শিক্ষাৰ্থীৰ পৰা গাঁও প্ৰধানৰ দৰমহালৈ, ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ…
সোমবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক। এই বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকী মন্ত্ৰী উপস্থিত থাকে। ইয়াৰোপৰি দিছপুৰৰ পৰা একাংশ মন্ত্ৰীয়ে ভাৰ্ছুৱেলী এই বৈঠকত অংশ গ্ৰহণ কৰে। আজিৰ এই বৈঠকত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
সোমবাৰে সন্ধিয়া অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক। বৰ্তমান সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডিব্ৰুগড়ত আছে আৰু জিলাখনত থকা সচিবালয়ৰ পৰাই তেওঁ কাম- কাজ চাই আছে। ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা আজিৰ কেবিনেট বৈঠকত কেইবাগৰাকী মন্ত্ৰী উপস্থিত থকাৰ লগতে গুৱাহাটীত থকা মন্ত্ৰীসকলেও দিছপুৰৰ পৰা ভাৰ্ছুৱেলী এই বৈঠকত যোগদান কৰে। আজিৰ এই বৈঠকত ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। তলত ইয়াৰ সৱিশেষ উল্লেখ কৰা হ’ল-
বিষয়া-কর্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা
- অৰুণোদয় আঁচনিয়ে সমাজৰ আর্থিকভাবে অনগ্ৰসৰ লোকৰ বাবে অন্ত্যোদয়ৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰি আমাৰ নাৰী শক্তিৰ সবলীকৰণত আত্মনিয়োগ কৰি আহিছে
- অভ্যন্তৰীণ পর্যালোচনাত ৬৮৩গৰাকী চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয়ৰ অবৈধ সুবিধা গ্রহণ কৰা দৃষ্টিগোচৰ হৈছে
- অবৈধভাবে অৰুণোদয়ৰ সুবিধা লোৱাৰ বাবে ৬৮৩গৰাকী কৰ্মচাৰীক বিভাগীয় তদন্ত আৰম্ভ কৰা আৰু কাৰণ দর্শোৱাৰ জাননী জাৰি কৰাত কেবিনেটে অনুমোদন জনাইছে
অসম আন্তঃৰাষ্ট্ৰীয় দক্ষতা কেন্দ্ৰৰ সৈতে বিশ্বব্যাপী সুযোগ সৃষ্টি
- বিদেশত দক্ষ/অর্ধ-দক্ষ প্রার্থী নিযুক্তিৰ সুবিধাৰ বাবে এক আনুষ্ঠানিক প্রণালী প্রয়োগ কৰিবলৈ কেবিনেটে অসম দক্ষতা বিকাশ অভিযানৰ অধীনত অসম আন্তঃৰাষ্ট্ৰীয় দক্ষতা কেন্দ্র স্থাপনৰ বাবে অনুমোদন জনাইছে
- অসমৰ কৰ্মশক্তিক বিশ্বব্যাপী শ্রমিকৰ চাহিদাৰ সৈতে সামঞ্জস্য স্থাপন কৰি আঃ আঃ দঃ কেন্দ্রই প্রার্থীসকলৰ বিদেশত নিযুক্তিৰ বাবে এক নৈতিক আৰু সুসংগঠিত পথ সৃষ্টি কৰিব
- আঃ আঃ দঃ কেন্দ্রই গুৱাহাটীত অৱস্থিত ইয়াৰ মূলকেন্দ্র আৰু ৰাজ্যজুৰি সম্প্রসাৰিত কেন্দ্ৰৰ সৈতে “হাব এণ্ড স্প’ক” আর্হিত কাম কৰিব
- অসম আন্তঃৰাষ্ট্ৰীয় দক্ষতা কেন্দ্রত নিম্নলিখিত নির্দেশেৰে সমৃদ্ধ হ’ব-
- অসমৰ পৰা দক্ষ আৰু অর্ধ-দক্ষ প্রাৰ্থীৰ বিদেশত নৈতিক নিযুক্তিৰ সুবিধা প্রদানত সহায় কৰা
- নিযুক্তি সংস্থাসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰা, চাকৰিৰ তথ্য প্রদান কৰা আৰু দক্ষতা বিকাশ কার্যসূচী আগবঢোৱা
- বিদ্যমান আন্তঃগাঁথনি ব্যৱহাৰ কৰি জিলা পর্যায়ৰ তথা কেন্দ্র স্থাপন কৰা
- বিশ্বব্যাপী শ্রমিকৰ চাহিদাৰ সন্দৰ্ভত গবেষণা কৰা আৰু সেই অনুসৰি প্রশিক্ষণ অনুকুলিত কৰা
- বিদেশ গমনৰ পূর্বে দিকদর্শনৰ প্রশিক্ষণ প্রদান কৰা আৰু নিযুক্তিৰ পাছৰ অভিযোগ সমাধান কৰা
In the #AssamCabinet meeting held at #CMSDibrugarh, we took several important decisions
✅Action against Govt officials for taking undue Orunodoi benefits
✅Celebrating 2025 as Year of Reading
✅ Remuneration for Gaon Pradhans
✅Opening Assam International Skill Centre pic.twitter.com/rsdVJbYQH0— Himanta Biswa Sarma (@himantabiswa) December 23, 2024
২০২৫- কিতাপৰ বৰ্ষ
- জনসাধাৰণৰ মাজত বিশেষকৈ যুৱ সমাজৰ মাজত গ্ৰন্থ পঢ়াৰ অভ্যাস বৃদ্ধি কৰিবলৈ কেবিনেটে ২০২৫ বর্ষটিক ‘কিতাপৰ বর্ষ’ হিচাপে উদযাপন কৰাত অনুমোদন জনাইছে
- গ্ৰন্থপ্রেমীসকলৰ সুবিধাৰ বাবে এইবাৰ প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হ’ব ‘অসম গ্রন্থমেলা’
- বছৰটোৰ ভিতৰত সকলো জিলাতে গ্রন্থমেলা অনুষ্ঠিত হ’ব আৰু গ্ৰন্থ অধ্যয়নৰ সংস্কৃতিক প্ৰচাৰ কৰা হ’ব
- নতুন বছৰৰ উপহাৰ হিচাপে কিতাপ প্রদানৰ ব্যৱস্থা কৰা হ’ব
- বিভাগসমূহে চৰকাৰী কৰ্মচাৰীসকলৰ মাজত অধ্যয়ন সংস্কৃতিক প্রসাৰিত কৰিবলৈ পুথিভঁৰাল নির্মাণ বা সৃষ্টি কৰিব
গাঁওপ্রধানসকলৰ বাবে পাৰিশ্রমিক
- গাঁওপ্রধানসকল প্রশাসনৰ গুৰুত্বপূর্ণ কর্মকর্তা আৰু স্থানীয় পর্যায়ৰ বিষয়সমূহ চোৱাচিতা কৰাত তেওঁলোকে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে
- তেওঁলোকক তেওঁলোকৰ কামৰ বাবে প্রতিদান দিবলৈ কেবিনেটে সংশ্লিষ্ট বন গাঁও আৰু বন অধিকাৰ আইন ২০০৬ৰ অধীনৰ গাঁওসমূহৰ বৰ্তমানৰ সকলো গাঁওপ্রধানক মাহিলি পাৰিশ্রমিকত অনুমোদন জনাইছে
- ১ জানুৱাৰী ২০২৫ৰ পৰা প্ৰতিজন গাঁওপ্রধানৰ বাবে প্রতি মাহে ৯ হাজাৰ পাৰিশ্ৰমিক আগবঢ়োৱা হ’ব। এই পাৰিশ্রমিক বন গাঁৱৰ ২৭৮জন গাঁওপ্রধান আৰু ৬৬৮গৰাকী বন অধিকাৰ আইনৰ গাঁৱৰ গাঁওপ্রধানক পৰিশোধ কৰিবলৈ অনুমোদন জনোৱা হৈছে। ষষ্ঠ অনুসূচীৰ এলেকাৰ বাহিৰত এই নিয়ম প্রযোজ্য হ’ব।