হ্ৰাস পালে পঞ্চায়তৰ সংখ্যা, মিছন বসুন্ধৰা ৩.০ মুকলি…জানক ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহ…
মঙলবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত পঞ্চায়ত এলেকাৰ সীমা নিৰ্ধাৰণত অনুমোদন জনোৱাৰ লগতে গ্ৰাম্য পথ আৰু বিদ্যালয় নিৰ্মাণৰ বাবে ১৪০০ কোটিৰো অধিক ধন আবণ্টন দিয়া সিদ্ধান্ত গ্ৰহণ কৰা হয় । লগতে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে ৰাজ্যিক কেবিনেটে ।
অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে ৰাজ্যিক কেবিনেটে । ইয়াৰ লগতে মঙলবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত পঞ্চায়ত এলেকাৰ সীমা নিৰ্ধাৰণত অনুমোদন জনোৱাৰ লগতে গ্ৰাম্য পথ আৰু বিদ্যালয় নিৰ্মাণৰ বাবে ১৪০০ কোটিৰো অধিক ধন আবণ্টন দিয়া সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা প্ৰকাশ কৰি কেবিনেটে অসম চৰকাৰৰ হৈ এক প্ৰস্তাৱ গ্ৰহণ কৰে । লগতে তেওঁ কয় যে, ধ্ৰুপদী ভাষাৰ তালিকাত অসমীয়া ভাষাৰ অন্তৰ্ভুক্তিয়ে প্ৰাচীন গ্ৰন্থসমূহৰ সংৰক্ষণ, নথিপত্ৰ আৰু ডিজিটেলাইজেচনত সহায়ক হ’ব আৰু স্থানীয় পণ্ডিতসকলৰ বাবে সাধাৰণ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব বুলিও কয় মুখ্যমন্ত্ৰী শৰ্মাই ।
In today’s #AssamCabinet meeting, we resolved to thank Hon’ble PM Shri @narendramodi ji for granting Classical Language status to Assamese
We also resolved to
✅️Launch Mission Basundhara 3.0
✅️Approve delimitation of AP/GP/ZP
✅️Approve ₹1417cr for rural roads and schools pic.twitter.com/efAIpUtoHs— Himanta Biswa Sarma (@himantabiswa) October 8, 2024
পঞ্চায়ত আৰু জিলা পৰিষদৰ সীমা নিৰ্ধাৰণ
মঙলবাৰে ৰাজ্যিক কেবিনেটে লোৱা সিদ্ধান্তৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ আৰু উন্নয়ন খণ্ডৰ পুনৰ্গঠনৰ প্ৰস্তাৱ সন্দৰ্ভত জিলা পৰিসীমা আয়োগৰ পৰামৰ্শসমূহত অনুমোদন জনাইছে। এই সীমা নিৰ্ধাৰণে ৰাজ্যৰ ষষ্ঠ অনুসূচীৰ অঞ্চলৰ বাহিৰে সকলো জিলাকে সামৰি ল’ব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ।
উল্লেখ্য যে, ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি, অসমৰ গাঁও পঞ্চাতৰ সংখ্যা ২১৯৭ খনৰ পৰা ২১৯৩খন গাঁও পঞ্চায়তলৈ হ্ৰাস কৰা হৈছে । ৰাজ্যৰ ২১৯টা উন্নয়ন খণ্ডৰ ভিতৰত ১৮১টা সাধাৰণ এলেকাৰ অধীনত আৰু ৩৮টা ষষ্ঠ অনুসূচিত এলেকাৰ অন্তৰ্গত হ’ব । পুনৰ সংগঠিত হোৱাৰ পাছতো মুঠ ব্লকৰ সংখ্যা একেই থাকিব জানিবলৈ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । একেদৰে মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে, বৰ্তমানৰ ৪২০টাৰ পৰিৱৰ্তে মুঠ জিলা পৰিষদ সমষ্টিৰ সংখ্যা ৩৯৭টা কৰা হ’ব ।
মিছন বসুন্ধৰা ৩.০ মুকলি
ইফালে অহা ১৯ অক্টোবৰত মিছন বসুন্ধৰা ৩.০ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে । মুখ্যমন্ত্ৰীয়ে কয় যে, চৰকাৰী ভূমি “ৰাজহুৱা প্ৰকৃতিৰ বেচৰকাৰী প্ৰতিষ্ঠান”ক তিনিটা ভাগত আবণ্টন দিয়া হ’ব – শৈক্ষিক, ধৰ্মীয় আৰু সামাজিক-সাংস্কৃতিক প্ৰতিষ্ঠান। যোগ্যতা অৰ্জন কৰিবলৈ হ’লে ২০২১ চনৰ ১ অক্টোবৰলৈকে গ্ৰাম্য অঞ্চলত তিনি বছৰ বা তাতকৈ অধিক সময় আৰু চহৰ অঞ্চলত দহ বছৰ বা তাতকৈ অধিক সময়ৰ বাবে এই প্ৰতিষ্ঠানসমূহৰ দখল থাকিব লাগিব।
চাহ ম্যাদী হৈ থকা মাটিত পট্টা, ভূ-দান আৰু গ্ৰাম-দান মাটিৰ ক্ষেত্ৰত পট্টা, মাটিৰ শ্ৰেণী পৰিৱৰ্তন, এটা ক্লাছৰ ভূমি যিকোনো ক্লাছলৈ নিয়াৰ ক্ষেত্ৰত শিথিলতা আৰু একচনীয়া মাটিৰ ম্যাদী পট্টা দিয়া ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই । ইফালে, কেবিনেট সিদ্ধান্ত লৈছে যে, গাঁৱত প্ৰতি বিঘা ভূমিত ৪৫০ টকা আৰু চহৰত ভূমিৰ মূল্যৰ এক শতাংশ প্ৰিমিয়াম দি ম্যাদী পট্টা কৰিব পাৰিব ।
ক্ষুদ্ৰ চাহ খেতিয়কক ৭৫ বিঘালৈ মাটি এহাজাৰ টকাকৈ প্ৰিমিয়াম দি চমজাই দিয়াৰ ব্যৱস্থা বাহাল থাকিব । আনহাতে ৰবৰ আৰু কফিৰ খেতি কৰাসকলে বিঘাই প্ৰতি ৫ হাজাৰ টকাৰ প্ৰিমিয়াম দি মাটিৰ স্বত্ব ল’ব পাৰিব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী শৰ্মাই ।
গ্ৰাম্য পথ নিৰ্মাণ আৰু বিদ্যালয় নিৰ্মাণ
ইফালে ৰাজ্য়িক কেবিনেটে ১০৮টা গ্ৰাম্য পথৰ উন্নতি আৰু শক্তিশালীকৰণ আৰু ১২৬খন মাধ্যমিক বিদ্যালয় নিৰ্মাণ, ২৬খন জিলাৰ গ্ৰাম্য সংযোগৰ উন্নতি আৰু ৩৫খন জিলাৰ মাধ্যমিক বিদ্যালয়ৰ উন্নয়নৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই প্ৰকল্পসমূহ নাবাৰ্ডৰ আৰআইডিএফ-এক্সএক্সএক্স আঁচনিৰ অধীনত ১,৪১৭.২৯ কোটি টকা ব্যয়েৰে সম্পন্ন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ।