শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ডিব্ৰুগড়ত উৰণ সেতু, চিকিৎসকৰ বাবে বিশেষ সুবিধাঃ আজিৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ…

Assam Cabinet: দেওবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সিদ্ধান্ত অনুসৰি ডিব্ৰুগড়ে লাভ কৰিব নতুন উৰণ সেতু।

ডিব্ৰুগড়ত উৰণ সেতু, চিকিৎসকৰ বাবে বিশেষ সুবিধাঃ আজিৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ…
ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 23 Feb 2025 18:45 PM

দেওবাৰে অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰি কৰে। আজিৰ কেবিনেটত চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তসমূহ তলত উল্লেখ কৰা হ’ল-

এডভান্টেজ আছামৰ সময়ত বুজাবুজি চুক্তিত অনুমোদন

এডভান্টেজ আছামৰ সময়ত স্বাক্ষৰিত হ’ব লগা ১,২২,০০০ কোটি টকাৰ বুজাবুজি চুক্তিত অনুমোদন।

বস্ত্র উদ্যোগৰ সবলীকৰণ

বস্ত্ৰ উদ্যোগৰ খণ্ডত নতুন বিনিয়োগক সমর্থন যোগাবলৈ কেঁচামাল আৰু জনশক্তিৰ সহজলভ্যতাৰে বিনিয়োগকাৰী অনুকূল পৰিবেশ সৃষ্টিৰ বাবে বস্ত্ৰ আৰু পোছাক নীতি, অসম, ২০২৫ত অনুমোদন।

 

নগৰীয়া আন্তঃগাঁথনিৰ বিকাশ

টায়াৰ ২ আৰু টায়াৰ ৩ চহৰত নগৰীয়া আন্তঃগাঁথনি উন্নয়ন প্রকল্প গ্রহণৰ বাবে কেবিনেটত ৫৫.৪৫ কোটি টকাৰ অনুমোদন

ডিব্ৰুগড়ত নতুন উৰণ সেতু

ডিব্ৰুগড় চহৰত যান-জট হ্রাস কৰিবলৈ পুৰণি ৰাষ্ট্রীয় ঘাইপথ-৩৭ স্থিত আমোলাপট্টিত এক নতুন উৰণ সেতু নির্মাণৰ বাবে অনুমোদন

জৈৱ-প্ৰযুক্তিৰ বাবে অনুকূল পৰিবেশ সৃষ্টি

জৈৱ-প্রযুক্তি গৱেষণা, উদ্যোগ আৰু উদ্যমিতাৰ বাবে বায়’ই-৩ পলিচীৰ সৈতে সংগতি ৰাখি অধিক অনুকূল পৰিবেশ সৃষ্টিৰ লক্ষ্যৰে কেবিনেটৰ দ্বাৰা অসম ৰাজ্যৰ জৈৱ-প্রযুক্তি নীতি (২০২২-২০২৭)ব সংশোধনত অনুমোদন

চিকিৎসা বৃত্তিধাৰীৰ বাবে কেৰিয়াৰৰ প্রগতি

কেবিনেটব দ্বাৰা চিকিৎসা মহাবিদ্যালয়সমূহত ফেকাল্টী হিচাপে সেৱা আগবঢ়োৱা চিকিৎসকসকলৰ বিকাশ নিশ্চিত কৰিবলৈ তথা ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ত তেওঁলোকৰ সেৱা বজাই ৰখাৰ বাবে ডাইনেমিক এছিউৰড কেৰিয়াৰ প্রগ্রেশান (ডি এ চি পি) আঁচনি, ২০২৫ আৰম্ভ কৰিবলৈ অনুমোদন।

ইয়াৰোপৰি আজিৰ কেবিনেটত চৰকাৰে গ্ৰহণ কৰা অন্য সিদ্ধান্তসমূহ হ’ল-

  • ডিব্রুগড়, শিৱসাগৰৰ আন্তঃগাঁথনিৰ বাবে ৫৫কোটি নেশ্যনেল হাউছিং বেংকৰ পৰা ঋণ লোৱা হ’ব।
  • অসম চৰকাৰৰ বায়’টেকন’লজি পলিচিৰ কিছু সংশোধন কৰা হ’ব।
  • মেডিকেল কলেজৰ পঞ্জীয়ক হিচাপে যোগদান কৰিলে দৰমহাৰ উপৰি লাভ কৰিব বাহন।
  • ইয়াৰ বাবে বেংকৰ জৰিয়তে চৰকাৰে ১৫ লাখ টকা দিব।
  • মূলধন চিকিৎসকগৰাকীয়ে দিব আৰু ঋণৰ ধন চৰকাৰে দিব।
  • চিকিৎসক সকলে বছৰত দুবাৰ ৰাষ্ট্রীয় পৰ্যায়ৰ সন্মিলনত অংশগ্রহণ কৰিব পাৰিব। ইয়াৰ সকলো খৰচ বহন কৰিব চৰকাৰে।
  • এছিয়াৰ যিকোনো দুখন দেশত সন্মিলনত চিকিৎসকে অংশগ্রহণ কৰিব পাৰিব আৰু ইয়াৰ সমস্ত খৰচ চৰকাৰে বহন কৰিব।
  • প্রতি ৩বছৰৰ অন্তত ইউৰোপ বা আমেৰিকাত একোখন শৈক্ষিক সন্মিলনত অংশ ল’ব পাৰিব। ইয়াৰ সমস্ত খৰচ চৰকাৰে দিব।
  • এই সুবিধা পূৰ্বতে এইমছত আছিল কিন্তু এতিয়া মেডিকেল কলেজৰ অধ্যাপকসকলেও এই সুবিধা লাভ কৰিব।