কৰিমগঞ্জৰ নতুন নাম ‘শ্ৰীভূমি’ দিয়াৰ কাৰণ কি? কেতিয়া অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন ? কেবিনেটৰ সিদ্ধান্তৰ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে…
ৰাজ্যিক কেবিনেটে কৰিমগঞ্জ জিলাৰ নাম সলনি কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে । আজিৰ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰি কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ অৱগত কৰে । কৰিমগঞ্জ জিলাৰ নাম সলনি কৰাৰ লগতে পঞ্চয়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
আজি ৰাজ্যিক কেবিনেট কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । বিশেষকৈ ৰাজ্যিক কেবিনেটে কৰিমগঞ্জ জিলাৰ নাম সলনি কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে । আজিৰ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰি কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ অৱগত কৰে । কৰিমগঞ্জ জিলাৰ নাম সলনি কৰাৰ লগতে পঞ্চয়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি শ্ৰীভূমি নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে । কৰিমগঞ্জ জিলাৰ নাম সলনি কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, বহু চহৰ-গাঁও বা জিলাৰ বৰ্তমানৰ নামবোৰে সেই অঞ্চলটোৰ ঐতিহ্যক প্ৰতিফলিত নকৰে । সেইবাবে অসমৰ বহু গাঁও-চহৰৰ নাম সলনি কৰা হৈছিল । যেনে-কালাপাহাৰৰ নাম সলনি কৰা হৈছিল । সেই একেদৰে কৰিমগঞ্জ জিলাৰ নাম শ্ৰীভূমি জিলাৰ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ।
কিয় সলনি কৰা হ’ল কৰিমগঞ্জৰ নাম ?
মুখ্যমন্ত্ৰী শৰ্মাই সদৰী কৰে যে, কৰিমগঞ্জ জিলাৰ কোনো আভিধানিক অৰ্থ নাই । অসমীয়া অভিধানৰ লগতে বাংলা অভিধানত কৰিমগঞ্জ শব্দটো উল্লেখ নাই । গাঁও বা জিলাসমূহ নাম বিলাক আভিধানিক হওক । গতিকে কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি শ্ৰীভূমি কৰা হৈছে বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী শৰ্মাই ।
তেওঁ কয় যে, ১৯১৯ চনত প্ৰখ্যাত কবি ৰবীন্দ্ৰনাথ ঠাকুৰে চিলেট ভ্ৰমণৰ সময়ত এই অঞ্চলটোক “সুন্দৰী শ্ৰীভূমি” বুলি উল্লেখ কৰিছিল । তেওঁ লগতে কয় যে, শ্ৰীভূমি শব্দটোৱে অসমীয়া আৰু বাংলা উভয় অভিধানতে তাৎপৰ্য বহন কৰিছে । সেই অনুসৰি কৰিমগঞ্জ জিলাৰ নাম শ্ৰীভূমি নামেৰে নামাকৰণ কৰা হৈছে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই । লগতে যিসমূহ গাঁও বা চহৰৰ নাম আভিধানিক নহয় সেই নামসমূহো সলনি কৰা হ’ব বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
কেতিয়া অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন ?
পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰে যে, পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা ৩০ ডিচেম্বৰৰ ভিতৰত প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে । মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিছে যে, ৩০ ডিচেম্বৰৰ ভিতৰত ভোটাৰ তালিকা প্ৰকাশ কৰিব পাৰিলে অহা বছৰ ১০ ফেব্ৰুৱাৰী ভিতৰত পঞ্চায়ত নিৰ্বাচন সমাপ্ত কৰিব পৰা যাব ।
মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰা অনুসৰি, অহা বছৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ব । দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন ।
দ্বিতীয় আচাম ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাচট্ৰাক্সাৰ চামিত
অহা বছৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে দ্বিতীয় আচাম ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাচট্ৰাক্সাৰ চামিত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত দ্বিতীয় আচাম ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাচট্ৰাক্সাৰ চামিত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ইয়াত ইনভেষ্টমেণ্টৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে নতুন আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ ওপৰতো গুৰুত্ব দিয়া হ’ব। তেওঁ কয় যে, প্ৰথম চামিতত কেৱল ইনভেষ্টমেণ্টৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ।