সুৰাপায়ীলৈ সুখবৰ! নিশা ২ বজালৈ খোলা থাকিব ৱাইন শ্ব’পঃ কেবিনেট বৈঠকত আৰু কি কি….
আজি ডিব্ৰুগড়ত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে সদৰী কৰে। ৰাজ্য চৰকাৰে আজিৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা মহানগৰী গুৱাহাটীত নিশা ২ বজালৈকে খোলা থাকিব ৱাইন শ্ব’প।

আজি ডিব্ৰুগড়ত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে সদৰী কৰে। ৰাজ্য চৰকাৰে আজিৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা মহানগৰী গুৱাহাটীত নিশা ২ বজালৈকে খোলা থাকিব ৱাইন শ্ব’প। অৰ্থাৎ এতিয়াৰ পৰা নিশা ২ বজালৈকে গ্ৰাহকৰ বাবে উপলব্ধ হ’ব সুৰা। গুৱাহাটীৰ বিপৰীতে ৰাজ্যৰ আন প্ৰান্তত নিশা ১২ বজালৈকে ৱাইন শ্ব’প খোলা ৰাখিব পাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে অসম কেবিনেটে।
ৱাইন শ্ব’পৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই সিদ্ধান্তৰ বিপৰীতে গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰত আন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ২৪ ঘণ্টাই খোলা ৰাখিব পাৰিব বুলিও সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। ইফালে ৰাজ্যৰ আন প্ৰান্তৰ গ্ৰামাঞ্চলত নিশা ১১ বজালৈ দোকান-পোহাৰ খোলা ৰাখিব পাৰিব বুলি সংবাদ মেলত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মূলতঃ নিয়োগ সৃষ্টি আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখিয়েই অসম কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সংবাদ মেলত উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সিদ্ধান্ত অনুসৰি এতিয়া ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত নাথাকিব কোনো সাপ্তাহিক বন্ধ। অৱশ্যে ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ বাবে খোলাৰ সময় বৃদ্ধি কৰিলেও শ্ৰমিকক সপ্তাহত ৪৮ ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।
শ্ৰমিকসকলক কষ্ট দি এটা ছিফ্টত ৯ ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব বুলিও লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে দোহাৰে। ইফালে কেবিনেটে নেচনেল হেল্থ মিশ্যন, চমুকৈ NHM কৰ্মী, নাৰ্ছ আদিৰ ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত অনুসৰি অসম চৰকাৰৰ নিয়োগ ব্যৱস্থাত এতিয়াৰ পৰা NHM কৰ্মী, নাৰ্ছ আদিৰ ক্ষেত্ৰত বয়সৰ সীমা নাথাকিব।
আনহাতে প্ৰধান শিক্ষক নিযুক্তি সন্দৰ্ভতো আজিৰ কেবিনেট বৈঠনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্ত অনুসৰি ৰাজ্যৰ যিসমূহ প্ৰাথমিক বিদ্যালয়ত ন্যূনতম ৫০গৰাকী শিক্ষাৰ্থী আছে, সেই বিদ্যালয়সমূহত প্ৰধান শিক্ষক পদ সৃষ্টি কৰা হ’ব। বিদ্যালয়ৰ বিত্তীয় আৰু প্ৰষাসনিক দিশৰ সকলো ক্ষমতা এই প্রধান শিক্ষকসকলৰ হাতত থাকিব বুলি কেবিনেটত সিদ্ধান্ত লোৱা হয়।
ইফালে একত্ৰীকৰণ হোৱাৰ পাছত পৰিত্যক্ত হৈ পৰা বিদ্যালয়সমূহৰ ভূমি তৎকালীনভাৱে শিক্ষা বিভাগৰ পৰা জিলা আয়ুক্তৰ অধীনলৈ যাব বুলি সিদ্ধান্ত লোৱা হৈছে কেবিনেটত। জিলা আয়ুক্তই এতিয়া চৰকাৰী কাম-কাজৰ বাবে এনে বিদ্যালয়সমূহ আবণ্টন কৰিব পাৰিব আৰু অনা-চৰকাৰী কামৰ বাবে জিলা আয়ুক্তই চৰকাৰৰ অনুমোদন লৈ খালী হৈ থকা বিদ্যালয়সমূহ আবণ্টন কৰিব পাৰিব বুলি সংবাদ মেলত জানিবলৈ দিয়ে হিমন্ত বিশ্ব শৰ্মাই।
কেবিনেটে লগতে গোৱালপাৰা অসামৰিক হাস্পতালক ছহিদ নিধানুৰ ৰাম ৰাজবংশীৰ নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকত লগতে ধেমাজি জিলাৰ জোনাইত চিমেন চিচি টাঙনী উন্নয়ন খণ্ড নামেৰে এটা নতুন উন্নয়ন খণ্ডতো অনুমোদন জনোৱা হৈছে। ইফালে চৰাইবাহা আৰু খোৰাইগাঁৱক সংৰক্ষিত বনাঞ্চললৈ উন্নীত কৰাৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
এই বৈঠকত কমতাপুৰ, মৰাণ আৰু মটক স্বায়ত্ব শাসিত পৰিষদৰ তিনিওখন বিল সংশোধনৰ সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ লগতে সংবাদমেলত জানিবলৈ দিয়ে। কেবিনেটে লগতে চাহ বাগিছাৰ পথ উন্নয়নৰ বাবে ২৬২ কোটি টকাৰ বাজেটতো অনুমোদন জনায়। ইফালে দীৰ্ঘদিন ধৰি অৰুণাচল প্ৰদেশত বাস কৰি অহা মৰাণ জনগোষ্ঠীয় লোকৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে।
অৰুণাচল প্ৰদেশ চৰকাৰে মৰাণ জনগোষ্ঠীয় লোকসকলক যেতিয়ালৈকে পি আৰ চি নিদিয়ে তেতিয়ালৈকে অসমৰ পি আৰ চি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। ইয়াৰ জৰিয়তে এতিয়া তেওঁলোকে অসমৰ মৰাণ জনগোষ্ঠীয়ে লাভ কৰা সুবিধাসমূহো লাভ কৰিব। কেবিনেটে লগতে নামৰূপ সাৰ কাৰখানাৰ এটা নতুন ইউনিট স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ধন্যবাদ প্ৰস্তাৱ গ্ৰহণ কৰে।
এই নতুন ইউনিটৰ বাবে কেন্দ্ৰই ৬০ শতাংশ পুঁজি যোগান ধৰিব আৰু অসম চৰকাৰৰ ৪০ শতাংশ অংশীদাৰিত্ব থাকিব। চলিত বৰ্ষৰে ছেপ্টেম্বৰ বা অক্টোবৰ মাহৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নামৰূপ সাৰ কাৰখানাৰ এই নতুন প্ৰকল্পৰ শিলান্যাস কৰিব বুলি আশা প্ৰকাশ কৰে মুখমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।