চৰকাৰী কৰ্মচাৰীয়ে লাভ নকৰে সাহিত্যিক পেঞ্চন, এতিয়াৰ পৰা পাব ‘সাহিত্যিক বঁটা’
এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীয়ে লাভ নকৰে সাহিত্যিক পেঞ্চন। ইয়াৰ পৰিবৰ্তে লাভ কৰিব বঁটা। আজি অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বিষয়ে সবিশেষ জনায়।
বুধবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। বৈঠকতৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ ৰাজহুৱা কৰি এক সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ কেবিনেটত ৰাজ্যত গো মাংস নিষিদ্ধৰ পৰা আৰম্ভ কৰি উন্নয়নৰ বাবে প্ৰকল্প, বৰাপানীৰ পৰা শিলচৰ এক্সপ্ৰেছ হাইৱে নিৰ্মাণ আদিকে ধৰি বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। এই কেবিনেটত সাহিত্যিক পেঞ্চন সন্দৰ্ভতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে সাহিত্যিক পেঞ্চন লাভ নকৰে। ইয়াৰ পৰিবৰ্তে তেওঁলোকে লাভ কৰিব সাহিত্যিক বঁটা আৰু এককালীন সাহাৰ্য।
শৰ্মাই কয় যে, চৰকাৰে প্ৰতি বছৰে হোমেন বৰগোঁহাইৰ ওপজা দিনৰ দিনা সাহিত্যিক পেঞ্চন প্ৰদান কৰে। কিন্তু দেখিবলৈ পোৱা গৈছে যে কিছুমান চৰকাৰী কৰ্মচাৰী- বিষয়াকো সাহিত্যিক পেঞ্চন দিয়া হয়। তেতিয়া সেই চৰকাৰী কৰ্মচাৰীজনে চৰকাৰী পেঞ্চনৰ লগতে সাহিত্যিক পেঞ্চনো লাভ কৰে। দুটাকৈ পেঞ্চন লাভ কৰা বিধি সন্মত নহয়। যাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীয়ে লাভ নকৰে সাহিত্যিক পেঞ্চন।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, তেনে ক্ষেত্ৰত এতিয়াৰ পৰা সেইসকল চৰকাৰী কৰ্মচাৰীয়ে ‘সাহিত্যিক বঁটা’ লাভ কৰিব। যি সকলে চৰকাৰী পেঞ্চন লাভ নকৰে তেওঁলোকক সাহিত্যিক পেঞ্চন আৰু যিয়ে চৰকাৰী পেঞ্চন লাভ কৰে তেওঁলোকক সাহিত্যিক বঁটা দিয়া হ’ব। এই বঁটা এককালীনভাৱে দিয়া হ’ব য’ত সম্বৰ্ধনা পত্ৰৰ লগতে ৫০,০০০ টকা থাকিব। এতিয়াৰ পৰা সাহিত্যিক পেঞ্চন আৰু সাহিত্যিক বঁটা বেলেগ বেলেগ হ’ব। সাহিত্যিক পেঞ্চন প্ৰতিমাহে লাভ কৰাৰ বিপৰীতে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে সাহিত্যিক বঁটা লাভ কৰিব।
উল্লেখ্য যে, আজি অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সিদ্ধান্ত অনুসৰি, এতিয়াৰ পৰা অসমত সাৰ্বজনীনভাৱে চলিব নোৱাৰিব গো মাংস। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এতিয়াৰ পৰা অসমৰ কোনো হোটেল, ৰেষ্টুৰেন্ট বা সাৰ্বজনীন স্থানত গো ভক্ষণ কৰিব নোৱাৰিব। পূৰ্বতে নামঘৰ বা মন্দিৰৰ ৫ কিলোমিটাৰৰ ওচৰে পাজৰে গো মাংস বিক্ৰী বা ভক্ষণত নিষেধাজ্ঞা আছিল, এতিয়া সমগ্ৰ অসমতে ইয়াক কাৰ্যকৰী কৰা হ’ব।
ইয়াৰোপৰি ৰাজ্যিক কেবিনেটে মুঠ ১ লাখ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প ৰাজ্যৰ বাবে গ্ৰহণৰ সিদ্ধান্ত লয়। লগতে বৰাপানীৰ পৰা শিলচৰলৈ এক্সপ্ৰেছ হাইৱে নিৰ্মাণ, জাগীৰোড আৰু পলাশবাৰীক সামৰি চেটেলাইট চিটিৰ প্ৰস্তাৱ, ৰাজ্যৰ ৪ লেনযুক্ত হাইৱেসমূহ ৬ লেনযুক্ত হাইৱেলৈ ৰূপান্তৰিত কৰা আদি বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে।