5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অনলাইন ট্রেডিঙৰ ৩২টা গোচৰৰ তদন্ত কৰিব CBIয়ে: কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত

এই সন্দৰ্ভত সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, "ট্ৰেডিং প্ৰবঞ্চনাৰ ৩২টা গোচৰ ৰুজু হৈছে। আটাইকেইটা গোচৰৰ তদন্তৰ দায়িত্ব CBIক দিয়া হ’ব। দিল্লী ভ্ৰমণৰ সময়ত গৃহমন্ত্ৰীৰ সৈতে আলোচনা কৰিছিলো। তেওঁ এই গোচৰ CBIক দিয়াত সন্মতি প্ৰকাশ কৰিছিল।"

অনলাইন ট্রেডিঙৰ ৩২টা গোচৰৰ তদন্ত কৰিব CBIয়ে: কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Follow Us
trishna-kalita
Trishna Kalita | Published: 13 Sep 2024 20:16 PM

ৰাজ্যজুৰি জোকাৰণি তোলা অনলাইন ট্রেডিঙক লৈ কেবিনেটত লোৱা হৈছে ডাঙৰ সিদ্ধান্ত। ৩২ টা গোচৰ হস্তান্তৰ কৰা হৈছে CBIলৈ । এমাহৰ ভিতৰত CBIলৈ হস্তান্তৰ হ’ব গোচৰ। CBIক হস্তন্তৰ নকৰা পর্যন্ত অসম আৰক্ষীয়ে অব্যাহত ৰাখিব তদন্ত। এই সন্দৰ্ভত CBIৰ সৈতে কথা পাতিছে ৰাজ্যৰ মুখ্য সচিবে। কেবিনেটৰ সিদ্ধান্তৰ কথা সংবাদমেলযোগে ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

শুকুৰবাৰে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে কৰে এই বৃহৎ ঘোষণা। অনলাইন ট্ৰেডিং কেলেংকাৰিৰ ৩২টা গোচৰৰ তদন্ত কৰিব চিবিআইএ। এই সন্দৰ্ভত সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, “ট্ৰেডিং প্ৰবঞ্চনাৰ ৩২টা গোচৰ ৰুজু হৈছে। আটাইকেইটা গোচৰৰ তদন্তৰ দায়িত্ব CBIক দিয়া হ’ব। দিল্লী ভ্ৰমণৰ সময়ত গৃহমন্ত্ৰীৰ সৈতে আলোচনা কৰিছিলো। তেওঁ এই গোচৰ CBIক দিয়াত সন্মতি প্ৰকাশ কৰিছিল।”

মুখ্যমন্ত্ৰীয়ে কয়, “গোচৰ হস্তান্তৰ কৰিবলৈ প্ৰায় এমাহ সময় লাগিব। ইয়াৰ বহুতো প্ৰক্ৰিয়া আছে। আজিৰ কেবিনেটে আটাইকেইটা গোচৰৰ তদন্তৰ দায়িত্ব CBIক দিয়াৰ সিন্ধান্ত লৈছে। CBIয়ে নোলোৱালৈকে অসম আৰক্ষীয়ে চাই থাকিব। কিন্তু বিতং অনুসন্ধান CBIয়ে কৰিব।আমি আশা কৰিম যিমান সোনকালে পাৰি CBIয়ে ল’ব পাৰে।”

তেওঁ আকৌ কয়, “ৰাজ্যৰ মুখ্য সচিবেও CBIৰ সৈতে কথা পাতিছে । CBIয়ে গোচৰটো ল’বলৈ সন্মতি জনাইছে। আৰু যদি ভৱিয্যতে এনে গোচৰ আহে বা যিবোৰ ট্রেডিং এপ, ট্রেডিং ব্যৱসায়ী আমাৰ চকুত পৰা নাই, কিন্তু গাঁওৰ মাজত কৰি আছে যদি তেওঁলোকৰ তথ্য আমাৰ ওচৰলৈ আহে এই ৩২টা গোচৰৰ লগত সেইবোৰকো সংযোজিত কৰি দিম যাতে এটা নিৰপেক্ষ তদন্ত হ’ব পাৰে।”

উল্লেখ্য যে, ট্ৰেডিং কেলেংকাৰিৰ তদন্তৰ বাবে অসম আৰক্ষীয়ে গঠন কৰিছিল বিশেষ তদন্তকাৰী গোট। CBI-এ আগবঢ়াই নিয়া এই গোচৰৰ তদন্ত প্ৰক্ৰিয়াত জালত পৰিছে ইজনৰ পাছত সিজন অভিযুক্ত।

ইয়াৰ উপৰিও নতুন ৰেচন কাৰ্ডক লৈ  কেবিনেটত লোৱা সিদ্ধান্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “অহা ১৯ তাৰিখৰ পৰা ১৭ লাখ লোকক নতুন ৰেচন কাৰ্ড প্ৰদান কৰা হ’ব। অৰুণোদয় ৩.০ আঁচনি মুকলি কৰা হ’ব ১৯ ছেপ্টেম্বৰত। ১২ লাখ ৬০ হাজাৰ লোকক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ’ব। ১০ জানুৱাৰীত প্ৰথম কৃষ্টিৰ ধন লাভ কৰিব নতুন হিতাধিকাৰীয়ে। সকলো সমষ্টিতে অনুষ্ঠিত হ’ব ইয়াৰ অনুষ্ঠান।” বিৰোধী বিধায়ক আৰু সাংসদসককো এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে।

লগতে শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৪৬৭৯জন শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা হ’ব। ১০ দিনৰ ভিতৰত বিজ্ঞাপন প্ৰকাশ কৰিব ৰাজ্য চৰকাৰে।”

Latest News