5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বসুন্ধৰা ৩.০ৰ পৰা নামৰূপ সাৰ কাৰখানালৈ… কেবিনেটৰ সিদ্ধান্তৰ কথা সদৰি কৰি কি কি ক’লে মুখ্যমন্ত্ৰীয়ে?

সংবাদমেলযোগে কেবিনেটৰ সিদ্ধান্তসমূহ সদৰি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মিছন বসুন্ধৰা ৩.০ৰ অধীনত শৈক্ষিক, ধৰ্মীয়, সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছে কেবিনেটত। ইয়াৰ উপৰিও নামৰূপৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডক পুনৰুজ্জীৱিতকৰণ সন্দৰ্ভটো লোৱা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

বসুন্ধৰা ৩.০ৰ পৰা নামৰূপ সাৰ কাৰখানালৈ… কেবিনেটৰ সিদ্ধান্তৰ কথা সদৰি কৰি কি কি ক’লে মুখ্যমন্ত্ৰীয়ে?
কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ
trishna-kalita
Trishna Kalita | Published: 20 Dec 2024 11:36 AM

বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। কেবিনেটত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সংবাদমেল যোগে কেবিনেটৰ সিদ্ধান্তসমূহ সদৰি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মিছন বসুন্ধৰা ৩.০ৰ অধীনত শৈক্ষিক, ধৰ্মীয়, সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছে কেবিনেটত। ইয়াৰ উপৰিও নামৰূপৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডক পুনৰুজ্জীৱিতকৰণ সন্দৰ্ভটো লোৱা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

মিছন বসুন্ধৰা ৩.০ৰ অধীনত শৈক্ষিক, ধৰ্মীয়, সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ বাবে বিশেষ ব্যৱস্থা

  • কেবিনেটে শৈক্ষিক, ধর্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ দ্বাৰা পঞ্জীয়নৰ প্রমাণপত্র, চুক্তিপত্ৰ আদিৰ দৰে প্রমাণ বাধ্যতামূলকভাবে জমা নকৰাকৈ মিছন বসুন্ধৰা ৩.০ৰ অধীনত ভূমি আবণ্টন বা নিষ্পত্তিৰ আবেদন দাখিল কৰিবলৈ অনুমোদন জনাইছে।
  •  অৱশ্যে, এনে অ-ব্যক্তিগত ন্যায়িক অনুষ্ঠান/প্রতিষ্ঠানসমূহে আবেদন কৰা ভূমিৰ আবণ্টন বা নিষ্পত্তিৰ প্রস্তাব পোৱাৰ আগতে অ-ব্যক্তিগত ন্যায়িক অনুষ্ঠান/প্রতিষ্ঠান হিচাপে পঞ্জীয়নৰ প্ৰমাণ দাখিল কৰিব লাগিব।

নামৰূপৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডক পুনৰুজ্জীৱিতকৰণ

নিগম লিমিটেড গেছ-আধাৰিত ইউৰিয়া উৎপাদনত নিয়োজিত হৈ আছে। পৰিৱৰ্তনশীল সময়ৰ সৈতে বৰ্তমানৰ প্রয়োজনীয়তা পূৰণ কৰিবলৈ ইয়াৰ কার্যকলাপ আৰু উৎপাদন বৃদ্ধি কৰা প্রয়োজন।
ইয়াৰ কাৰ্যকলাপ পুনৰুজ্জীবিত কৰিবলৈ কেবিনেটে নামৰূপ-৪ গোট নির্মাণৰ বাবে যৌথ পদক্ষেপত ১,২৭২ কোটি মূল্যৰ ৪০% ইকুইটী বিনিয়োগৰ অনুমোদন জনাইছে।

ৰাজ্যৰ শক্তি আগবঢ়োৱা কোম্পানীত বৰ্ধিত অংশীদাৰিত্ব

  • কেবিনেটে ইণ্ডিয়ান গভর্নমেন্ট একাউন্টিং ষ্টেণ্ডার্ড-৪ৰ ব্যৱস্থা অনুসৰি এ পি ডি চি এল, এই জি চি এল আৰু এ পি জি চি এললৈ অসম চৰকাৰৰ ঋণ আৰু অনুদান ইকুইটালৈ ৰূপান্তৰ কৰিবলৈ অনুমোদন জনাইছে
  • নিম্নলিখিত ধৰণে ইকুইটা হিচাপে ৰূপান্তৰ কৰিবলগীয়া বকেয়া অনুদান-ঋণৰ পৰিমাণ
  1. এপিডিডিএল-৩৯৭.৩৯ কোটি টকা
  2. এপিজি চিএল-৫২০.৩৮ কোটি টকা
  3.  এই জি ডি এল -১৯.৮৯ কোটি টকা

সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ গাঁৱৰ সংশোধনী

কেবিনেটে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ গাঁওসমূহৰ অধিসূচিত তালিকাৰ কিছু অধিসূচিত গাঁৱত ‘সোণোৱাল অংশ’ অন্তর্ভুক্ত কৰাৰ বাবে সংশোধনৰ অনুমোদন জনাইছে।

উত্তৰ গুৱাহাটীত ন্যায়িক টাউনশ্বিপ

উত্তৰ গুৱাহাটীৰ ৰংমহলত এখন অত্যাধুনিক ন্যায়িক টাউনশ্বিপ নিৰ্মাণৰ সুবিধাৰ হেতু কেবিনেটে পট্টা ভূমি অধিগ্রহণৰ বাবে অনা-প্রশাসনিক অনুমোদন হিচাপে বিত্তীয় অনুমোদন জনাইছে। এই টাউনশিপে সর্বাংগীণ ন্যায়িক আন্তঃগাঁথনি, আবাসিক ব্যবস্থা, অত্যাবশ্যকীয় সা-সুবিধা, সুৰক্ষা ব্যৱস্থা ইত্যাদি সুনিশ্চিত কৰিব।

গ্রাম্য যাতায়াত ব্যবস্থা উন্নীতকৰণ

ৰাজ্যৰ ৬খন জিলাত গ্রাম্য যাতায়াত ব্যবস্থা উন্নীতকৰণৰ বাবে কেবিনেটে নাবার্ডৰ RIDF-XXX ৰ অধীনত ১৪টা গ্রাম্য পথ প্রকল্প নির্মাণত অনুমোদন জনাইছে। প্রকল্পৰ মুঠ ব্যয় হৈছে ৮১ কোটি টকা

ইয়াৰ উপৰিও সংবাদমেলত কংগ্ৰেছৰ প্ৰতিবাদ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, “ৰাজভৱনৰ সন্মুখত কোনো প্ৰতিবাদ কৰিব নোৱাৰিব। অনুমতি নোলোৱালৈ প্ৰতিবাদ কৰিছিল কংগ্ৰেছে। বেৰিকেড ভঙা লোকৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা। কংগ্ৰেছৰ দুই নেতাৰ মাজত অঘোষিত প্ৰতিযোগিতা হৈছে। এই প্ৰতিযোগিতাৰ কু-ফল ভুগিছে সাধাৰণ জনতাই।”

ৰাহুল গান্ধীৰ বিৰুদ্ধে নাগালেণ্ডৰ ৰাজ্যসভাৰ সাংসদ এছ. ফাংনান কন্যাকে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “এই সন্দৰ্ভত মই ৰাহুল গান্ধীক নিবেদন কৰিছোঁ যে, আপুনি নাগালেণ্ডৰ মহিলা সাংসদৰ ওপৰত যি কৰিছে তাৰ বাবে উত্তৰ পূৱৰ জনতা যথেষ্ঠ ক্ষোভিত হৈছে আৰু আঘাত পাইছে। আপুনি অতি শীঘ্ৰে ক্ষমা খোজক, কাৰণ আপুনি আমাৰ মহিলাৰ ওপৰত যি ব্যৱহাৰ কৰিলে তাৰ বাবে আমাৰ লোকসকলে যথেষ্ট মনত কষ্ট পাইছে আৰু এই কথা কেতিয়াও স্বীকাৰ কৰিব নোৱাৰো। মই আপোনাক অনুৰোধ জনাইছোঁ ক্ষমা খুজিবলৈ, যদি আপুনি মোৰ অনুৰোধত ক্ষমা নোখোজে তেন্তে আমি আমাৰ কৌশলেৰে আপোনাক হেঁচা প্ৰয়োগ কৰিম।”

Latest News