5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

৮১ হাজাৰ সৰুসুৰা গোচৰ প্ৰত্যাহাৰ কৰাৰ চিন্তা-চৰ্চা অসম চৰকাৰৰ !

ৰাজ্যিক কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি, গুৰুতৰ অপৰাধৰ বাবে সময় বৃদ্ধি আৰু আণ্ডাৰট্ৰাইল কাৰাবন্দীক মুকলি কৰি জেলত কয়দীৰ সংখ্যা হ্ৰাস কৰাৰ বাবে SOP(tandard operating procedure) সংশোধন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে ।

৮১ হাজাৰ সৰুসুৰা গোচৰ প্ৰত্যাহাৰ কৰাৰ চিন্তা-চৰ্চা অসম চৰকাৰৰ !
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
Follow Us
manas-borah
Manas Borah | Published: 14 Sep 2024 11:09 AM

শুকুৰবাৰে ৰাজ্যিক কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি, গুৰুতৰ অপৰাধৰ বাবে সময় বৃদ্ধি আৰু আণ্ডাৰট্ৰাইল কাৰাবন্দীক মুকলি কৰি জেলত কয়দীৰ সংখ্যা হ্ৰাস কৰাৰ বাবে SOP(tandard operating procedure) সংশোধন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে । ইয়াৰ ফলত ২০২৪ চনৰ মাৰ্চ পৰ্যন্ত অধীনস্থ আদালতত ৮১ হাজাৰ সৰুসুৰা গোচৰ প্ৰত্যাহাৰ কৰা হ’ব বুলি শুকুৰবাৰে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।

আনহাতে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,মন্ত্ৰীসভাই ডাছল্ট চিষ্টেমছ প্ৰাইভেট লিমিটেডে মহাকাশ, প্ৰতিৰক্ষা, অটোমোটিভ আৰু বৈদ্যুতিক বাহন উদ্যোগ আৰু অন্যান্য উদ্যোগৰ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে । বাহ্যিক নিৰীক্ষণ, পৰামৰ্শ আৰু কাৰ্যকৰীকৰণৰ সহায়ৰ লগতে ডাছ’ল্টে ২০০ কোটি টকা বিনিয়োগ কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰে এই প্ৰকল্পত ৪০ কোটি টকা বিনিয়োগ কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই ।

এই পদক্ষেপৰ অংশ হিচাপে ৩ হাজাৰ ইঞ্জিনিয়াৰিঙত স্নাতক গ্ৰহণ কৰা যুৱক-যুৱতীক ৰবটিক্স, এৰোস্পেচ, ডিফেন্স, এআই আদি বিষয়ত প্ৰশিক্ষণ দিয়া হ’ব বুলিও জানিবলৈ দিছে মুখ্যমন্ত্ৰী শৰ্মাই ।

এন টি পি চিৰ পৰা ১০০ মেগাৱাট বতাহ-সৌৰ হাইব্ৰিড শক্তি ক্ৰয়ৰ ক্ষেত্ৰতো মন্ত্ৰীসভাই অনুমোদন জনোৱাৰ কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই । ইয়াৰ দ্বাৰা দিনয়ে-ৰাতিয়ে শক্তি যোগানৰ অভাৱ পূৰণ কৰিব বুলিও আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । ইফালে, ৪,৬৬৯ গৰাকী অতিৰিক্ত হাইস্কুল ঠিকাভিত্তিক শিক্ষকক নিয়মীয়া পদত নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

সমান্তৰালভাৱে তেওঁ জানিবলৈ দিয়ে যে, ‘অৰুণোদয়’ আঁচনিৰ অধীনত ১২৬টা বিধানসভা সমষ্টিত ১,২৬,০০০ হিতাধিকাৰী অন্তৰ্ভুক্ত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ইয়াৰ বিপৰীতে ১৯ ছেপ্টেম্বৰৰ পৰা আৰু ১৭ লাখ লোকক ৰেচন কাৰ্ড প্ৰদান কৰা হ’ব। ৩৬২ কোটি টকা ব্যয় সাপেক্ষে অসম ৰাজ্যিক চিৰিয়াখানাখন নতুনকৈ সজাই পৰাই তোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

Latest News