটেজ বেল্ট এণ্ড ব্লকসমূহক অধিসূচিত কৰিবলৈ অসম ভূমি আৰু ৰাজহ নিয়ন্ত্রণ আইন, ১৮৮৬ত অধ্যায় ১২ অন্তর্ভুক্ত কৰিবলৈ অনুমোদন জনাইছে।
  • ২৫০ বছৰতকৈ অধিক পুৰণি ঐতিহ্যমণ্ডিত স্থানৰ চাৰিওফালে ৫ কিল’মিটাৰ এলেকা হেৰিটেজ বেল্ট এন্ড ব্লক হিচাপে অধিসূচিত কৰা হ’ব।
  • ঘোষিত হেৰিটেজ বেল্ট এন্ড ব্লকত কেৱল যোৱা ৩ প্ৰজন্মৰ পৰা উক্ত এলেকাত বাস কৰা লোকসকলেহে ভূমি বিক্রী/ক্রয় কৰিবলৈ সক্ষম হ’ব
  • প্ৰাৰম্ভিকভাৱে বৰপেটা সত্র, বটদ্ৰৱা থান আৰু মাজুলীক হেৰিটেজ বেল্ট এন্ড ব্লক ঘোষণা কৰা হ’ব।

খিলঞ্জীয়াৰ সাংস্কৃতিক পৰিচয়ৰ সুৰক্ষা

▶ মুখ্যতঃ অনুসূচিত শ্রেণী/ অনুসূচিত জনজাতিৰ জনবসতি স্থাপন কৰা গাঁওসমূহৰ সাংস্কৃতিক পৰিচয় আৰু ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ বাবে কেবিনেটে অসম ভূমি আৰু ৰাজহ নিয়ন্ত্রণ, ১৮৮৬-ৰ সংশোধন কৰিবলৈ অসম ভূমি আৰু ৰাজহ নিয়ন্ত্রণ (সংশোধনী) বিধেয়ক, ২০২৪ৰ খচৰাক অসম বিধান সভাৰ সন্মুখত ৰাখিবলৈ অনুমোদন জনাইছে।

▶ এই বিধেয়কখনত মুখ্যতঃ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ জনসংখ্যা থকা ৰাজহ গাঁও আৰু ঐতিহ্যমূলক অনুষ্ঠানসমূহক সুৰক্ষিত এলেকা হিচাপে অধিসূচিত কৰাৰ ব্যৱস্থা অন্তর্ভুক্ত কৰা হ’ব

▶  মুখ্য অনুসূচিত শ্রেণী/অনুসূচিত জনজাতিৰ জনবসতি থকা এনে গাঁওসমূহক মাইক্র’ প্রটেক্টেড ব্লক হিচাপে অধিসুচিত কৰাৰ বাবে এখন কেবিনেট উপ-সমিতি গঠন কৰা হৈছে। সমিতিখনত মন্ত্রী ডাঃ ৰণোজ পেণ্ড,  ইউ জি ব্রহ্ম আৰু পীযুষ হাজৰীকা সদস্য হিচাপে থাকিব

▶ বিধেয়কখনে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ ভূমি অধিকাৰ সুৰক্ষিত কৰিব আৰু সঠিক ভূমি ব্যবস্থাপনা আৰু সংৰক্ষণ নিশ্চিত কৰিব

অসমত মটৰ বাহন কৰ যুক্তিসংগতকৰণ

▶মটৰ বাহনৰ বাবে এক বৈজ্ঞানিক আৰু যুক্তিসংগত কৰ ব্যৱস্থা আনিবলৈ কেবিনেটে অসম মটৰ বাহন কৰ আইন, ১৯৩৬ৰ সংশোধনৰ বাবে অসম মটৰ বাহন কৰ (সংশোধনী) বিধেয়ক, ২০২৪ অসম বিধান সভাত উত্থাপনৰ বাবে অনুমোদন জনাইছে

▶ বিধেয়কখনে বিদ্যমান কৰ গাঁথনিৰ মূল্য শ্রেণীসমূহ পুনর্গঠন কৰিব আৰু এককালীন কৰ গণনাৰ সংশোধন কৰিৰ

▶বিধেয়কখনে ৰাজ্যখনত প্ৰাৰম্ভিক পঞ্জীয়নৰ সময়ত পৰিশোধ কৰিবলগা এককালীন কৰ ব্যৱস্থাৰ অধীনত ই-ৰিক্সা, ই-কাৰ্টৰ লগতে কিছু ৪ চকীয়া মালবাহী/যাত্রীবাহী বাহনকে ধৰি তিনিচকীয়া বাহনৰ শ্ৰেণীৰ সংযোজন কৰিব।

Latest News