শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিপদ বাঢ়িব নেকি এলিজাবেথ গগৈৰ? ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ…

Assam cabinet decision: আজি অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট। এই বৈঠকত চৰকাৰে বহু গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। বিশেষকৈ দেশৰ নিৰাপত্তা আৰু সুৰক্ষাৰ সৈতে সম্পৰ্কিত ৰাজ্যৰ কিছু বিশেষ বিষয় সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰে।

বিপদ বাঢ়িব নেকি এলিজাবেথ গগৈৰ? ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ…
ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 16 Feb 2025 21:13 PM

দেওবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত চৰকাৰে দেশৰ নিৰাপত্তা আৰু সুৰক্ষাৰ সৈতে সম্পৰ্কিত ৰাজ্যৰ কিছু বিশেষ বিষয় সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰে। যোৱা কেইটামান দিন ধৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংসদৰ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰি আহিছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশটোকে সাঙুৰি লৈছে শৰ্মাই। সামাজিক মাধ্যমত চলা অভিযোগ-প্ৰতিঅভিযোগৰ পাছতে আজি ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। আজিৰ কেবিনেটত চৰকাৰে গ্ৰহণ কৰা প্ৰস্তাৱসমূহ তলত অ-সম্পাদিতৰূপত প্ৰকাশ কৰা হ’ল-

“বিগত কেইদিনমানত পাকিস্তানী নাগৰিক আলি তৌকীৰ শ্বেখৰ পূৰ্বে সামাজিক মাধ্যমত প্ৰকাশ পোৱা অসমৰ সাম্প্রদায়িক সম্প্রীতি বিঘ্নিত কৰিব পৰা কেতবোৰ বিশেষ মন্তব্য সন্দর্ভত একাধিক বাতৰি পোহৰলৈ আহিছে। তদুপৰি তেওঁৰ সামাজিক মাধ্যমৰ তৎপৰতাসমূহ মন কৰিলে দেখা যায় যে তেওঁ ভাৰতৰ অভ্যন্তৰীণ তথা সংসদীয় বিষয়সমূহক লৈ বিগত সময়ত বিভিন্ন মন্তব্য আগবঢ়াই আহিছে। উল্লেখিত ব্যক্তিজনে ভাৰতৰ স্বাৰ্থ বিঘ্নিত কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে।

ৰাজহুৱা ডমেইনত উপলব্ধ তথ্যসমূহ গভীৰভাৱে পৰীক্ষা কৰিলে দেখা যায় যে আলি শেখ হৈছে পাকিস্তান চৰকাৰ আৰু পাক নেতৃত্বৰ সৈতে ওতপ্রোতভাবে জড়িত এগৰাকী প্রভাৱশালী ব্যক্তি। আনকি তেওঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চতো বিভিন্ন ক্ষেত্রত ইছলামিক ৰিপাব্লিক অব পাকিস্তানক প্রতিনিধিত্ব কৰিছে। ৰাজহুৱাভাৱে উপলব্ধ এই তথ্যসমূহৰ আধাৰত এই বিষয়টো অসম কেবিনেটৰ দৃষ্টিগোচৰ কৰা হৈছে।

উল্লেখ্য যে আলি শেখে পাকিস্তান চৰকাৰৰ কেইবাটাও ক্ষেত্ৰত পৰামৰ্শদাতা পদত আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে গঠন কৰা কমিটী আদিত সেৱা আগবঢ়াই আহিছে। এই তথ্যসমূহৰ আলমত আৰু পাকিস্তানৰ চৰকাৰী তথা বেচৰকাৰী সংস্থা আৰু ব্যক্তিসকলে অতীজত অসমক অস্থিৰ কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ ভিত্তিত অসম আৰু ভাৰত গণৰাজ্যৰ ঘৰুৱা বিষয়ত আলি শেখে হস্তক্ষেপ কৰাৰ বাবে চলোৱা এনে প্রচেষ্টাক অসম চৰকাৰে গুৰুত্বসহকাৰে লৈছে।

তেওঁৰ সামাজিক মাধ্যমৰ কার্যকলাপ আৰু ৰাজহুৱাভাবে উপলব্ধ তথ্যৰ তদন্তৰ অন্তত স্পষ্ট হৈছে যে আলি শেখে ব্রিটিছ নাগৰিক আৰু অসমৰ মাননীয় সংসদ সদস্য শ্রীগৌৰৱ গগৈৰ পত্নী শ্রীমতী এলিজাবেথ গগৈৰ সংস্পৰ্শলৈ আহিছিল। পাকিস্তান চৰকাৰৰ সৈতে থকা যোগাযোগৰ লগতে আলি শ্বেখ হৈছে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত কাম কৰা অলাভজনক সংস্থা লীড পাকিস্তানৰ প্রতিষ্ঠাতা। বিগত সময়ত ইছলামাবাদত কটোৱা সময়ছোৱাত লীড পাকিস্তানৰ অবিচ্ছেদ্য অংগ আছিল ব্রিটিছ নাগৰিক শ্রীমতী এলিজাবেথ গগৈ। তদুপৰি, আলি শেখ আৰু ব্রিটিছ নাগৰিক শ্ৰীমতী এলিজাবেথ গগৈ দুয়োগৰাকীয়েই ভাৰত আৰু পাকিস্তানত কাম কৰা চিডিকেএন নামৰ এটা পৰিবেশ সম্পর্কীয় গোটৰ অংশ।

অসম কেবিনেটে ভাৰতৰ অভ্যন্তৰীণ পৰিক্ৰমা সম্পর্কীয় বিষয়ত পাকিস্তানস্থিত নেতা আৰু জলবায়ু সুৰক্ষাৰ নাম লৈ এনে বিষয়ত জড়িত থকা ব্যক্তিসকলৰ সন্দৰ্ভত নিজৰ উদ্বেগ প্রকাশ কৰিছে আৰু তেওঁলোকৰ প্রকৃত উদ্দেশ্য সম্পর্কে উদয় হোৱা প্রশ্নক অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে।

 

এই বিষয়টোৱে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত পেলাব পৰা নেতিবাচক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ আৰক্ষী সঞ্চালকপ্রধানক ভাৰতীয় ন্যায় সংহিতাৰ উপযুক্ত বিধান আৰু অন্যান্য প্ৰাসংগিক আইনৰ অধীনত আলি শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অসম কেবিনেটে নির্দেশনা প্রদান কৰিছে। তদুপৰি এই কার্যকলাপসমূহ কোনো বৃহত্তৰ ষড়যন্ত্ৰৰ অংশ নেকি, সেয়া নিশ্চিত কৰিবলৈ আৰু শেখৰ ভাৰত বিৰোধী এজেণ্ডাত অসমৰ লগতে আৰু ভাৰতবৰ্ষৰ সংশ্লিষ্ট সকলো সহযোগীক চিনাক্ত কৰ বাবে অসম কেবিনেটে এক বিস্তৃত তদন্ত কৰিবলৈ নিৰ্দেশনা প্রদান কৰিছে।

তদন্তৰ দিশ…

১. অসমৰ লগতে ভাৰতত আলি শ্বেখৰ নেটৱৰ্কৰ গভীৰতাৰ বিশদ তদন্ত কৰা।

২. অসম আৰু ভাৰতৰ অন্যান্য স্থানত ভাৰতৰ বিৰুদ্ধে আলি শ্বেখৰ কাৰ্যত সহায়-সহযোগ কৰা ব্যক্তি, সংগঠন আৰু সহযোগীসকলৰ পৰীক্ষা কৰা।

৩. উল্লেখিত তদন্তৰ কালছোৱাত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সংশ্লিষ্ট সংস্থা আৰু বিভাগৰ পৰা প্ৰাসংগিক সহায় আৰু তথ্য সংগ্ৰহ কৰা হওক।

ভাৰতৰ নিৰাপত্তা আৰু সার্বভৌমত্বৰ স্বাৰ্থত এই বিষয়টো অতি গুৰুত্বসহকাৰে বিবেচনা কৰা হ’ব বুলি অসম কেবিনেটে প্রকাশ কৰিছে। অসম কেবিনেটে লক্ষ্য কৰিছে যে অসম পূৰ্বৰে পৰা আই এছ আইৰ পৃষ্ঠপোষকতাত চলি থকা দেশবিৰোধী কার্যকলাপৰ ঘাটি হোৱাৰ তথ্য পোৱা যায় আৰু সেইবাবে এইক্ষেত্রত অধিক সতর্কতা আৰু নিৰ্ণায়ক পদক্ষেপৰ প্রয়োজন”।