শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অসম চৰকাৰৰ কেবিনেট বৈঠক সম্পন্নঃ পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক’লে এইদৰে

আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সংবাদমেল সম্বোধন কৰে আৰু কেবিনেটৰ সিদ্ধান্ত সম্পৰ্কে সদৰী কৰে। আজিৰ বৈঠকত অসম কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

অসম চৰকাৰৰ কেবিনেট বৈঠক সম্পন্নঃ পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক’লে এইদৰে
সংবাদ মেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাImage Credit source: social media
monjit-dutta
Monjit Dutta | Published: 10 Jan 2025 22:56 PM

আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সংবাদমেল সম্বোধন কৰে আৰু কেবিনেটৰ সিদ্ধান্ত সম্পৰ্কে সদৰী কৰে। আজিৰ বৈঠকত অসম কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেটৰ সিদ্ধান্ত অনুসৰি, গুৱাহাটীত জ্যোতি বিষ্ণু কলাক্ষেত্ৰত চলি থকা ৫ হাজাৰ আসনবিশিষ্ট সভাগৃহৰ বাবে ২৯০ কোটি টকা মঞ্জুৰ কৰা হয়। চলিত বৰ্ষৰ আগষ্ট মাহৰ ভিতৰত যাতে এই সভাগৃ্হৰ নিৰ্মাণ সম্পূৰ্ণ হয়, তাৰ বাবে লোকনিৰ্মাণ বিভাগক নিৰ্দেশ দিয়া হৈছে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত নিৰ্মাণৰত ৰাজ্যিক অতিথিশালাৰ বাবে ৪৭৭ কোটি টকা আবণ্টনতো অসম কেবিনেটে অনুমোদন জনায়। যোৰহাট আৰু ডিব্ৰুগড়ত প্ৰতিদিনে ১ লাখ লিটাৰকৈ গাখীৰ সংশোধন কৰিব পৰা দুটা দুগ্ধ সংশোধন কেন্দ্ৰৰ আৰম্ভণিৰ বাবে ১৫০ কোটি টকাৰ অনুমোদন দিয়ে। লগতে ধেমাজি আৰু কাছাৰতো দুটা এক লাখ লিটাৰকৈ গাখীৰ সংশোধন কৰিব পৰাকৈ দুটা দুগ্ধ সংশোধন কেন্দ্ৰ নিৰ্মাণৰ বাবে দুগ্ধ উৎপাদন বিভাগক নিৰ্দেশ দিয়া হৈছে।

কেবিনেটে গাখীৰ উৎপাদনত জড়িত কৃষকসকল আৰু সমবায় সমিতিৰ জৰিয়তে গাখীৰ বিক্ৰী কৰা কৃষকসকলক প্ৰতিলিটাৰত ৫টকাকৈ ৰাজসাহায্য প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম কেবিনেটে। এই ক্ষেত্ৰত ১ ফেব্ৰুৱাৰীৰ পৰা নিৰ্দিষ্ট পৰ্টেল আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব। কেবিনেটে লগতে কাছাৰস্থিত কেঞ্চাৰ হাস্পতাল ছ’চাইটিৰ বাবে ১০ বিঘা মাটি আবণ্টণৰ সিদ্ধান্ত লয়।

পূৰ্বৰ কেবিনেটৰ প্ৰস্তাৱ অনুসৰি আজি বৈঠকত শোণিতপুৰৰ দুৰুং চাহ বাগিচা আৰু ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাত দুটা চাহ বাগিচা পৰ্যটন প্ৰকল্প স্থাপনৰ বাবে কেবিনেটে অনুমোদন জনায়। চাহ কেবিনেটত লগতে পাম অইলক নগদ শস্য হিচাপে ঘোষণা কৰি পাম অইলৰ খেতি কৰা কৃষকসকলৰ বাবে সা-সুবিধা প্ৰদানৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ডিব্ৰুগড়ৰ দেওচালিত থকা প্ৰস্তাৱিত বনভূমিক ৰাজহ গাঁৱলৈ ৰূপান্তৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে। খিলঞ্জীয়া লোক থকা বাবে প্ৰস্তাৱিত বনভূমিত উচ্ছেদ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে। ইফালে মিছন বসুন্ধৰাৰ অধীনত নামঘৰ-মন্দিৰকে ধৰি ধৰ্মীয় অনুষ্ঠান, বিদ্যালয়-মহাবিদ্যালয়্কে ধৰি ৰাজহুৱা অনুষ্ঠাসমূহে পৰ্টেলৰ লগতে অফলাইনৰ জৰিয়তে ৩০ জানুৱাৰীলৈ আবেদন কৰিব পাৰিব বুলিও কেবিনেটত সিদ্ধান্ত লোৱা হয়।

ইফালে বিভিন্ন স্থানৰ বজাৰ-সমাৰত মহলদাৰসকলে শাক-পাচলি ব্যৱসায়ী তথা তামোল-পাণ ব্যৱসায়ীৰ পৰা কৰ সংগ্ৰহ কৰিব নোৱাৰিব বুলিও কেবিনেটত সিদ্ধান্ত লোৱা হয়। তদুপৰি বিদ্যালয় প্ৰাদেশিকীকৰণ সন্দৰ্ভত পৰ্যালোচনাৰ বাবে মন্ত্ৰীৰ তিনিজনীয়া কমিটী গঠনৰ বাবে অনুমোদন জনাই অসম কেবিনেটে। মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, কেশৱ মহন্ত আৰু জয়ন্ত মল্লবৰুৱাক লৈ তিনিজনীয়া কমিটী গঠন কৰে কেবিনেটে।

এই কমিটীয়ে ২০০৬ চনৰ পূৰ্বে স্থাপন হোৱা বিদ্যালয়সমূহৰ ক্ষেত্ৰত পৰ্যালোচনা কৰি অহা এমাহৰ ভিতৰত কেবিনেটত প্ৰতিবেদন দাখিল কৰিব। ইফালে অংগনবাড়ী কৰ্মী, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনিসকলে বেতন বৃদ্ধিৰ বাবে কৰি অহা দাবীৰ বিবেচনাৰ বাবে ৰাজ্য চৰকাৰৰ তিনিগৰাকী মন্ত্ৰী ক্ৰমে অজন্তা নেওগ, পীযুষ হাজৰিকা আৰু অশোক সিংঘালৰ তিনিজনীয়া এখন কমিটী গঠন কৰি দিছে।

এই কমিটীয়ে বাজেটৰ সময়ত বা পিছত উপযুক্ত সময়ত অংগনবাড়ী কৰ্মী, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনিসকলৰ সহায়ৰ বাবে চৰকাৰে কেনে ব্যৱস্থা ল’ব পাৰে তাৰ এক প্ৰস্তাৱ চৰকাৰৰ ওচৰত দাখিল কৰিব। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আজি নিশা ১২ বজাৰ পূৰ্বে এই বিষয়ত উচ্চ ন্যায়ালয়ৰ ৰায় প্ৰদান নকৰিলে পঞ্চায়ত নিৰ্বাচন পিছুৱাব লাগিব বুলি উল্লেখ কৰে।

আজি নিশা ১২ বজাৰ পূৰ্বে এই বিষয়ত ৰায় লাভ নকৰিলে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পাছতহে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল’ব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কৰিমগঞ্জ জিলাৰ ১৯খন পঞ্চায়তক লৈ এই বিষয়ত সমস্যা হৈ থকাৰ কথা দোহাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নিশা ১২ বজাৰ পূৰ্বে ৰায়দান আহিলে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিয়ে।

Latest News