আধাৰ কাৰ্ডৰ পৰা খাজনা পৰিশোধলৈ, ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ…
বুধবাৰে অনুষ্ঠিত হৈ যোৱা ৰাজ্যিক কেবিনেটত চৰকাৰে কেইবাটও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। আধাৰ কাৰ্ডৰ পৰা আৰম্ভ কৰি খাজনা পৰিশোধলৈ বিভিন্ন ক্ষেত্ৰত চৰকাৰে সিদ্ধান্ত লয়।
প্ৰতি সপ্তাহতে ৰাইজৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কেবিনেট বৈঠক অনুষ্ঠিত কৰে। বুধবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। আডাৰ কাৰ্ডক লৈ এছ অ’ পিৰ লগতে ৰাইজৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্য়মৰ জৰিয়তে ইয়াৰ তথ্য প্ৰকাশ কৰে। ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহ তলত উল্লেখ কৰা হ’ল-
অসমত আধাৰ কাৰ্ডৰ নামভৰ্তিৰ এছ অ পি
অসমত আধাৰ আবেদনকাৰীসকলৰ সত্যতা নিশ্চিত কৰিবলৈ কেবিনেটে অসমত আধাৰ কাৰ্ডৰ নামভৰ্তিৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্টেলৰ অধীনত নতুন এছ অ পি ৰূপায়ণৰ প্ৰস্তুৱত অনুমোদন জনাইছে।
- এছ অ’পি ৰূপায়ণৰ বাবে সাধাৰণ প্ৰশাসন বিভাগ সমন্বয়কাৰী বিভাগ (Nodal Department) হ’ব
- ৰাজ্য চৰকাৰে দাখিল কৰা নথি-পত্ৰসমূহ পৰীক্ষা কৰিব আৰু প্ৰাপ্তিৰ ৪৫ দিনৰ ভিতৰত সেইসমূহ ইউ আই ডি এ আইলৈ অনলাইন যোগে প্ৰেৰণ কৰিব
- অতিৰিক্ত জিলা আয়ুক্তসকলে জিলা পর্যায়ত আধাৰ নামভৰ্তি প্ৰামাণীকৰণ তদাৰৰ্ক কৰিব, আনহাতে চক্র বিষয়াসকলে ৰাজহ চক্ৰ পৰ্যায়ত প্রামাণীকৰণৰ বাবে দায়বদ্ধ হ’ব
- চক্ৰ বিষয়াৰ দ্বাৰা নিযুক্ত পৰিদৰ্শন বিষয়াসকলে আবেদনকাৰীসকলে অসম ৰাজ্যত এন আৰ চিৰ বাবে আবেদন কৰিছে নে নাই, তাক নিশ্চিত কৰিব
- পৰিদৰ্শন বিষয়াসকলে দাখিল কৰা ঠিকনাত আবেদনকাৰী বাস কৰে নে নাই পৰীক্ষা কৰিব লাগিব
- ৰাজ্যখনত সেৱা আগবঢ়োৱা চৰকাৰী বিষয়াসকলৰ বাবে এন আৰ চি আবেদনৰ প্ৰয়োজনীয়তা প্রযোজ্য নহ’ব।
In today's meeting of the #AssamCabinet, we took key decisions
✅️Stricter guidelines for issuance of Aadhar to ensure infiltrators do not secure them
✅️ This will be a new deterrence against illegal infiltration
✅️Waiver of renewal fee for institutions under MB 3.0 pic.twitter.com/wgc6Qq8TmQ
— Himanta Biswa Sarma (@himantabiswa) December 11, 2024
ৰাজহুৱা অনুষ্ঠানৰ বাবে ভূমিৰ মালিকীস্বত্ব সহজীকৰণ
- নামঘৰ, ধৰ্মীয় অনুষ্ঠান আৰু বেচৰকাৰী শিক্ষানুষ্ঠানৰ দৰে অব্যক্তিগত ন্যায়িক প্রতিষ্ঠানে মিছন বসুন্ধৰা ৩.০ৰ অধীনত ভূমি আবণ্টনৰ বাবে আবেদনৰ হেতু কেবিনেটে সমবায় পঞ্জীয়ন আইনৰ অধীনত নবীকৰণ মাচুল ৰেহাইৰ অনুমোদন জনাইছে।
- যোৱা তিনি বছৰৰ অডিটৰ চার্টার্ড একাউন্টেন্ট প্রমাণপত্ৰৰ প্রয়োজনীয়তাও এনে ক্ষেত্রত ৰেহাই দিয়া হ’ব।
খাজনা পৰিশোধৰ সুবিধা
- অনলাইনত খাজনা পৰিশোধৰ ক্ষেত্ৰত সাধাৰণ ভূমি মালিকসকলে সম্মুখীন হোৱা সমস্যাৰ প্রতি গুৰুত্ব দি কেবিনেটে পূর্বে প্রচলিত প্রণালী অনুসৰি মেনুৱেল ৰচিদৰ সৈতে খাজনা পৰিশোধতো অনুমোদন জনাইছে।
- কেবিনেটে অবশ্যে ভূমি প্রশাসনৰ সংস্কাৰৰ স্বাৰ্থত পট্টাদাৰসকলক ই-খাজনা প’র্টেলত পৰিশোধৰ প্ৰক্ৰিয়া অব্যাহত ৰখাৰো অনুমতি দিছে।।
অন্য খবৰ পঢ়কঃ আধাৰ কাৰ্ডক লৈ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! এইসকল আবেদনকাৰীৰ হ’ব অসুবিধা…